ETV Bharat / state

লখিমপুৰত দুপৰ নিশালৈকে বিচাৰিও আৰক্ষীয়ে নাপালে তৃতীয়টো বোমাৰ সন্ধান - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 1:10 PM IST

Bomb terror in Assam: ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত আলফা(স্বা)ই সামৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছিল । এই দিনটোৰ পতাকা উত্তোলনৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পিছতে দুপৰীয়া হঠাৎ সংগঠনটোৰ তৰফৰ পৰা প্ৰকাশিত এক বাৰ্তাই জোকাৰণি তোলে সমগ্র ৰাজ্যত ।

Bomb terror in Assam
তৃতীয়টো বোমাৰ সন্ধান (ETV Bharat Assam)

লখিমপুৰ, ১৬ আগষ্ট : নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ই দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে লখিমপুৰতো বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰাৰ পিচতেই চাঞ্চল্য়ৰ সৃষ্টি হয় । লখিমপুৰ নগৰ এলেকাকে ধৰি তিনিটা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা (স্বাধীন)ই দাবী কৰিলেও আৰক্ষীয়ে কিন্তু নিশা দুপৰলৈকে ইয়াৰে দুটাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

তৃতীয়টো বোমাৰ সন্ধানত অভিযান (ETV Bharat Assam)

আৰক্ষীয়ে নিশা দুপৰলৈকে লখিমপুৰৰ খেলপথাৰখনত তন্নতন্নকৈ তালাচী চলায় যদিও তৃতীয়টো বোমাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । আনকি নিশা আৰক্ষীয়ে গধুৰ যন্ত্রৰে বোমা ৰখা বুলি আলফাই উল্লেখ কৰা পৰিত্যক্ত ট্ৰাক আঁতৰাবলৈ চেষ্টা কৰে যদিও সফল হ'ব নোৱাৰিলে ।

গধুৰ যন্ত্র ব্য়ৱহাৰ কৰিও নাপালে সুফল :

আলফাৰ বাৰ্তাটোত উল্লেখ কৰা মতে, লখিমপুৰ জিলাৰ লালুকৰ পৰিদৰ্শন বঙলা, লখিমপুৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰখানাৰ এখন বাছত আৰু লখিমপুৰৰ স্বাধীনতা দিৱস উদযাপনস্থলীৰ চৌহদত থকা এখন এনএইচপিচিৰ পৰিত্যক্ত ট্ৰাকত বোমা সংস্থাপন কৰা হৈছিল । ইয়াৰ পিচতেই বোমাৰ সন্ধানত নিৰাপত্তা বাহিনীসমূহ জঁপিয়াই পৰি দুটাকৈ বোমা উদ্ধাৰ কৰে । তৃতীয়টো বোমা ৰখা লখিমপুৰৰ খেলপথাৰখনত তন্নতন্নকৈ তালাচী কৰি সন্ধিয়া পর্যন্ত বোমা বিচাৰি নোপোৱাত নিশা আৰক্ষীয়ে গধুৰ যন্ত্রৰে বোমা ৰখা বুলি আলফাই উল্লেখ কৰা পৰিত্যক্ত ট্ৰাকখন আঁতৰাৰবলৈ চেষ্টা কৰে ।

পিছে দুপৰ নিশালৈকে আৰক্ষীয়ে চেষ্টা কৰি গধুৰ যন্ত্র ব্যবহাৰ কৰিও ট্ৰাকখন লৰচৰেই কৰিব নোৱাৰিলে । দুপৰ নিশালৈকে চেষ্টা কৰাৰ পাছত শুক্ৰবাৰে পুনৰ ট্ৰাকখন আঁতৰাই ইয়াৰৰ তলত বোমাৰ সন্ধান কৰিব আৰক্ষীয়ে ।

লগতে পঢ়ক:লখিমপুৰৰ তৃতীয়টো বোমা ক'লৈ গ'ল ? সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা - ULFA I bomb plans

ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী-সেনাবাহিনীয়ে - ULFA I BOMB PLANS

নগাঁৱত উদ্ধাৰ হোৱা নাই বোমা: বোমাৰ সন্দেহত কি উদ্ধাৰ হ'ল ? - 78th Independence day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.