ETV Bharat / state

NSCN ৰ বিৰুদ্ধে নৰম স্থিতিত গোলাঘাট জিলা প্ৰশাসন; আন্দোলনৰ ঘোষণা দল-সংগঠনৰ - Assam Nagaland border dispute - ASSAM NAGALAND BORDER DISPUTE

NSCN threatens assam businessman: গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মেৰাপানীৰ একাংশ দল- সংগঠনৰ । নগা বিদ্ৰোহী সংগঠনে অসমৰ মাটিত অসমীয়া ব্যৱসায়ীক ধমকি দিয়াৰ পাচতো প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷ ক্ষোভিত স্থানীয় দল-সংগঠনৰ লগতে জনসাধাৰণ ৷

Press conference in merapani on NSCN threats to businessmen in Assam
স্থানীয় দল-সংগঠনৰ সংবাদ মেল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 5:11 PM IST

গোলাঘাট, 7 জুলাই: অসমৰ ব্যৱসায়ীক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা তথা নগা বিদ্ৰোহী সংগঠন NSCN ৰ ওচৰত অসমৰ প্ৰশাসনে আত্মসমৰ্পণ কৰা বুলি চাঞ্চল্যকৰ দাবী তুলিছে মেৰাপানীৰ বিভিন্ন দল-সংগঠনসমূহে । উল্লেখযোগ্য যে, দল-সংগঠনবোৰে তোলা অভিযোগ অনুসৰি বিগত 13 দিনে নগা উগ্ৰপন্থী সংগঠন NSCN এ মেৰাপানীৰ পৱন কালিয়া নামৰ এজন ব্যৱসায়ীৰ দুখনকৈ ট্ৰাক জব্দ কৰি ৰাখিছে । ট্ৰাক দুখনৰ মুক্তিৰ বিনিময়ত ব্যৱসায়ীজনৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে দাবী কৰিছে বাইশ লাখ টকা ।

স্থানীয় দল-সংগঠনৰ সংবাদ মেল (ETV Bharat)

দেওবাৰে মেৰাপানী সাংবাদিক সংস্থাৰ কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে মেৰাপানীৰ একাধিক দল-সংগঠনে । এইবোৰৰ উপৰিও ব্যৱসায়ীজনলৈ প্ৰেৰণ কৰা ভাবুকি পত্ৰখনত NSCN এ মেৰাপানীক বৃহত্তৰ নাগালিমৰ অন্তৰ্গত বুলিও দাবী কৰিছিল বুলি স্থানীয় দল-সংগঠনবোৰে জনায় । এইক্ষেত্ৰত NSCN ৰ লিংকমেন হিচাপে এগৰাকী মহিলা ব্যৱসায়ীয়ে কাম কৰিছিল বুলি অভিযোগ তুলিছে দল-সংগঠনবোৰে । এই সমগ্র ঘটনাৰ বিৰোধিতা কৰি মেৰাপানীৰ একাধিক দল সংগঠন আৰু স্থানীয় ৰাইজে মহিলা ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ লগতে NSCN ৰ কবলৰ পৰা ট্ৰাক দুখন উদ্ধাৰ কৰাৰ দাবী জনাইছিল ।

কিন্তু দহটা দিন উকলি যোৱাৰ পাছতো গোলাঘাট জিলা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে মেৰাপানীৰ জনসাধাৰণ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, অনুসূচিত জাতি ছাত্র সন্থা আৰু মেৰাপানী বজাৰ সমিতিয়ে সংবাদ মেলখনত অসম আৰক্ষী তথা গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাত আশ্চৰ্য প্ৰকাশ কৰে ।

সংবাদমেলখনৰ জৰিয়তে সংগঠনকেইটাই কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ এনে নিষ্ক্ৰিয়তাৰ বাবে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: পুনৰ অসমৰ ব্যৱসায়ীক NSCNৰ হুমকি; মেৰাপানীক বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ - NSCN threatens assam businessman

নাগালেণ্ডত অসম ৰাইফলছৰে সংঘর্ষত নিহত NSCN-K ৰ কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.