মৰাণ: ৰাজ্যৰ পৰিবহণ বিভাগে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । ইয়াৰ মাজতে আজি পুৱাই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন আৰক্ষী বিষয়াই । উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হ'ল আৰক্ষী বিষয়াজনে ।
মৰাণ চহৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত চেপন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক সুনীল দিহিঙীয়াৰ মৃত্যু হয় । আন দিনাৰ দৰে প্ৰাতঃভ্ৰমণৰ বাবে এজন ব্যক্তিৰ সৈতে মৰাণৰ পৰা শিৱসাগৰৰ দিশে খোজকাঢ়ি গৈ থকা অৱস্থাত মৰাণৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত একে দিশৰ পৰা গৈ থকা AS 06 AL 7736 নম্বৰৰ এখন মটৰ চাইকেলে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত মৰাণৰ মিৰিহোলা নিবাসী সুনীল দিহিঙীয়াৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনাটোত মুখেন গগৈ নামৰ আন এজন লোক আহত হোৱাৰ লগতে মটৰ চাইকেল চালক ঔম বিভূতি বৰুৱা আৰু আৰোহী জিণ্টু মুৰাৰি আহত হৈছে । এই দুৰ্ঘটনাত আহত যুৱক দুজন মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে । দুয়োজনকেই আৰক্ষীয়ে আহত অৱস্থাত আটক কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে ।
ঘটনাক লৈ কি কয় স্থানীয় ব্যক্তিয়ে:
এই ঘটনা সন্দৰ্ভত এজন স্থানীয় ব্যক্তিয়ে কয় যে প্ৰতিদিনাৰ দৰে আজিও আৰক্ষী বিষয়াজন প্ৰাতঃভ্ৰমণ কৰিবলৈ আহিছিল । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত খোজ কাঢ়ি গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয় । পথৰ একেবাৰে আঁতৰত আছিল যদিও প্ৰচণ্ড জোৰত অহা মটৰ চাইকেলখনে খুন্দা মৰাত থিতাতে নিহত হয় সুনীল দিহিঙীয়া ।