কলিয়াবৰ, ১৪ অক্টোবৰ : সুন্দৰ সমাজ গঢ়াৰ নিমিত্তে দুজনা গুৰু প্ৰৱৰ্তিত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ অনন্য তথা অন্যতম উপকৰণ ভক্তিমাৰ্গীয় কৃষ্টি নৃত্য-সংগীত । কৃষ্টিৰ এই ধাৰাক ভক্তিৰ মাজেৰেই কলাৰ ৰূপ দিয়াত অসমৰ অৱদান সৰ্বজনবিদিত । অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক 'বংশধৰ' এ ট্ৰেডিচনেল কাল্চাৰেল ফাউণ্ডেচন অব আছামৰ 'নটবৰ ৰত্ন' বঁটা প্ৰদান কৰে সোমবাৰে ।
কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা 'বংশধৰ' এ ট্ৰেডিচনেল কাল্চাৰেল ফাউণ্ডেচন অব আছামে কলিয়াবৰৰ হাটবৰ নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে ।
সন্মান গ্ৰহণ কৰি 'বংশধৰ'ৰ কৰ্মকৰ্তা তথা কলিয়াবৰীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰি পদ্মশ্ৰী বৰ্ষীয়ান সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে কয়, "১৯৩৫ চনতেই অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰা প্ৰথমজন ব্যক্তিয়েই হ'ল কলিয়াবৰৰ শ্ৰীশ্ৰীভলাগুৰি সত্ৰৰ প্ৰয়াত জীৱেশ্বৰ গোস্বামী । সেয়ে অসমৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে জীৱেশ্বৰ গোস্বামী এক নমস্য নাম । বৰগীতৰ ওজাৰূপে প্ৰখ্যাৎ কলিয়াবৰৰে শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰৰ প্ৰয়াত গিৰিকান্ত মহন্তৰ বিষয়ে আমি সকলোৱে জানো । এই দুয়োগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ লীলাভূমি এই কলিয়াবৰ নানাবিধ সত্ৰীয়া সংস্কৃতিৰে অতি চহকী ।"
আনহাতে, সত্ৰীয় সংস্কৃতি সন্দৰ্ভত নৃত্যাচাৰ্যগৰাকীয়ে কয়, "চৰ্চাৰ অভাৱত আমাৰ বহুখিনি সম্পদ হেৰাই গৈছে । আজিৰ এই পবিত্ৰ ক্ষণত সকলোকে বিশেষকৈ এই ধাৰাৰ লগত জড়িত উঠি অহা প্ৰজন্মক অনুৰোধ জনাইছো যাতে কলিয়াবৰৰ যিখিনি সত্ৰীয়া সংস্কৃতিৰ সম্পদ আছে, সেই সম্পদখিনি ভালকৈ চৰ্চা কৰি, আজিৰ মঞ্চৰ আৰু দৰ্শকৰ উপযোগী কৰি তাক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰক ।"
তেওঁ লগতে কয়, "আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ, এই প্ৰতিযোগিতাত যি তিস্তি থাকিব পাৰিব তেৱেঁই কৃতকাৰ্য হ'ব । গতিকে, কলিয়াবৰৰ সেই সম্পদখিনি সময়োপযোগী কৰি আগবঢ়াই নিলেহে সেই সংস্কৃতি জীয়াই থাকিব আৰু বিশ্ববৰেণ্য হৈ থাকিব ।" সত্ৰীয়া নৃত্যক জনমুখী কৰাত ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱদান আৰু বৰ্তমানৰ প্ৰসংগত তেওঁ কয়, "১৯৬৬ চনত নটৰাজ থিয়েটাৰৰ অচ্যুৎ লহকৰে যেতিয়া সত্ৰীয়া নৃত্য কৰিবলৈ মোক মাতি নিছিল, তেতিয়া মই কৈছিলোঁ– চলিব জানো ? তেতিয়া অচ্যুৎ লহকৰে মোক কৈছিল, চলা-নচলাটো মোৰ কথা, আপুনি মাথোঁ কৰক । এইখিনি আমাৰ দায়িত্ব । অসমৰ সত্ৰীয়া-সংস্কৃতি মঞ্চ উপযোগী কৰি ৰাইজক দেখুওৱাটো আমাৰ কৰ্তব্য । গ্ৰহণ কৰা-নকৰাটো ৰাইজৰ কথা । কিন্তু আমি আমাৰ কাম কৰি যাম । কিন্তু সেই পৰিৱেশ আকৌ ঘূৰি আহিব বুলি নাভাবোঁ । কিয়নো আজিৰ প্ৰযোজকৰ সেয়া চিন্তাৰ বাহিৰত । এতিয়া অচ্যুৎ লহকৰ বা ৰতন লহকৰো নাই, গতিকে সেই নৃত্য-নাটিকাৰ ধাৰাও নাই ।"
উল্লেখ্য যে 'বংশধৰ' এ ট্ৰেডিচনেল কাল্চাৰেল ফাউণ্ডেচন অব আছামৰ দ্বিতীয় বাৰ্ষিক অঙ্কীয়া নাট সমাৰোহ 'নটবৰ নাটকম' অনুষ্ঠানৰ লগত সংগতি ৰাখি সোমবাৰে ২০২৪ বৰ্ষৰ 'বংশধৰ নটবৰ ৰত্ন বঁটা', 'বংশধৰ বঁটা' আৰু 'বংশধৰ যুৱ বঁটা' প্ৰদান কৰা হয় ।
গোলাঘাটৰ সদা হাজৰিকালৈ 'বংশধৰ বঁটা' আৰু গুৱাহাটীৰ কৃষ্ণাক্ষী কাশ্যপক 'বংশধৰ যুৱ বঁটা' প্ৰদান কৰা হয় । লগতে কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰত জড়িত নিৰঞ্জন ভূঞা, কমল চন্দ্ৰ গোস্বামী, ভোলানাথ গোস্বামী, ভূমি ডেকা আৰু টঙ্কেশ্বৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় ।