ETV Bharat / state

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি-সাধাৰণ সম্পাদকক সম্বৰ্ধনা - AASU Felicitation Programme

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:28 AM IST

Golaghat AASU : গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন । ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এই নৱ নিৰ্বাচিত বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন ।

Felicitation Programme of AASU in Sarupathar
ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত সম্বৰ্ধনা (ETV BHARAT ASSAM)

সৰুপথাৰ, 24 জুন: গোলাঘাট জিলাৰ ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ । জিলাখনৰ সৰুপথাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি মিণ্টু গগৈ আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

যোৱা 13 জুনত অনুষ্ঠিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ বিশেষ প্ৰতিনিধি সভাত গঠন কৰা হৈছিল জিলা ছাত্ৰ সন্থাৰ সমিতিখন । এই সমিতিৰ সভাপতি হিচাপে মিণ্টু গগৈ আৰু সাধাৰণ সম্পাদক ৰূপে চিৰঞ্জীৱ বৰাক নিৰ্বাচিত হয় । এই সম্বৰ্ধনা অনুষ্ঠানত ধনশিৰি মহকুমাৰ সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, উৰিয়ামঘাট, বিলগাঁৱকে ধৰি ৮ খন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানতেই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি মিণ্টু গগৈ আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে 8 খন আঞ্চলিক ছাত্ৰ সন্থাই । সম্বৰ্ধনা গ্ৰহণ কৰি নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই কয়, "সম্বৰ্ধনাই মানুহক অধিক দায়িত্বশীল কৰি তোলে ।" সাধাৰণ সম্পাদকগৰাকীয়ে এইক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ জিলাবাসীক আহ্বান জনায় ।

লগতে পঢ়ক:Feliciation progrmme by AASU : ৰঙিয়াত কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

এই অনুষ্ঠানটোত ধনশিৰি মহকুমাৰ সৰুপথাৰ, বৰপথাৰ, নাওজান, চুঙাজান, উৰিয়ামঘাট, বিলগাঁৱকে ধৰি ৮ খন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় কেইবাটাও দল-সংগঠনসহ মহাবিদ্যালয়ৰ ছাত্ৰ-একতা সভাৰ সদস্যয়ো জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকক সম্বৰ্ধনা জ্ঞাপন কৰে ।

অনুষ্ঠানটোত জিলা উপ সভাপতি বিকাশ বৰা, ক্ৰীড়া সম্পাদক শৰৎ শইকীয়া, শিক্ষা সম্পাদক মিলন কৈৰী, সাংগঠনিক সম্পাক শিৱাশীষ শৰ্মা, প্ৰাণজিৎ কলিতা, দীপক শইকীয়া, বিজয় কুলুৰ লগতে মহকুমাটোৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:শিৱসাগৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation Programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.