ETV Bharat / state

ক্ৰমাৎ বৃদ্ধি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ: দেৱব্ৰত শইকীয়াইও তৰিলে গোচৰ - POLICE ACCOUNTABILITY COMMISSION

ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা । ২০১৭ চনৰ পৰা আৰক্ষীৰ বিৰুদ্ধে গোচৰৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে ।

State police accountability commission
আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 7:47 PM IST

Updated : Nov 18, 2024, 8:05 PM IST

গুৱাহাটী : পাণবজাৰৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ বাইক চালকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিচতে ৰাজ্যত পুনৰ সজীৱ হৈছে আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰসংগ । কিয়নো কোনো সাধাৰণ ৰাইজে আৰক্ষীৰ দ্বাৰা অনাহকতে অত্যাচাৰৰ বলি হ'লে এই আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিব পাৰে ।

বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ ফাঁচীবজাৰত এগৰাকী ডেলিভাৰী বয়ৰ ওপৰত চলোৱা নিৰ্মম আক্ৰমণৰ ঘটনাৰ পিচত ইতিমধ্যে তেওঁক নিলম্বন কৰাৰ লগতে পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে । এইবাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আয়োগৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

এই সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয়, "অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু পুলিচ দায়বদ্ধতা কমিছন দুয়োটা সংস্থাই স্বতন্ত্ৰভাৱে কাম কৰিব লাগে বিভিন্ন ধৰণৰ ৰাইজৰ অভিযোগ থাকিলে । দুয়োটাকে দুটা গোচৰ দিছোঁ । অসম আৰক্ষীৰ এজন ইন্সপেক্টৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ দিছোঁ । যিহেতু তেখেতৰ বিৰুদ্ধে এতিয়া বহুতো অভিযোগ আহিছে যে তেখেতে গোৱালপাৰাত থাকোতে বা দীঘলীপুখুৰীত যেতিয়া গছকটাৰ বিৰুদ্ধে কটন কলেজৰ ছাত্ৰসকলে প্ৰতিবাদ কৰি আছিল আৰু সৌ সিদিনা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক অতি অশালীন ব্যৱহাৰ কৰিছে । আমি বাৰেপ্ৰতি কৈ আছোঁ যে অসমত পুলিচে আইন হাতত তুলি লৈছে । আইন হাতত ল'ব পুলিচে নালাগে । কাৰণ ইয়াৰ বাবে ন্য়ায় প্ৰক্ৰিয়া আছে, ন্যায়ালয়ত ব্যৱস্থা গ্ৰহণ কৰা হয় ।"

আনহাতে, বিতৰ্কিত আৰক্ষী বিষয়াজনৰ বৰ্খাস্তৰ দাবী তুলি বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, "তেখেতক তৎকালীভাৱে বৰ্খাস্ত কৰি তেখেতৰ ওপৰত এটা দৃষ্টান্তমূলক শাস্তিৰ নিদৰ্শন দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ । যাতে এই ঘটনাৰ পিচত আৰক্ষী কিছু সচেতন হয় ।"

আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা

State police accountability commission
আৰক্ষী দায়বদ্ধতা আয়োগৰ তথ্য (Assam police accountability commission)

ৰাজ্যত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ক্ৰমাৎ বৃদ্ধি পাইছে । কৰ্তব্যৰত আৰক্ষী কনিষ্টবল, আৰক্ষীৰ শীর্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰাৰ বাবে থকা ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা । দায়বদ্ধতা আয়োগত আৰক্ষীৰ বিৰুদ্ধে গোচৰৰ সংখ্যা ২০১৭ চনৰ পিছৰে পৰা ক্ৰমাৎ দ্ৰুত হাৰত বৃদ্ধি পাইছে ।

উল্লেখ্য যে ২০০৮ চনৰ জানুৱাৰী মাহত ৰাজ্যত আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰা হৈছিল । এই আয়োগত যিকোনো লোকে কৰ্তব্যৰত আৰক্ষীৰ দুৰ্ব্যৱহাৰ, হাৰাশাস্তি, অত্যাচাৰ, অমানৱীয় আচৰণ আদিৰ বিৰুদ্ধে অভিযোগ দিব পাৰে । এই আয়োগ আৰক্ষী বিভাগৰ অধীনস্থ নহয় । স্বতন্ত্রভাৱে আয়োগে কাম কৰাৰ ক্ষমতা লাভ কৰিছে । কিন্তু শেহতীয়াকৈ এই আয়োগৰ স্বতন্ত্রতা লোপ পাইছে ।

ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ তথ্য ‌মতে, ২০০৮ চনত আৰক্ষীৰ বিৰুদ্ধে ৬৭ টা গোচৰ ৰুজু হৈছিল । ঠিক সেইদৰে ২০০৯ চনত ২৬ টা, ‌২০১০ চনত ৫২ টা, ২০১১ চনত ৬৬ টা, ২০১২ চনত ৭৯ টা, ২০১৩ চনত ৯৩ টা, ২০১৪ চনত ৭৮ টা, ২০১৫ চনত ৫৬ টা, ২০১৬ চনত ৩৫ টা, ২০১৭ চনত ১৬০ টা, ২০১৮ চনত ৪২৪ টা, ২০১৯ চনত ৩৮৬ টা, ২০২০ চনত ২৩০ টা, ২০২১ চনত ২৪৩ টা, ২০২২ চনত ২৩২ টা আৰু ২০২৩ চনত ১৯২ টা গোচৰ ৰুজু হৈছে ।

কেনেদৰে অভিযোগ দিব পাৰি

২০০৭ চনৰ আৰক্ষী আইনৰ ৭৮ নম্বৰ ধাৰা মতে যিকোনো ব্যক্তিয়ে যিকোনো আৰক্ষীৰ বিৰুদ্ধে আয়োগত অভিযোগ দিব পাৰে । আয়োগৰ হাতত বিভিন্ন ধৰণৰ আইনী ক্ষমতাও দিয়া হৈছে । আয়োগে অভিযুক্ত আৰক্ষী বিষয়াক সোধা-পোছাৰ বাবে তলবো কৰিব পাৰে । আয়োগে গুৰুতৰ ৰাজহুৱা অভিযোগৰ ক্ষেত্ৰত নিজাববীয়াকৈ তদন্ত কৰি আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিৰ পৰামৰ্শও দিব পাৰে ।

আয়োগৰ ক্ষমতা কিমান

কিন্তু অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কোনো ক্ষমতা আয়োগৰ নাই । আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি এই আয়োগে ২০০৯ চনৰ পৰা গৃহ বিভাগক প্রতিবেদন দি আহিছে । আয়োগে বিগত সময়ছোৱাত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰক্ষী উপ-মহাপৰিদৰ্শক, কনিষ্টবল, অ' চি আদি শ শ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি প্ৰমাণো সংগ্ৰহ কৰিছে ।

বছৰি তেনে অসংখ্য অভিযোগৰ তদন্ত কৰি আয়োগে গৃহ বিভাগক তদন্তৰ প্ৰতিবেদন জমা দি আহিছে । উদাহৰণস্বৰূপে, ২০২২-২৩ চনত আৰক্ষী দায়বদ্ধতা আয়োগে ২৪৩ জন আৰক্ষীৰ বিৰুদ্ধে অভিযোগ পাইছিল । ইয়াৰে ভিতৰত ৪০ জন আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছিল । আটাইবোৰ অভিযোগৰ তদন্ত কৰি আয়োগে একাংশ আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও দিছিল । কিন্তু এইবোৰ কাৰ্যকৰী হোৱা দেখা নগ'ল ।

আয়োগৰ ক্ষমতা লোপ পাইছে নেকি

এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক আয়োগৰ প্ৰাক্তন সচিব এগৰাকীয়ে কয়, "অসম আৰক্ষী আইন (সংশোধনী ) ২০২২ কাৰ্যকৰী কৰাৰ পিচত আয়োগৰ ক্ষমতা লোপ পাইছে । আয়োগত চৰকাৰত কৰ্মৰত বিষয়াক নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে । তদন্তকাৰী বিষয়া হিচাপেও উচ্চ পদস্থ আৰক্ষী বিষয়া নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে যদিও এতিয়ালৈকে কোনো কৰ্মৰত উচ্চ পদস্থ আৰক্ষী বিষয়াই তদন্তকাৰী‌ বিষয়া হিচাপে যোগদান কৰা নাই ।"

তেওঁ লগতে কয়, "আয়োগৰ সচিবৰ দায়িত্বত অসম চৰকাৰৰ উপ-সচিব পৰ্যায়ৰ বিষয়াক নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে । গতিকে আয়োগৰ স্বতন্ত্ৰ পূৰ্বতকৈ হ্ৰাস পাইছে ।"

তেওঁ কয়, "আয়োগক শক্তিশালী কৰা লগতে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ বিভিন্ন পৰামৰ্শ প্ৰতিবেদন গৃহ বিভাগক প্ৰতিবছৰে দাখিল কৰা হয় যদিও সেইবোৰ ফাইলতে থাকে ।"

অৱশ্যে এই সন্দৰ্ভত আয়োগৰ চেয়াৰপাৰ্ছন তথা প্ৰাক্তন ন্যায়াধীশ ৰুমী কুমাৰী ফুকনক মতামত গ্ৰহণৰ বাবে সাক্ষাৎ বিচৰা হৈছিল যদিও তেওঁ সাক্ষাৎ দিয়াৰ বাবে অস্বীকাৰ কৰে ।

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শকীয়াই কয়, "অসম আৰক্ষী আইন (সংশোধনী) ২০২২ আইনখনৰ বিধানসভাত বিৰোধিতা কৰাৰ পিচতো চৰকাৰে গৃহীত কৰে । এই আইনখনে আয়োগৰ স্বতন্ত্ৰতা হ্ৰাস কৰিছে । আয়োগখন এতিয়া নখ-দন্তবিহীন‌ হৈ পৰিছে । তথাপি শেহতীয়াকৈ পাণবজাৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৰাজহুৱা স্থানত ডেলিভাৰী বয় এগৰাকীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত আয়োগত গোচৰ তৰা হৈছে । এই ক্ষেত্ৰত আয়োগে কি ভূমিকা লয় সেয়া দেখা যাব ।"

লগতে পঢ়ক :মুঠ পাঁচটা ধাৰাত নিলম্বিত অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ ৰুজু
লগতে পঢ়ক :সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে; অ’চি ভাৰ্গৱৰ কাণ্ড দেখি এইদৰে ক’লে আই পি এছ ভায়’লেট বৰুৱাই

Last Updated : Nov 18, 2024, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.