ETV Bharat / state

ভৱেশ কলিতাৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ : পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ - Protest for Road construction

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:39 PM IST

Protest for Road Development at Rangia : ৰঙিয়া সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ । খোদ বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিতে জৰাজীৰ্ণ পথৰ অৱস্থা । পথ নহয় যেন পথাৰহে । পথ মেৰামতিৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পিচতো জনপ্ৰতিনিধিয়ে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । যাৰ বাবে পথ মেৰামতিৰ দাবীত পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ ।

Protest for Road Development at Rangia
পথ নিৰ্মাণৰ দাবীত ৰঙিয়াত প্ৰতিবাদ (ETV Bharat Assam)

ৰঙিয়া, ৪ জুলাই : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত উন্নয়নৰ ফোঁপোলা স্বৰূপ । একাঁঠু বোকা ভাঙি যাতায়াত কৰিব লাগে উন্নয়নৰ পৰা বঞ্চিত এটা অঞ্চলৰ ৰাইজে । পথ নহয় যেন পথাৰহে । যাৰ বাবে ভুক্তভোগী ৰাইজৰ বিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ ।

এইটো হৈছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গড়ভিতৰ বালাগাঁৱলৈ যোৱা পথ । এই পথটোৰ মাজেৰে এতিয়া বৈ গৈছে পানীৰ সুঁতি । লগতে একাঁঠু বোকাৰে কদৰ্যময় পথৰ অৱস্থা । গাড়ী-মটৰতো বাদেই, খোজকাঢ়ি আহিবলৈও এশবাৰ ভাবিব লাগে । কিন্তু তেনেদৰেই দিন অতিবাহিত কৰি আহিছে অঞ্চলবাসীয়ে । দুৰ্ভোগ ভুগি হ'লেও অব্যাহত ৰাখিছে দৈনন্দিন জীৱন যাত্ৰা ।

কিন্তু কিমান দিনলৈ ভুগিব এই নৰক যন্ত্ৰণা ! অৱশেষত অতিষ্ঠ গঞাই পথটো উন্নয়নৰ দাবীত ব্যৱহাৰ কৰিবলৈ বাধ্য হয় প্ৰতিবাদৰ ভাষা । অঞ্চলটোৰ ৰাইজে জৰাজীৰ্ণ পথটোত বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য, বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশু, বৃদ্ধ, মহিলাসহ ক্ষুদ্ৰ ব‍্যৱসায়ী, অফিচ-কাছাৰীলৈ যোৱা সকলো লোকে যমৰ যাতনা ভুগি যাতায়াত কৰিবলগীয়া হয় এই পথটোৰে ।

ইফালে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক গাঁওবাসীয়ে পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে উপায়বিহীন হৈ ৰাইজে এনেদৰে ভূঁই ৰুই নিজৰ ক্ষোভ উজাৰে । নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিচত সকলো ফুটুকাৰ ফেনত পৰিণত হয় বুলিও গাঁওবাসীৰ অভিযোগ । আনহাতে, প্ৰতিবাদকাৰীসকলে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিক লৈ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টিও প্ৰকাশ কৰে ।

উল্লেখ্য যে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও আহিব নোৱাৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে । সেয়ে শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিচতো চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায় ।

লগতে পঢ়ক :হিন্দু সভ্যতা-সংস্কৃতিৰ ওচৰত কংগ্ৰেছে ক্ষমা বিচাৰক : ভৱেশ কলিতা - Rahul Gandhi Hindu remark
লগতে পঢ়ক :পানীময় ৰাজ্য; দৰঙত তিনি আৰু চৰাইদেউত দুজনৰ মৃত্যু - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.