ETV Bharat / state

ডিফুত উচ্ছেদক লৈ উত্তপ্ত প্ৰতিবাদ : শূন্যলৈ গুলীচালনা আৰক্ষীৰ - PGR VGR land eviction in Diphu

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 9:23 PM IST

Blank firing in Diphu : ডিফুত উচ্ছেদক লৈ উত্তপ্ত প্ৰতিবাদ ৷ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ৷ ৪০ গৰাকী প্ৰতিবাদকাৰী আৰু ৯ গৰাকী আৰক্ষী আহত ৷ মুখ্য কাৰ্যবাহীৰ বাসভৱনৰ সমীপতে সংঘটিত হয় এই ঘটনা ৷

Blank firing in Diphu
ডিফুত উচ্ছেদক লৈ উত্তপ্ত প্ৰতিবাদ (ETV Bharat Assam)

ডিফু, ৬ আগষ্ট : ডিফুত মঙলবাৰে গণতান্ত্ৰিক আন্দোলনে ল’লে তীব্ৰ ৰূপ ৷ প্ৰতিবাদী সমদলৰ মাজতে সৃষ্টি হ’ল হিংসাত্মক পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব নোৱাৰি শূন্যলৈ গুলীচালনা কৰিলে আৰক্ষীয়ে ৷

আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষত কেবাজনো লোক আহত হয় ৷ আহত লোকসকলৰ মাজত 40 গৰাকী প্ৰতিবাদকাৰীৰ লগত কেবাগৰাকীও আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হয় ৷ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই জন্মদিন উদযাপন কৰি থকাৰ সময়তে উচ্ছেদ চলোৱাৰ দাবীত উত্তাল হ’ল ডিফু ৷

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত চলিত বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা প্ৰফেছনেল গ্ৰেজিং ৰিৰ্জাভ আৰু ভেলেজ গ্ৰেজিং ৰিৰ্জাভত বসবাস কৰি অহা লোকসকলক উচ্ছেদ কৰাক লৈ ৰাজনীতি উত্তপ্ত হৈ আছে ৷ বিজেপি নেতৃত্বাাধীন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰু কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বিহাৰী আৰু বঙালী জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কাৰ্বি জাতীয় সংগঠনসমূহক ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত হাওৰাঘাটত বঙালী লোকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পি জি আৰ-ভি জি আৰৰ বিষয়টো অৱগত কৰোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পিচত বিষয়টো আলোচনা কৰা হ’ব ৷ যাৰ ফলত খেৰণি আৰু হাওৰাঘাটত বিজেপি দলে পূৰ্বতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় বিগত লোকসভা নিৰ্বাচনত ৷

যোৱা সপ্তাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নিজে গৈ খেৰণিৰ পি জি আৰ-ভি জি আৰ ভূমিত বেনাৰ লগাই সেয়া সংৰক্ষিত ভূমি বুলি চিহ্নিত কৰি ফেচবুকত ফটো দিছিল ৷ তদুপৰি তাত বসবাস কৰা লোকসকলে উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তী নিদেৰ্শ অনাৰ বাবে উচ্ছেদ কৰিব নোৱৰাৰ কথা কৈছিল ৷ কিন্তু আন্দোলনকাৰীসকলে অভিযোগ কৰে যে মুখ্য কাৰ্যবাহী ৰংহাঙে মিছা মাতিছে ৷ কাৰণ ২২ ঘৰ লোকক উচ্ছেদ নকৰাৰ নিৰ্দেশহে ন্যায়ালয়ৰ পৰা পোৱা গৈছে ৷ সেয়ে মঙলবাৰে ডিফুত তেওঁলোকে এক সমদল কৰি প্ৰতিবাদ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদানৰ বাবে পৰিষদৰ কাৰ্যালয়লৈ যায় ৷

জিলা প্ৰশাসনে প্ৰতিবাদকাৰীসকলক বিৰলাস্থিত সাৰদা বিদ্যালয়ৰ খেলপথাৰৰ পৰা ৰংনিহাং হৈ মাটিপুং চাৰিআলিলৈ গৈ তাতে স্মাৰকপত্ৰ দিয়াৰ অনুমতি দিছিল ৷ প্ৰশাসনে প্ৰতিবাদী সমদলটো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ যোৱাৰ অনুমতি দিয়া নাছিল ৷ প্ৰতিবাদী সমদলটো ইষ্ট ডিভিজন ফৰেষ্ট অফিচৰ পৰা মাটিপুঙৰ দিশে অগ্ৰসৰ নহৈ পৰিষদৰ কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয় ৷ প্ৰতিবাদী সমদলটো আমোলাপটি হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনৰ কাষ পাওঁতেই আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আহি উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক ঘূৰাই নিয়াৰ চেষ্টা কৰি ব্যৰ্থ হয় ৷ উগ্ৰ হৈ পৰে প্ৰতিবাদী জনতা ৷

তেওঁলোক পৰিষদৰ সচিবালয়লৈ যোৱাৰ বাবে আৰক্ষীৰ বেহু ভাঙি অগ্ৰসৰ হয় । তেতিয়াই আৰক্ষীৰে হয় ঠেলা-হেঁচা ৷ কোনো কোনোৱে আৰক্ষীৰ গালৈ পানীৰ বটল দলিয়ায় ৷ ইয়াৰ পিচতে আৰক্ষীয়ে কমেও ১৫ জাই শূন্যলৈ গুলীচালনা কৰি প্ৰতিবাদকাৰীসকলক চত্ৰভংগ দিয়াই ৷

এই সংঘৰ্ষত ৪০ গৰাকী প্ৰতিবাদকাৰী আৰু ৯ গৰাকী আৰক্ষীৰ লোক আহত হয় ৷ বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তম ব্ৰহ্মও আহত হয় ৷ ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে ৰংনিহাঙত থকা অল ইণ্ডিয়া কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যলয়ত অৱস্থান কৰি আৰম্ভ কৰে প্ৰতিবাদ ৷ তাত আৰক্ষীয়ে সকলোকে আৱদ্ধ কৰি ৰাখে যদিও উত্তেজনা অব্যাহত থাকে ৷

তাৰ মাজতে সন্ধিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দলেবলে আহি প্ৰতিবাদকাৰীসকলক বুজনি দিয়াৰ চেষ্টা কৰি ব্যৰ্থ হয় ৷ তেওঁ সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ গুলীচালনাক নিন্দা কৰে ৷ প্ৰতিবাদকাৰীসকলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগত তৰ্কাতৰ্কি কৰাৰ লগতে শ্ল’গান দিয়াৰ পিচত নিৰাপত্তাৰক্ষীয়ে তেওঁক তাৰ পৰা লৈ যায় ৷

ইফালে প্ৰতিবাদী সমদলটোৰ নেতা আংতং ইংতি কাথাৰে সংবাদ মাধ্যমৰ আগত কয় যে তুলিৰাম ৰংহাঙে ৰাইজক প্ৰতাৰণা কৰিছে ৷ ২২ ঘৰ লোকে উচ্ছেদ নকৰাৰ বাবে ন্যায়ালয়ৰ পৰা নিৰ্দেশ আনিছে ৷ কিন্তু ৰংহাঙে সকলোৱে অনা বুলি ৰাইজক আভুৱা ভাৰিছে ৷ তদুপৰি তেওঁ কয় যে ৰংহাঙে তেওঁলোকৰ এজন প্ৰতিবাদকাৰীক শাৰিৰীকভাৱে অপদস্থ কৰিছে ৷ তদুপৰি প্ৰতিবাদী জনতাৰ লগত কথা পাতিবলৈ আহোতে ৰংহাং আৰু তেওঁৰ লগত অহা সকলোৱে সুৰাপান কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ যে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ জন্মদিন ৷ সেয়ে জন্মদিনৰ পাৰ্টীৰ পৰা তেওঁ বাহিৰে বাহিৰে প্ৰতিবাদী লোকসকলক লগ কৰিবলৈ আহিছিল ৷ উত্তপ্ত প্ৰতিবাদৰ খবৰ লাভ কৰি তেওঁ সকলোকে বুজনি আৰু প্ৰতিশ্ৰুতি দিবলৈ আহিছিল যদিও সেয়া সফল নহ’ল ৷ এতিয়া পি জি আৰ-ভি জি আৰৰ উচ্ছেদক লৈ অনাগত দিনত কেনে ৰাজনীতি হয় সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ডিফুত সন্মিলিত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.