ETV Bharat / state

ফেব্ৰুৱাৰীত অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী মোদী - PM MODI ASSAM VISIT

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

PM MODI ASSAM VISIT
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 6:41 PM IST

গুৱাহাটী: দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ ঝুমুৰ নৃত্য চাবলৈ আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীক ৷ লগতে আমন্ত্ৰণ জনালে ২০২৫ৰ ফেব্ৰুৱাৰীত অসমত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনত অংশগ্ৰহণৰ বাবে ৷

অহা বছৰৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০২৫ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন ৷ সেই সন্মিলনৰ সমান্তৰালকৈ অনুষ্ঠিত হ’ব অসমৰ চাহ জনগোষ্ঠীসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্যৰ বৃহৎ অনুষ্ঠান । এই অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনৰ মুখ্য অতিথি হিচাপে মেগা ঝুমুৰ প্ৰদৰ্শনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সোমবাৰে আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ৱ শৰ্মাই নিশ্চিত কৰিছে যে দুয়োটা অনুষ্ঠানতে অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সন্মতি প্ৰকাশ কৰিছে ৷ সোমবাৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই আমন্ত্ৰণ আগবঢ়ায় । প্ৰধানমন্ত্ৰীৰ সৈতে ২৫ মিনিটৰ দীঘলীয়া বৈঠকৰ কালছোৱাত মুখ্যমন্ত্ৰীয়ে তেওঁক অসমৰ উন্নয়নমূলক পদক্ষেপৰ বিষয়ে অৱগত কৰে আৰু লগতে বিভিন্ন উন্নয়নমূলক বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা মাৰ্গ দৰ্শন বিচাৰে ।

তাৰ পাছতে সামাজিক মাধ্যম X ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লিখিছে, ‘‘আজি নতুন দিল্লীত আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ বিভিন্ন উন্নয়নমূলক বিষয়ত দিহা-পৰামৰ্শ লাভ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ । অসমবাসীৰ হৈ মই লগতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন আৰু মেগা ঝুমুৰৰ প্ৰদৰ্শনত আশীৰ্বাদ দিবলৈ আমন্ত্ৰণ জনোৱাৰ সৌভাগ্য লাভ কৰো যি আমন্ত্ৰণ তেওঁ সাদৰেৰে গ্ৰহণ কৰিছে ।’’

লগতে পঢ়ক: জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.