ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে দেশবাসীক উপহাৰ, আজিৰে পৰা অসমকে ধৰি দেশত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য - Petrol Diesel price

Petrol Diesel price: নিৰ্বাচনক লৈ দেশজুৰি ব্যাপক ব্যস্ততা চলিছে । তাৰ মাজতে ভোটাৰক আকৰ্ষণৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন চৰকাৰে হ্ৰাস কৰিলে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰায় ২ বছৰৰ অন্তত হ্ৰাস পালে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য ।

Petrol Diesel price
নিৰ্বাচনৰ পূৰ্বে দেশত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 12:58 PM IST

গুৱাহাটী, ১৫ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰিছে । ই দেশৰ সাধাৰণ জনতাক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে । শুকুৰবাৰে পুৱা ৬ বজাৰে পৰা সমগ্ৰ দেশতে হ্ৰাস হোৱা মূল্য কাৰ্যকৰী হৈছে । চৰকাৰৰ এই সিদ্ধান্তৰ পিচত দেশৰ সকলো ৰাজ্যতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাইছে ।

চৰকাৰৰ এই সিদ্ধান্তৰ পিচত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হ'ল ৯৬.১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ'লগৈ ৮৮.৩৬ টকা । ইফালে দেশৰ ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৪.৭২ টকাত উপনীত হৈছে । মুম্বাইত পেট্ৰ'লৰ মূল্য ১০৪.২১ টকা হৈছে । কলকাতাত পেট্ৰ'ল ১০৩.৯৪ টকা । চেন্নাইত পেট্ৰ'লৰ মূল্য ১০০.৭৫ টকা ।

পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ খবৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে । ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য যোৱা প্ৰায় দুবছৰ ধৰি স্থিৰ হৈ আছিল । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ লগে লগে বহুতে ইয়াক বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক সিদ্ধান্ত বুলি বিজেপি চৰকাৰক সমালোচনা কৰিছে ।

আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যত যোৱা কেইবছৰমানত তাৰতম্য দেখা গৈছে । দুবছৰ পূৰ্বে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পিচত আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১৪০ ডলাৰলৈ বৃদ্ধি পাইছিল । পিচত তেলৰ মূল্য হ্ৰাস পাইছিল যদিও ২বছৰ ধৰি পেট্ৰ'ল আৰু ডিজেলৰ খুচুৰা মূল্যত কোনো পৰিৱৰ্তন হোৱা নাছিল ।

লগতে পঢ়ক :ডিজেলত প্ৰতি লিটাৰত 3 টকা লোকচান; পেট্ৰ’লৰ লাভো হ্ৰাস তেল কোম্পানীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.