ETV Bharat / state

আমগুৰিত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ - Protest against ONGC

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 4:51 PM IST

KMSS protest: ONGC ৰ গধুৰ বাহনে নষ্ট কৰিছে কাষৰীয়া গাঁৱৰ ৰাস্তা-ঘাট ৷ যাৰ বিৰুদ্ধে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত স্থানীয় দল-সংগঠনৰ ৷

protest in Amguri
আমগুৰিত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ তেল পৰিবাহী CMG(QPS)অৱৰোধ (ETV BHARAT ASSAM)

আমগুৰি, ১২ জুন : বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ তেল পৰিবাহী CMG(QPS) অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল-সংগঠনে ৷ লগতে আমগুৰি বৰাহীবাৰী অঞ্চলৰ ৰাইজেও এই পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, অ’ এন জি চিৰ গধুৰ যান-বাহন চলাচল কৰাৰ ফলত অঞ্চলটোৰ ৰাস্তা-ঘাটসমূহ বিধ্বস্ত হৈ পৰিছে ৷ আনকি অন্য কিছু দিশতো ONGC-এ স্থানীয় ৰাইজক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়েহে তেল পৰিবাহী CMG(QPS) অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকেসকলে ৷ স্থানীয় দল-সংগঠন তথা স্থানীয় ৰাইজে ONGC কৰ্তৃপক্ষক পথ নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী কৰিছিল যদিও তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিধ্বস্ত প্ৰায় ছয় কিলোমিটাৰ পথ আৰু তিনিখনকৈ দলং শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে । অন্যথা অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, যোৱা 6 মাহৰ পূৰ্বে ONGC কর্তৃপক্ষই বৰাহীবাৰী CMG(QPS) ৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা ঢেপৰ গাঁও তিনি আলিলৈকে প্রায় তিনি কিলোমিটাৰ বিধস্ত পথ ভাল কৰি দিব বুলি কৃষক মুক্তি সংগ্রাম সমিতি আৰু বৰাহীবাৰী ৰাইজক প্রতিশ্রুতি দিছিল ৷ তিনি কিলোমিটাৰ পথৰ বৃহৎ বৃহৎ গাঁতবিলাকত শিলগুটি দি পুতি, এমাহৰ ভিতৰত কার্পেটিং কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ONGC কৰ্তৃপক্ষই ।

কিন্তু ONGC কৰ্তৃপক্ষই গাঁতসমূহত কেইটামান শিলগুটি দিয়েই কামৰ সামৰণি কৰে । ইফালে গাঁতসমূহৰ পৰা শিলগুটিসমূহ আঁতৰি যোৱাৰ পিচত পথটো ক্ৰমাৎ মৰণফান্দত পৰিণত হৈছে ৷ ফলত পথটোৰে অহা-যোৱা কৰা লোক দুর্ঘটনাগ্রস্ত হ’ব লগা হৈছে । প্ৰতিবাদকাৰীসকেল এই সন্দৰ্ভত ONGC কৰ্তৃপক্ষক এখন ছয়দফীয়া এক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷

স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ হৈছে-

১) ONGC ৰ অন্তৰ্গত CMG (QPS) ৰ পৰা ঢেপৰ তিনিআলিলৈকে বিধস্ত প্রায় তিনি কিলোমিটাৰ পথ মেৰামতি কৰি বিদ্যালয়, মহাবিদ্যালয়লৈ অহা-যোৱা কৰা একমাত্ৰ পথছোৱা নিৰ্মাণ কৰি দিব লাগে ।

২) বৰাহীবাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এটি পুথিভঁৰালৰ ব্যৱস্থা কৰিব লাগে ।

৩) নতুন ষ্ট্ৰীট লাইটৰ ব্যৱস্থা ।

৪) বৰাহীবাৰী তুৰী মাঝি গাঁৱত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী দুর্গা পূজাস্থলীত এটা মণ্ডপৰ ব্যৱস্থা ।

৫) ONGC কর্তৃপক্ষই CMG(QPS) ৰ পৰা গড় আলি সংযোগী পথলৈ বিধ্বস্ত প্রায় তিনি কিলোমিটাৰ পথৰ মেৰামতি ।

৬) ONGC ৰ দ্বাৰা আৱণ্টন হোৱা চাংমাই গাঁৱত নির্মাণ হৈ থকা কমিউনিটি হলটো ৰাইজৰ সুবিধার্থে তৎকালীনভাৱে নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত সুবিধা কৰি দিব লাগে ।

লগতে পঢ়ক: পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাহন, পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Thelamara assam oil petrol pump

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.