ETV Bharat / state

বি পি এফক সহায় কৰাৰ বিনিময়ত যি ফলাফল পাব লাগে সকলোৱে পাব : হাগ্ৰামা মহিলাৰী

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:59 PM IST

Public Meeting of BPF : চিৰাঙৰ ভিৰানগাঁৱত বি পি এফৰ বিশাল জনসভাত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ ৷ বি পি এফৰ হাতত বি টি চিৰ শাসন ভাৰ অহাৰ লগে লগেই অসম চৰকাৰক প্ৰমোদ বড়োৱে গতাই দিয়া 16 টা বিভাগ ঘূৰাই লোৱা হ’ব বুলি মন্তব্য কৰে তেওঁ ৷

Public Meeting of BPF
চিৰাঙত বি পি এফৰ বিশাল জনসভাত অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ
চিৰাঙৰ ভিৰানগাঁৱত বি পি এফৰ বিশাল জনসভাত

চিৰাং, 29 ফেব্ৰুৱাৰী : "বিটিচি নিৰ্বাচনত জয়লাভ কৰাৰ লগে লগে প্ৰমোদ বড়োৱে অসম চৰকাৰক গতাই দিয়া 16 টা বিভাগ ঘূৰাই আনিবলৈ ছেকেণ্ডৰো সময় নালাগে ৷" এই মন্তব্য বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ চিৰাঙৰ ভিৰানগাঁৱত বি পি এফৰ এক জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বি পি এফৰ হাতত বি টি চিৰ শাসন ভাৰ অহাৰ লগে লগেই অসম চৰকাৰক প্ৰমোদ বড়োৱে গতাই দিয়া 16 টা বিভাগ ঘূৰাই লোৱা হ’ব ৷ 40 টা বিভাগৰ খালী পদৰ বিপৰীতে নিযুক্তি দিয়া হ’ব ৷ চিৰাঙৰ ভিৰানগাঁও শাখা বি পি এফে আয়োজন কৰা জনসভাত দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয় ৷

তেওঁ পুনৰ কয় যে, বি টি চি চুক্তি অনুসৰি বি টি চিত থকা সকলো লোকেই বি টি চিৰ বাসিন্দা আৰু সকলোৱেই ভূমি পট্টা পাব ৷ হাগ্ৰামা মহিলাৰীয়ে কয় - বি টি চিত বি পি এফে চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰতিটো পৰিয়ালে 8 বিঘাকৈ ভূমি লাভ কৰিব ৷ আজি প্ৰমোদ বড়োৱে কোকৰাঝাৰত মুখ্যমন্ত্ৰীক আনি বি পি এফে একো কৰা নাই বুলি গালি দিছে৷ কিন্ত চিন্তা কৰা নাই কোকৰাঝাৰৰ সেই গ্ৰীনফিল্ড কোনে বনাইছে, যি পথেৰে আহিছে সেইটো কোনে বনাইছে বুলিও প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

তেওঁ আৰু কয় যে প্ৰমোদ বড়ো ঠগোৱাৰ প্ৰধান শিক্ষক ৷ গতিকে তেওঁৰ কথা বিশ্বাস কৰিব নোৱাৰি ৷ প্ৰমোদে বড়োৱে মানুহক ঠগিছে, লগতে আন জাতি-জনগোষ্ঠীৰ বাবে কি কাম কৰিব বুলিও প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ অনুষ্ঠানত মহিলা বি পি এফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মসহ কেবা গৰাকী কেন্দ্ৰীয় নেত্ৰী, বি পি এফৰ উপ-সভাপতি শুদ্ধ বসুমতাৰীসহ কেবাজনো কেন্দ্ৰীয় নেতা, জিলা বি পি এফৰ নেতৃত্ব,পাৰিষদ দ্বয় ক্ৰমে পানীৰাম ব্ৰহ্ম আৰু জেমচ বসুমতাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : ৰাণা গোস্বামীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সাজুনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.