ETV Bharat / state

আৰক্ষীৰ অত্যাচাৰত আত্মহনন কৰা দীপাংকৰ গগৈৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:12 PM IST

Dipankar Gogoi Death Case: পুনৰ চৰ্চাত দীপাংকৰ গগৈৰ মৃত্যুৰ প্ৰসংগ । দীপাংকৰ গগৈৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবীত সংবাদমেলত বহিল পৰিয়ালৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া । শীঘ্ৰে পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

Press conference demanding justice for Dipankar Gogois family in Titabar
পুনৰ চৰ্চাত দীপাংকৰ গগৈৰ মৃত্যুৰ প্ৰসংগ
পুনৰ চৰ্চাত দীপাংকৰ গগৈৰ মৃত্যুৰ প্ৰসংগ

তিতাবৰ,১৬ মাৰ্চ: পুনৰ চৰ্চালৈ আহিছে তিতাবৰৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ মৃত্যুৰ প্ৰসংগ । আৰক্ষীৰ অত্যাচাৰত আত্মহননৰ দৰে পথ বাছি লোৱা দীপাংকৰৰ পৰিয়ালে আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ পৰিয়ালৰ । ন্যায়ৰ বিপৰীতে দীপাংকৰৰ পৰিয়াললৈ অসম চৰকাৰে প্ৰেৰণ কৰিলে এককালীন আৰ্থিক সাহায্য । যাৰ ফলত ন্যায় বিচাৰি পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনালে পৰিয়ালটোৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

পৰিয়ালটোৰ সংস্থাপনৰ স্থায়ী সমাধান আৰু দোষী আৰক্ষী বিষয়াৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অতিৰিক্ত মুখ্য সচিব কে চি চামাৰীয়াৰ তদন্তৰ প্ৰতিবেদন ১৫ দিনৰ পৰিৱৰ্তে ২ টা মাহেও কিয় ৰাজহুৱা কৰিব নোৱাৰিলে বুলি সংবাদমেল যোগে প্ৰশ্ন উত্থাপন কৰে কৃষক নেতাগৰাকীয়ে ।

সমান্যতম আৰ্থিক সাহায্যৰ জৰিয়তে অসম চৰকাৰে প্ৰদৰ্শন কৰা অনুকম্পাক আদৰণি জনোৱাৰ লগতে পৰিয়ালটোক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । উল্লেখ্য যে, যোৰহাট সেনা ছাউনীত গ্ৰেনেড নিক্ষেপ আৰু আলফা লগত জড়িত থকা অভিযোগত আৰক্ষীয়ে আটক কৰিছিল তিতাবৰৰ যুৱক দীপাংকৰ গগৈক । গ্ৰেপ্তাৰৰ পিছত দীপাংকৰক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ ফলত আত্মহত্যাৰ পথ বাচি লোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে ।

যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়া । আৰক্ষীৰ অত্যাচাৰ বলি হৈ দীপাংকৰ গগৈ নামৰ ২৪ বছৰীয়া যুৱকজনে মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰিছিল সকলোৱে । সেই দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিকভাৱে সাব্যস্ত কৰে প্ৰতিবাদ । কিন্তু বৰ্তমানো পৰিয়ালটোৱে ন্যায় নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটোৰ সদস্যৰ লগতে KMSS ৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক: তিতাবৰত আৰক্ষী মুৰ্দাবাদ ধ্বনি, দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.