ETV Bharat / state

অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ৰাহুল গান্ধী থাকিব বৰদোৱাত

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 3:53 PM IST

Rahul Gandhi to visit Bardowa : ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব ৷ উক্ত দিনা ৰাহুল গান্ধী থাকিব শংকৰদেৱৰ জন্মভূমি বৰদোৱাত ৷ এই কথা সংবাদমেল যোগে সদৰী কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে ৷

Rahul Gandhi to visit Bardowa
২২ জানুৱাৰীত ৰাহুল গান্ধী থাকিব বৰদোৱাত

২২ জানুৱাৰীত ৰাহুল গান্ধী থাকিব বৰদোৱাত

গুৱাহাটী, ২০ জানুৱাৰী : ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰখা ৰাহুল গান্ধীয়ে শংকৰদেৱৰ জন্মভূমি বৰদোৱা সত্ৰত থাকিব । লালুকত শনিবাৰে অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে জনায় যে অহা ২২ জানুৱাৰীত ৰাহুল গান্ধীয়ে পুৱা বৰদোৱা সত্ৰত শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে উপস্থিত হ'ব ।

উল্লেখ্য যে, অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰখা ৰাহুল গান্ধীয়ে অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ক'ত থাকিব তাকে লৈ ব্যাপক চৰ্চা হৈ আছিল । সংবাদমেলত জয়ৰাম ৰমেশে কয় যে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাক যথেষ্ট বাধা দিয়া‌ হৈছে । এই যাত্ৰাক ব্যৰ্থ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমতি সাপেক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব শৰ্মাই যাত্ৰাক বাধা দিয়াৰ চেষ্টা কৰি আছে ।

তেওঁ আৰু কয়, ‘‘এই যাত্ৰাক বিফল কৰাৰ বাবে যিবোৰ কাম চলি আছে সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱদান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা সফল হোৱাটো নিবিচাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাক সাম্প্ৰদায়িক ৰং দিয়া’’ ।

লগতে তেওঁ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা কোন ?‌ তেওঁ পুতলাহে মাত্ৰ । যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুটকৌশলক কাৰ্যকৰী আছে । হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিয়াৰ বাবে বিভিন্ন অসুবিধাৰ সৃষ্টি কৰি আছে’’ । ৰমেশে কয়, ‘‘যাত্ৰা ২৩ জানুৱাৰীত গুৱাহাটীত হ'ব । অসমত যাত্ৰা ২৫ জানুৱাৰীলৈ হ'ব । তাৰ পিচত ২৬ আৰু ২৭ জানুৱাৰীত যাত্ৰাই বিশ্ৰাম কৰিব । ২৮ জানুৱাৰীত যাত্ৰা পশ্চিম বংগত প্ৰৱেশ কৰিব’’ ।

এই সংবাদমেলতে ভূপেন বৰাই কয় যে গুৱাহাটীত যাত্ৰা কৰাৰ বাবে দহদিন পূৰ্বে চৰকাৰৰ অনুমতি বিচৰা হৈছিল যদিও এতিয়াও কোনো উত্তৰ দিয়া নাই । তেওঁ কয়, ‘‘ৰাহুল গান্ধীয়ে গুৱাহাটীত যোৱা কিছুদিন আগতে বিজেপিৰ সভাপতি জে পি নড্ডাই ৰোড শ্ব’ উলিওৱা পথেৰে যাব বিচাৰিছে । আকৌ গুৱাহাটী প্ৰেছ ক্লাবৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ৰাহুল গান্ধী গুৱাহাটী প্ৰেছ ক্লাবত যাব’’ ।

বৰাই জনায়, ‘‘মাজুলী আৰু লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সকলো বেনাৰ পোষ্টাৰ বিজেপিৰ মানুহে চিঙিছে-ভাঙিছে । এইক্ষেত্ৰত কংগ্ৰেছৰ তৰফৰ পৰা দুখন এজাহাৰো দিয়া হৈছে’’ ।

উক্ত সংবাদমেলতে সাংসদ গৌৰৱ গগৈয়ে কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাক মুখ্যমন্ত্ৰীয়ে যিধৰণে বাধা দিয়াৰ চেষ্টা কৰি আছে, তাৰ পৰা মুখ্যমন্ত্ৰীৰ সৰু মানসিকতা উন্মোচিত হৈছে ।

লগতে পঢ়ক : নিৰাপত্তাৰ দোহাই দি লখিমপুৰত পদযাত্ৰা নকৰিলে ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.