ETV Bharat / state

উপ-নিৰ্বাচন নহয়, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰতহে ব্যস্ত অখিল গগৈ

ধেমাজিৰ চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ বিশাল ৰাজহুৱা সভা । বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা অখিল গগৈৰ ।

Akhil Gogoi
উপ-নিৰ্বাচন নহয়, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত হে ব্যস্ত অখিল গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 11:55 AM IST

ধেমাজি : অসমৰ উপ-নিৰ্বাচনক লৈ সকলো দল ব্যস্ত থকাৰ মাজতে অখিল গগৈ আকৌ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে । দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কগৰাকী । তাৰ অংশস্বৰূপে ধেমাজিৰ নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ অখিল গগৈৰ ।

লালুং তিনিআলিত ৰাইজৰ দলৰ চিচিবৰগঁও বিধানসভা সমষ্টি সমিতিৰ আহ্বানমৰ্মে অনুষ্ঠিত সভাত শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ।

উপ-নিৰ্বাচন নহয়, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত হে ব্যস্ত অখিল গগৈ (ETV Bharat)

চামগুৰিৰ হিংসাক লৈ প্ৰতিক্ৰিয়া

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত চামগুৰি সমষ্টিত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, "নিৰ্বাচন আয়োগ এতিয়া বিজেপি চৰকাৰৰ হাতৰ পুতলা ৷ চামগুৰিৰ ঘটনাই এইবাৰ জলজল-পটপটকৈ প্ৰমাণ কৰিলে ৷ চামগুৰিত গোটেই বিজেপিয়ে হিংসাত্মক কাৰ্যকলাপ কৰিছে ৷’’

‘‘বালিলৈ যিপাট সুগ্ৰিবলৈও সেই একেপাট ৷ যোৱা ২৫ বছৰ ধৰি ৰকিবুল হুছেইনে এনেকুৱা কৰি আছিল ৷ তেওঁ চামগুৰিত কোনো লোকক প্ৰচাৰ চলাবলৈ যাবলৈ দিয়া নাছিল ৷ সেই একেটা কাম এইবাৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে কৰি আছে ৷’’ গগৈয়ে কয় ৷

‘‘এইবাৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে গুলী-বাৰুদেৰে অৰাজকতা সৃষ্টি কৰিছে ৷ মই উপ-নিৰ্বাচনৰ হিংসাত্মক কাৰ্য বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছো । নহ'লে চামগুৰিত উপ নিৰ্বাচন স্থগিত ৰাখিবলৈ দাবী জনাইছো । লগতে এই হিংসাত্মক কাৰ্যত জড়িত বিজেপিৰ নেতা-পালিনেতা বিলাকক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছো ৷" গগৈয়ে কয় ৷

বিধানসভা নিৰ্বাচন ২০২৬ৰ ৰণনীতি

ইফালে সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "২০২৬ৰ বিধানসভা নিৰ্বাচনত যদি আমি ২০ খন আসন ল'ব পাৰো তেন্তে চৰকাৰ আমাৰ ওপৰত নিৰ্ভৰশীল হ'ব ৷ ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে ৷ স্বাভিমানী অসমীয়াক দিল্লীৰ ওচৰত বন্ধকত থ’ব নোৱাৰে ৷ এইবাৰ আমাক কোনেও ললীপপ দি নচুৱাব নোৱাৰে ৷ আঞ্চলিক দলৰ মতে এইবাৰ ৰাজনৈতিক দলবোৰে উঠা বহা কৰিব লাগিব নহ'লে এইবাৰ চৰকাৰ ভাঙি দিয়া হ'ব ৷"

নিৰ্বাচনী প্ৰতিশ্ৰুতি

ইফালে হাতত মাইক লৈ মঞ্চৰ পৰা নামি ৰাইজৰ মাজত অখিল গগৈয়ে দি গ'ল নিৰ্বাচনী প্ৰতিশ্ৰুতি । অখিল গগৈয়ে কয়, "স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো অসমীয়া জাতি অন্ধবিশ্বাসৰ বলি হৈ ভেকুলী বিয়াপতা জাতি হৈ থাকিল ।"

কেৱল শাসকীয় বিজেপি আৰু অগপই নহয় বিৰোধী দল কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে অখিল গগৈৰ । তেওঁ কয় যে বিভিন্ন দলক ভোট দিয়াৰ পিছতো কোনো এটা দলে চৰকাৰ গঠন কৰি স্বাধীনতা ৭৫ বছৰৰ পাছতো অসমৰ পথাৰত এতিয়ালৈকে এক টোপোল পানী যোগান ধৰিব পৰা নাই ৷

ৰাইজৰ দলক ভোট দিবলৈ আহ্বান জনাই তেওঁ কয়, "যদি ৰাইজৰ দলক ভোট দিয়ে ৫ বছৰৰ ভিতৰত অসমৰ প্ৰতিডৰা পথাৰত পানী যোগান ধৰি অসমক ১২ মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম । ৰাইজে পানীৰ বিনিময়ত এটকাও দিব নালাগে । অসমৰ সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে খেতি কৰিব লাগিব । খেতি নকৰাসকলৰ ওপৰত দুগুণ কৰ জাপি দিয়া হ'ব । যদি পানী যোগান ধৰিব নোৱাৰো ৰাজনীতিয়ে নকৰো ।"

বিভিন্ন আঁচনিৰ বিফলতাৰ কথা উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীক পৃথিৱীৰ আটাইতকৈ মিছ্লীয়া আখ্যা দিয়ে অখিল গগৈয়ে । ইফালে ৰাইজৰ দলক ভোট দিলে চিচিবৰগাঁৱৰ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

ভাষণ প্ৰসংগত তেওঁ বিভিন্ন দলক সমালোচনা কৰি কয়, "কংগ্ৰেছে মোক ২০ বাৰ জেইল দিছে, বিজেপিয়ে ১৬ বাৰ মুঠ ৩৬ বাৰ । তথাপিও এতিয়ালৈ তেওঁলোকে মোক এডালো নোম লৰাব পৰা নাই । মোক হিলাব পৰা নাই । কাৰণ মই আটাইতকৈ যুঁজাৰু আৰু সাহসী অসমীয়া মানুহ ।"

লগতে পঢ়ক :চামগুৰি উপ-নিৰ্বাচনৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.