ETV Bharat / state

২০ শতাংশ বোনাছৰ দাবীত পানীতোলা চাহ বাগিচাত উত্তাল প্ৰতিবাদ - Panitola Tea Estate Protest - PANITOLA TEA ESTATE PROTEST

Protest at Panitola Tea Estate : পানীতোলা চাহ বাগিচাত ২০ শতাংশ বোনাছ প্ৰদানৰ দাবীৰে উত্তপ্ত পৰিস্থিতি ৷ দুৰ্গাপূজাৰ পূৰ্বে ২০ শতাংশ বোনাছ প্ৰদান নকৰিলে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টিৰ হুংকাৰ চাহ শ্ৰমিকৰ ।

Protest at Panitola Tea Estate
পানীতোলা চাহ বাগিচাত উত্তাল প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 7:12 PM IST

তিনিচুকীয়া, ২৩ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গাপূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । এনে পৰিস্থিতিত এতিয়া ৰাজ্যৰ চৌদিশে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ চাহ বাগিচাসমূহতো উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

চাহ বাগিচাৰ লোকসকলে অতি আনন্দমনেৰে পালন কৰা এই শাৰদীয় দুৰ্গাপূজাৰ দিন সমাগত । আনহাতে, দুৰ্গাপূজাৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে এই শ্ৰমিকসকলে । সেয়ে কণ কণ ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে, চাহ বাগিচাৰ লোকসকলে পূজাত পিন্ধিবৰ বাবে বজাৰ কৰিছে নতুন কাপোৰ ।

২০ শতাংশ বোনাছৰ দাবীত পানীতোলা চাহ বাগিচাত উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, পূৰ্বৰে পৰা চলি অহা এক নিয়ম হৈছে যে চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলক দুৰ্গাপূজাৰ পূৰ্বে চাহ বাগিচা কৰ্তৃপক্ষই বোনাছ প্ৰদান কৰে । সেই বোনাছৰ টকাৰে তেওঁলোকে আনন্দৰে পাৰ কৰে দুৰ্গাপূজা ।

ঠিক সেইদৰেই ইতিমধ্যে ৰাজ্যৰ অধিকাংশ চাহ বাগিচাতে শ্ৰমিকক বোনাছ প্ৰদান কৰা হৈছে ৷ কিন্তু তাৰ এক বিপৰীত দৃশ্য দেখিৱলৈ পোৱা গৈছে তিনিচুকীয়া জিলাৰ পানীতোলা চাহ বাগিচাত ৷ তিনিচুকীয়া জিলাৰ পানীতোলা চাহ বাগিচাত চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাছ প্ৰদান নকৰাত সোমবাৰে বাগিচাখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত বাগিচাখনৰ শ শ চাহ শ্ৰমিক ওলাই আহি পানীতোলা চাহ বাগিচাৰ কাৰ্যালয় আৰু পৰিচালকৰ বাসগৃহ ঘেৰাও কৰি দুৰ্গাপূজাৰ পূৰ্বে ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদৰ সময়ত চাহ শ্ৰমিকসকলৰ এটায়ে শ্লোগান, “আমাক ২০ শতাংশ বোনাছ লাগিবই ।” চাহ শ্ৰমিকসকলৰ এই শ্লোগানেৰে পানীতোলাৰ আকাশ-বতাহ মুখৰিত হৈ পৰে । প্ৰতিবাদৰ সময়ত স্থানীয় আটছা নেতা তথা চাহ শ্ৰমিকসকলে কয়, "দুৰ্গাপূজাৰ পূৰ্বে চাহ শ্ৰমিকসকলক যিকোনো উপায়েৰে ২০ শতাংশ বোনাছ আদায় দিবই লাগিব । দুৰ্গাপূজাৰ পূৰ্বে বোনাছ ২০ শতাংশ নিদিয়ালৈকে বোনাছ গ্ৰহণ নকৰো । ২০ শতাংশ বোনাছ প্ৰদান নকৰিলে যিকোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে । তাৰ বাবে জগৰীয়া হ'ব বাগিচা কৰ্তৃপক্ষ, জিলা প্ৰশাসন আৰু তিনিচুকীয়া আৰক্ষী ।"

লগতে পঢ়ক :উৎকট গৰম: বাগানত পাত তুলি থাকোতেই অচেতন ২৫ শ্ৰমিক - Heatwave in Assam
লগতে পঢ়ক :উৎসৱৰ বতৰত বিশেষ ৰে'ল - NF Railway

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.