ETV Bharat / state

অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫৩০ কোটি টকা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:51 PM IST

Assam Flood Data :বানত দুই হাজাৰ কিলোমিটাৰৰো অধিক পথ বিধ্বস্ত । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল আহি বুজ ল'লে বান পৰিস্থিতিৰ । অসম চৰকাৰে দিলে ক্ষয়-ক্ষতিৰ হিচাপ । অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫৩০ কোটি টকা । আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণতে ব্যয় হ'ব ৩০০ কোটি টকা । সাহায্যৰ অপেক্ষাত অসম চৰকাৰ ।

Assam Flood Data
অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫৩০ কোটি টকা (ETV Bharat Assam)

গুৱাহাটী,২ আগষ্ট: প্ৰত্যেক বছৰে বাৰিষাৰ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰে আৰু অসম চৰকাৰে ক্ষয়-ক্ষতিৰ হিচাপ উলিয়াই কেন্দ্ৰলৈ প্ৰেৰণ কৰে । এয়া কোনো নতুন কথা নহয় । সেইদৰে বানৰ কবলত পৰি লাখ লাখ লোকে সৰ্বস্বান্ত হৈ নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ সংগ্ৰামত ব্ৰতী হোৱাটোও নতুন কথা নহয় । দশক দশক ধৰি ৰাজ্যবাসীয়ে কম-বেছি পৰিমাণে প্ৰত্যেক বছৰেই বানৰ সৈতে যুঁজ দি আহিছে ।

এইবাৰো বাৰিষা দুটাকৈ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে । লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত । ইতিমধ্যে দুটাকৈ বানে ৰাজ্যজুৰি কৰা ক্ষয়-ক্ষতিৰ হিচাপ উলিয়াই ক্ষতিৰ পৰিমাণ এটা নিৰূপণ কৰিছে ৰাজ্য চৰকাৰে ।

চলিত বাৰিষাৰ দুটা বানত ৰাজ্যৰ বিস্তৰ ক্ষতিসাধন :

বানৰ কৱলত পৰা সংশ্লিষ্ট জিলাৰ জিলা আয়ুক্তসকলে ইতিমধ্যে উলিওৱা হিচাপ অনুসৰি চলিত বাৰিষাৰ দুটা বানে ৰাজ্যৰ প্ৰায় ৫৩০ কোটি টকাৰ আন্তঃগাঁথনিকে ধৰি সা-সম্পত্তিৰ ক্ষতি কৰি থৈ গ'ল । সকলোতকৈ অধিক ক্ষতি হ'ল ৰাজ্যৰ পথ-যোগাযোগ ব্যৱস্থাৰ । বানত ৰাজ্যৰ ২২০০ কিলোমিটাৰৰো অধিক পথ ক্ষতিগ্ৰস্ত হ'ল । আনকি ২১ টা স্থানত বানে পথ ছিঙি থৈ গ'ল ।একেদৰে বানত ৩৪ টা কালভার্ট তথা সৰু দলং ভঙাৰ লগতে ১৫ টা মথাউৰি ছিগিল । বানত ক্ষতি হোৱা মথাউৰিৰ সংখ্যা হৈছে ২৯৪ টা ।

কেন্দ্ৰীয় চৰকাৰ প্রতিনিধি দলে পৰিদৰ্শন কৰি গ'ল ৰ‍াজ্যৰ বান পৰিস্থিতি :

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ পূর্বে বানে ৰাজ্যখনত কৰা ক্ষয়ক্ষতিৰ সবিশেষ তথ্য যুগুত কৰাৰ বাবে জিলা আয়ুক্তসকলক নির্দেশ দিছিল । আনহাতে প্ৰত্যেক বছৰৰ দৰে এইবাৰো শেহতীয়াকৈ অসমলৈ আহি বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদর্শন কৰি গৈছে কেন্দ্ৰীয় চৰকাৰ প্রতিনিধি দলে । কেন্দ্রীয় চৰকাৰৰ দলটোৱে দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিব প্রতিবেদন । উক্ত প্ৰতিবেদনৰ ভিত্তিতেই কেন্দ্রীয় চৰকাৰে অসমলৈ আগবঢ়াব বান সাহায্য ।

আনহাতে অসম চৰকাৰৰ ফালৰ পৰাও বানপানীত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ দাঙি ধৰি সাহায্য বিচাৰি কেন্দ্ৰলৈ আবেদন কৰা হ'ব । এয়া এক স্বাভাৱিক নিয়ম যদিও কেন্দ্ৰীয় চৰকাৰে কিমান সাহায্য আগবঢ়াই সেয়াহে ডাঙৰ কথা । কাৰণ ইয়াৰ পূৰ্বে ক্ষয়-ক্ষতিৰ বিপৰীতে কেন্দ্ৰই অসমক নগণ্য পৰিমাণৰ পুঁজিহে আগবঢ়াই অহা পৰিলক্ষিত হৈছে । আনকি কেইবা বছৰ কোনো ধৰণৰ সাহায্য নিদিয়াৰো উদাহৰণ আছে ।

ৰাজ্য চৰকাৰে কেন্দ্ৰক দিলে বানত হোৱা ক্ষতিৰ তথ্য :

কেন্দ্রীয় চৰকাৰ হাতত ৰাজ্য চৰকাৰে বানৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত দাঙি ধৰা তথ্য অনুসৰি দুবাৰকৈ হোৱা বানত ৰাজ্যৰ ১৩৫টা ট্ৰেন্সফৰ্মাৰ বিকল হোৱাৰ লগতে ১১৯০টা বিদ্যুৎ খুঁটা আৰু ৪৩০ কিলমিটাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ ক্ষতি হৈছে । তদুপৰি বানত ৪৯৯ টা পানী যোগান কেন্দ্ৰ, ৪৯ টা স্বাস্থ্য কেন্দ্র, ৩২৭ খন পানী যোগান আঁচনি, ১১৬০ টা অংগনবাৰী কেন্দ্র, ১৬৭৩ খন বিদ্যালয়ৰ ক্ষতি হৈছে । আনহাতে ৰাজ্যৰ ৩৫ জিলাতে কম-বেছি পৰিমাণে হোৱা বানৰ ফলত মুঠ ৪৭০০ টা গৃহৰ বিস্তৰ তথা সম্পূর্ণৰূপে আৰু ২২০০টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।

এইবাৰৰ দুটাকৈ বানত ৰাজ্যৰ ৯৮ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাতে ২২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে । আনহাতে ভূমিস্থলনত মৃত্যু হৈছে ১০ গৰাকী লোকৰ । লক্ষণীয় বিষয় যে এইবাৰ ২৮ মে'ৰ পৰা ১৫ জুনলৈকে হোৱা দুটাকৈ বানত ৰাজ্যখনৰ হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ কথা প্রকাশ কৰি ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা ৫৩০ কোটি টকা বিচাৰিছে । ইয়াৰে ভিতৰত প্ৰায় ৩০০ কোটি টকাই ৰাজ্যৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণত ব্যয় হ'ব । অৱশে ৰাজ্য চৰকাৰে বিচৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰিব নে নাই সেয়া সময়েহে ক'ব । কাৰণ বান সাহায্যৰ নামত কেন্দ্ৰই প্ৰত্যেক বছৰেই অসমক প্ৰতাৰণা কৰি আহিছে ।

লগতে পঢ়ক: ৫ বছৰত ৰাজ্যত কিমানজন লোকৰ বানত মৃত্যু হৈছে ? ৰাজ্যসভাত তথ্য প্ৰদান গৃহ মন্ত্ৰণালয়ৰ - Assam Flood 2024

পুনৰ যাতে বান নহয় তাৰ ব্যৱস্থা বিভাগে কৰি আছে : হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকা - Minister Pijush Hazarika

বান অহাৰ পূৰ্বেই জিলা আয়ুক্তক প্ৰদান কৰা হৈছিল পৰ্যাপ্ত ধন: কিমান ধন বিতংকৈ ক’লে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই - Press meet on India Budget 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.