ETV Bharat / state

চৰকাৰী চিকিৎসকৰ পদত্যাগ : চৰকাৰৰ বিৰুদ্ধে সৰৱ আপ অসম - AAP Assam

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:26 PM IST

Doctors Mass Resignation : চিকিৎসকৰ পদত্যাগ স্বাস্থ্যখণ্ডৰ বাবে অশনি সংকেত বুলি মন্তব্য আপ অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ । সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাহীনতাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ ৷

DOCTORS MASS RESIGNATION ASSAM
চৰকাৰৰ বিৰুদ্ধে সৰৱ আপ অসম (ETV Bharat Assam)

গুৱাহাটী, 17 জুলাই : " অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা 64 গৰাকী চিকিৎসকৰ পদত্যাগে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ব্যৱস্থাপনাহীনতাক উদঙাই দিছে ৷ 2021 চনৰ পৰা 2023 চনৰ ভিতৰত ৰাজ্যখনৰ বিভিন্ন মেডিকেল কলেজৰ 64 গৰাকী চিকিৎসকৰ পদত্যাগ স্বাস্থ্যখণ্ডৰ বাবে এক অশনি সংকেত স্বৰূপ ৷" এই মন্তব্য আপ অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰীৰ ৷ গণেশগুৰিস্থিত আপ অসমৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাহীনতাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ ৷

আপ অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল (ETV Bharat Assam)

ডাঃ ভৱেন চৌধুৰীয়ে কয়,"স্বাস্থ্য বিভাগৰ প্ৰকাশিত তথ্য অনুসৰিয়েই পাঁচ বছৰত মুঠ 174 গৰাকী চিকিৎসকে চাকৰি এৰিছে ৷ বৰ্তমান খালী হৈ আছে 7 শতাধিক চিকিৎসকৰ পদ ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে স্বাস্থ্য মন্ত্ৰী হিচাপেও দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল ৷ কিন্তু ৰাজ্যখনৰ চৰকাৰী হাস্পতাল অথবা মেডিকেল কলেজৰ চিকিৎসক সকলৰ কোনো সমস্যা তেওঁ সমাধান কৰিব পৰা নাই ৷ এয়া তাৰেই প্ৰতিফলন ৷"

লগতে তেওঁ কয়, "মই নিজেই চৰকাৰী চিকিৎসা বিষয়া আছিলোঁ, কিন্তু মোৰ বাহিৰে এজন চকীদাৰ আছিল হাস্পতালত ৷ ৰাজনৈতিক নেতাৰ প্ৰেচাৰৰ কাৰণেই আজি এনে হৈছে ৷ চিকিৎসালয় চলাবলৈ যি নীতিৰ প্ৰয়োজন সেয়া ৰাজ্যত নাই ৷" লগতে চিকিৎসক সকলৰ সমস্যা সমাধানৰ লগতে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয় তথা মেডিকেল কলেজ হাস্পতালৰ প্ৰয়োজনীয় নিযুক্তিৰ ব্যৱস্থা অবিলম্বে সম্পন্ন কৰিবলৈ চৰকাৰক দাবী জনায় আপ অসমৰ সভাপতিগৰাকীয়ে ৷

এই সংবাদমেলতে আপৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰে ৰাজ্যৰ সুলভ মূল্যৰ দোকানী সকলে প্ৰাপ্য আদায়ৰ দাবীত কৰা আন্দোলনৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ দীৰ্ঘদিনৰ পৰা অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ সুলভ মূল্যৰ দোকানী সকলে তেওঁলোকৰ পাবলগীয়া কমিছনৰ পৰা বঞ্চিত হৈ আছে ৷ চৰকাৰে তেওঁলোকৰ প্ৰাপ্য শীঘ্ৰে আদায় দিবলৈ আহ্বান জনাই বৰঠাকুৰে ৷

লগতে পঢ়ক : পাঁচ বছৰত চাকৰি এৰিলে ১৭৪ গৰাকী চিকিৎসকে: খালী ৭০০ৰো অধিক চিকিৎসকৰ পদ - Assam Govt Doctors

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.