ETV Bharat / state

২৫ জানুৱাৰীৰ পৰা নাহৰণিত আয়োজন মৰাণ মহোৎসৱ

Moran Mahotsav 2024 : ২৫ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ মাকুমৰ নাহৰণিত মৰাণ মহোৎসৱ ৷ ৫ হাজাৰ নাচনীয়ে নাচিব মৰাণ বিহু ৷ ৩০ জনগোষ্ঠীৰ সাংস্কৃতিক দলে ভৰিব বদৌচা সমন্বয় ক্ষেত্ৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:22 PM IST

Moran Mahotsav 2024
মাকুমৰ নাহৰণিত মৰাণ মহোৎসৱ
মাকুমৰ নাহৰণিত মৰাণ মহোৎসৱ

তিনিচুকীয়া, ২০ জানুৱাৰী : ২৫ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মৰাণ মহোৎসৱ ৷ যাৰ বাবে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে আয়োজকসকলে । মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠন ক্ৰমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত জনগোষ্ঠীটোৰ চহকী কলা-সংস্কৃতি, ভাষা-সাহিত্য, পৰম্পৰাগত ক্ৰীড়া, ৰীতি-নীতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে এই মহোৎসৱৰ ৷

মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ জাতীয় অভিৱৰ্তনত মৰাণ মহোৎসৱ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই সিদ্ধান্ত অনুসৰি তিনি বছৰৰ মূৰে মূৰে মৰাণ মহোৎসৱ অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে ৷ যাৰ বাবে প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই মহোৎসৱ ৷ উক্ত মহোৎসৱৰ কাৰ্যসূচীৰ স্থলীত এখন মৰাণ হেৰিটেজ ভিলেইজ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজকসকলে ৷

ইয়াৰ উপৰিও এই মহোৎসৱত এখন শৈক্ষিক সন্মিলন, মৰাণ জনগোষ্ঠীৰ প্ৰায় ১৫০ টা বংশৰ লোকৰ উপস্থিতিত সৰ্ববংশাৱলী সভা, এখন সাহিত্য চ’ৰা অনুষ্ঠিত হ’ব ৷ য’ত উন্মোচিত হ’ব ১২ খনকৈ গ্ৰন্থ, ৫০ গৰাকী সত্ৰাধিকাৰে অংশগ্ৰহণ কৰা এক আধ্যাত্মিক অনুষ্ঠান ৷ লগতে ডেকাসকলৰ এক ডেকা চাং অনুষ্ঠান, ৫ হাজাৰ গৰাকী নাচনীৰ মৰাণ বিহু নাচ, ১ হাজাৰ গৰাকী আইৰ খেৰী, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ অধিৱেশন অনুষ্ঠিত হ’ব ৷

লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৩০ জনগোষ্ঠীৰ সাংস্কৃতিক দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ গতিকে সকলো ৰাইজকে চাৰিদিনীয়া মৰাণ মহোৎসৱৰ কাৰ্যসূচীত উপস্থিতি থকাৰ লগতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক : ২ কোটি টকা ব্যয়ৰে অৰুণাচলৰ দেওমালীত নিৰ্মাণ হ'ব নামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.