ETV Bharat / state

শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী - RAAS IN ASSAM

শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ । সত্ৰনগৰীৰ সমান্তৰালভাৱে চিলাপথাৰ আদিতো ব্যাপকভাৱে আয়োজন কৰা হৈছে মহাৰাসৰ ।

Raas festival rehearsals for stage plays in view of upcoming Raas Mahotsav across the state
শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী (ETV Bharata Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 1:03 PM IST

জোনাই/মাজুলী : এতিয়া শৰৎ ঋতু । শৰতৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰী কৃষ্ণ‌ই গোপীৰ সৈতে ৰাসক্ৰীড়া কৰিছিল । শৰৎ ঋতু চলি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । পূৰ্ণগতিত চলিছে ৰাসৰ আখৰাৰ । চিলাপথাৰৰ মাজগাঁৱৰ ৰাস মন্দিৰৰ আঞ্চলিক ৰাসে পূৰ্ণ কৰিলে পঞ্চাশটা বছৰ । ৰাস মন্দিৰৰ মঞ্চত গাঁৱৰখনৰ লগতে দাতিকাষৰীয়া ৪০ খন গাঁৱৰ যুৱতীসকল নামি পৰিছে মহাৰাসৰ আখৰাত ।

গৌৰৱউজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ হেতু সাজু হৈছে চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি । অহা ১৩ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ বৰ্নাঢ্য কাৰ্যসূচীৰে এইবাৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰাৰ কথা সদৰী কৰিলে আয়োজক সমিতিয়ে । ৰাস মহোৎসৱৰ বাবে নিৰ্মাণকাৰ্য সমাপ্তিৰ দিশে আটক ধুনীয়া স্থায়ী মূলতোৰণ । আয়োজন কৰা হ’ব ‘‘অসম ভিত্তিত কংসালয়’’ প্ৰতিযোগিতাৰ । লগতে অনুষ্ঠিত হব আকৰ্ষণীয় পুৰস্কাৰ ভিত্তিত বিভিন্ন প্ৰতিযোগিতা ।

শৰতৰ পূৰ্ণিমাত ৰাসলীলা কৰিবলৈ সাজু ৰাজ্যৰ গোপিনী (ETV Bharata Assam)

ইফালে সত্ৰনগৰীত মাজুলীটো এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । দিনৰ ভাগৰ পৰা নিশা দুপৰলৈক চলিছে কংস বধৰ আখৰা, কৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ । ৰাস উৎসৱৰ মূৰ্চনাত বিলীন সত্ৰপীঠ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ নগৰী মাজুলী ।

মাজুলীত এইবাৰ ৰাসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব । বিশিষ্ট শিল্পী গুনীন্দ্র নাথ ওজাক প্ৰদান কৰা হ'ব ‘‘শিল্প-ভূষণ’’ বঁটা । মাজুলীৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সম্মিলিত শিল্পী সমাজ, মাজুলীয়ে বিগত বছৰৰ দৰে এইবছৰো অহা ১৫, ১৬ আৰু ১৭ নৱেম্বৰ, ২০২৪ তাৰিখে তিনিদিনীয়াকৈ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছে । এই ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আয়োজকসকলে ।

ঊনবিংশতিতম্ বৰ্ষত ভৰি দিয়া সম্মিলিত শিল্পী সমাজ, মাজুলীয়ে এইবছৰৰ পৰা অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা একোজন ব্যক্তিক 'শিল্প-ভূষণ' বঁটাৰে বিভূষিত কৰিবৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে ।

প্ৰথমবাৰৰ বাবে এই বঁটা বৰপেটাৰ বিশিষ্ট শিল্পী তথা সংগীত অকাডেমী বঁটা প্রাপক শ্রীযুত গুনীন্দ্র নাথ ওজাক প্ৰদান কৰিবৰ বাবে সমিতিয়ে সিদ্ধান্ত গ্রহণ কৰিছে । ৰাসোৎসৱৰ পবিত্ৰ মঞ্চত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা প্রদান কৰিব ।

লগতে পঢ়ক: মাজুলীত পূৰ্ণ গতিত চলিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা

মাজুলী ৰাস আৰু ১৮৫ বছৰীয়া পৰম্পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.