ETV Bharat / state

নাবালিকাক অপহৰণৰ চেষ্টা, দল-সংগঠনৰ তীব্ৰ গৰিহণা - Kidnapping Case In Dima Hasao

Kidnapping Case: দুই নাবালিকাক অপহৰণক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে ডিমা হাচাও জিলাৰ বিভিন্ন দল-সংগঠন । দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী কেইবাটাও সংগঠনৰ । সংবাদমেলযোগে জনালে এই দাবী ।

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 11:12 PM IST

Updated : May 8, 2024, 8:09 AM IST

Organization reacts to attempt to kidnapping two minor girls in Dima Hasao
নাবালিকাক অপহৰণৰ চেষ্টা, দল-সংগঠনৰ তীব্ৰ গৰিহণা (ETV Bharat Assam)

হাফলং,৭ মে': অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ হাফলং চহৰত দুই নাবালিকাক অসৎ উদ্দেশ্যেৰে অপহৰণৰ চেষ্টা চলোৱা দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবীত সৰৱ উঠিছে বিভিন্ন দল-সংগঠন । যোৱা ৪ মে'ত হাফলং চহৰৰ বেংক অফ ইণ্ডিয়াৰ কাষৰ পৰা ফিৰাজ উদ্দিন মজুমদাৰৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে নিশা ৮:৩০ মান বজাত দুগৰাকী নাবালিকাক জোৰ কৰি দুৰবৃত্তৰ দলটোৰ বাহনত উঠাই অসৎ উদ্দেশ্যে অপহৰণ কৰাৰ চেষ্টা চলাইছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

সেই সময়তে কেইজনমান যুৱকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিছিল । তাৰ পিছতে ফিৰাজ উদ্দিন মজুমদাৰৰ দুৰ্বৃত্তৰ দলটোৰ লগত হোৱা হতাহতিত আহত হয় কেইবাজনো যুৱক । ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্বৃত্ত ফিৰাজ উদ্দিনক । উক্ত ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠন ।

দল-সংংগঠনসমূহে উক্ত ঘটনাক তীব্র গৰিহণা দি ফিৰাজ উদ্দিন মজুমদাৰ নেতৃত্বাধীন দুৰ্বৃত্ত দলটোৰ সদস্যসকলৰ বিৰুদ্ধে আইন অনুসৰী কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । এই জঘন্য ঘটনাৰ তীব্ৰ গৰিহণা দি ডিমাছা মাদাৰ্চ এছ'চিয়েশ্যনে আটাইকেইটা দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় । সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সদস্যাসকলে কয় যে এই দুই নাবালিকাই ৪ মে'ত চিকিৎসালয়ত ভাতৃক খাদ্য যোগান ধৰি উভতি অহাৰ সময়তে তেওঁলোক অনুসৰণ কৰি আহি ফিৰাজ উদ্দিন মজুমদাৰ নেতৃত্বাধীন দুৰ্বৃত্তৰ দলটোৱে নাবালিকা দুগৰাকীক অপহৰণৰ চেষ্টা চলায় ।

ইপিনে মঙলবাৰে এই ঘটনা সন্দৰ্ভত ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইশ হচমৰ লগতে মুছলিম সমাজৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত যোৱা ৪ মে' ৰ ঘটনা সন্দৰ্ভত জাদিখে নাইশ হচম আৰু মুছলিম সমাজে এই ঘটনাৰ তীব্ৰ গৰিহণা দি ফিৰাজ উদ্দিন মজুমদাৰ আৰু তেওঁৰ সহযোগীসকলক আইন অনুসৰী কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ।

ইপিনে জাদিখে নাইশ হচমৰ সভাপতি কালীয়েন দাওলাগাপুৱে কয় যে, ডিমা হাছাও জিলাত এতিয়া শান্তি বিৰাজ কৰিছে । এতিয়া ডিমা হাছাও জিলাত পৰ্যটকৰ অহা যোৱা বাঢ়িছে । এই সময়ত এনে ঘটনা সংঘটিত হ'লে পৰ্যটকসকলৰ আহযাহ বন্ধ হৈ যোৱাৰ শংকা ঘণীভূত । সেয়ে পাহাৰীয়া জিলা খনৰ শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে যাতে পুনৰ এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় সেই দিশত সকলোকে গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনাই ।

লগতে পঢ়ক: মেধাৱী ছাত্ৰ নিৰুদ্দেশক লৈ নগাঁৱত চাঞ্চল্য, অপহৰণৰ সন্দেহ - Student Missing In Nagaon

সম্পূৰ্ণ পৰিকল্পিত আছিল প্ৰসেনজিৎ নাইডিঙৰ অপহৰণ ! - Dima Hasao Fake Kidnapping Case

অপহৰণকাৰীক গগণাৰে খুচি আত্মৰক্ষা বিহু নাচনীৰ - Kidnapping Case In Guwahati

Last Updated : May 8, 2024, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.