ETV Bharat / state

ৰাইজৰ দুৰ্দশাৰ প্ৰতি চৰকাৰে অকণমানো গুৰুত্ব দিয়া দেখা নাই গৌৰৱ গগৈয়ে - Assam flood 2024 - ASSAM FLOOD 2024

Gaurav Gogoi visits flooded areas: যোৰহাটৰ বন্যাৰ্তৰ কাষত সাংসদ গৌৰৱ গগৈ ৷ বৰ্তমানৰ চৰকাৰে ৰাইজৰ দুৰ্দশাৰ প্ৰতি অকণমানো কাণসাৰ দিয়া নাই বুলি অভিযোগ কৰে সাংসদ গগৈয়ে ৷

Gaurav Gogoi visits flooded areas
যোৰহাটৰ বন্যাৰ্তৰ কাষত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 7:29 AM IST

টীয়ক, 9 জুলাই : ‘‘অসমৰ বান সমস্যাক কোনো দিনে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য নকৰাৰ ফলতেই প্ৰতি বছৰে বাৰিষাৰ সময়ত অসমৰ অৱস্থা ক্ৰমাৎ বেয়া হৈ আহিছে । আজি আঠটা বছৰে পূৰ্বৰ চৰকাৰে নিৰ্মাণ কৰা মথাউৰি, ৰিং বান্ধ আদিবোৰ মেৰামতিৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই চৰকাৰে ৷ যি দুই-এটা নতুন কাম হৈছে সেয়াও আসোঁৱাহপূৰ্ণ ।’’ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

যোৰহাটত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

কংগ্ৰেছ সাংসদগৰাকীয়ে সোমবাৰে যোৰহাটৰ বানাক্ৰান্তসকলৰ ওচৰলৈ গৈ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি কয়, ‘‘অসমৰ বান সমস্যা বুজ ল'বলৈ এই পৰ্যন্ত কোনো কেন্দ্ৰীয় নেতা অসমত উপস্থিত হোৱা নাই । কেৱল কথাৰ ফুলজাৰি মাৰিয়েই এইখন চৰকাৰ চলি আছে ৷ এইখন চৰকাৰে ৰাইজৰ দুৰ্দশাৰ প্ৰতি কোনোদিনে কাণসাৰ দিয়া নাই ৷’’

লগতে পঢ়ক : গৃহমন্ত্ৰী নিজেই আহি পুখুৰী খান্দি বান সমস্যা ৰোধ কৰক: গৌৰৱ গগৈ - ASSAM FLOOD 2024

উল্লেখ্য যে, সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে যোৰহাট জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লয় নৱ নিৰ্বাচিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা জনপ্ৰিয় নেতা গৌৰৱ গগৈয়ে ৷ লগতে একেদিনাই সাংসদ গগৈয়ে বিয়লি ভাগত টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময় কৰি বান পৰিস্থিতিৰ বুজ লয় ।

বানে গৰকা জাঁজীমুখকে ধৰি অসমৰ অন্যান্য বান বিধস্ত অঞ্চলসমূহৰ ৰাইজক কিদৰে সহায় কৰিব পৰা যায়, তাৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : বানাক্ৰান্তৰ খবৰ ল'বলৈ বৰাকত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024

আনহাতে, দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই বৰ্তমান দুৰ্যোগৰ সময়ত কোনো দলকে ৰাজনীতি নকৰিবলৈ সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে ৷ তেওঁ কয় যে ৰাজনীতি মানে ৰাইজৰ লগত থাকি ৰাইজৰ অভাৱ অভিযোগবোৰ সমাধানৰ বাবে মাত মতা ৷ গতিকে এই ৰাজনীতি তেওঁ পূৰ্বৰ পৰাই কৰি আহিছে আৰু এতিয়াও ৰাইজৰ বাবে ৰাজনীতি কৰি যাব । লগতে যোৰহাট লোকসভাৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যৰে প্ৰতিটো সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক তেওঁ সদায় হেঁচা প্ৰয়োগ কৰি যাব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.