ETV Bharat / state

পুনৰ বানৰ কবলত গোলাঘাটৰ বহু অঞ্চল : আশ্ৰয় শিবিৰ স্থাপন - Sluice Gate in Golaghat

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 7:07 AM IST

NEEPCO releases excess water: নীপকো জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীৰ ফলত বৃদ্ধি হৈছে সৰুপথাৰৰ দৈয়াং নৈৰ জলস্তৰ ৷ উদ্ধাৰকাৰীৰ দল উপস্থিত বানাক্ৰান্ত এলেকাত ৷ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বহু বানাক্ৰানতই ৷

neepco releases excess water in golaghat alert issued by golaghat administration
পুনৰ বানৰ কবলত গোলাঘাটৰ বহু অঞ্চল: আশ্ৰয় শিবিৰ স্থাপন (ETV Bharat Assam)

সৰুপথাৰ, 9 আগষ্ট : নীপকো জলবিদ্যুৎ প্ৰকল্পৰ 4 খন গেটেৰে পানী এৰি দিয়া হৈছে । নীপকোৱে এৰা পানীয়ে আহুকালত পেলাইছে গোলাঘাটৰ একাংশ লোকক ৷ বৰ্তমান পৰ্যন্ত সৰুপথাৰৰ বৰবালি টোপৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ লগতে বাৰীসমূহো দৈয়াং নদীৰ বাঢ়নি পানীৰ তলত ডুব গৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰায় 15 টাতকৈও অধিক পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ ফলত পৰিয়ালকেইটাক NDRF বাহিনীয়ে ইতিমধ্যে ধনশিৰি মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত ৰাখিছে ৷ সমান্তৰালভাৱে বানৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি বৰবালি এম ই স্কুলত প্ৰশাসনে নিৰ্মাণ কৰি তুলিছে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ ৷

একাংশ লোকে উক্ত শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰিছে যদিও এতিয়াও বহু পৰিয়ালৰ একাংশ লোক বৰবালি টোপতে আছে বুলি ভুক্তভোগী লোকসকলে জনায় ৷ বৰবালিৰ লগতে বৰপথাৰৰ বচাপথাৰ, আমগুৰিটো মানুহৰ ঘৰ-বাৰীত পানী সোমাইছে বুলি জানিব পৰা গৈছে ৷

সৰুপথাৰৰ দৈয়াং নৈৰ কাষত পানী ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্যে উদ্ধাৰকাৰী দল উক্ত এলেকাবোৰত উপস্থিত হৈছে আৰু নৈপৰীয়া লোকসকলক সুৰক্ষিত ঠাইলৈ লৈ যোৱা হৈছে । লগতে বান সংক্ৰান্তীয় সতৰ্কবাণীও সকলোকে প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ।

গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ কৰা এক সতৰ্কবাণী অনুসৰি জল-বতৰ বিজ্ঞানৰ বিশ্লেষণ অনুসৰি গোলাঘাট জিলাত অহা 24 ঘন্টাৰ ভিতৰত ‘‘নিম্নৰ পৰা মধ্যমীয়া’’ বান পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । উক্ত পৰিস্থিতিত জিলাখনৰ বোকাখাত, খুমটাই, মৰঙী, গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধনশিৰি, দৈয়াং আৰু উপনৈসমূহ প্লাৱিত হৈ পৰাৰ আশংকা আছে ।

সংশ্লিষ্ট সকলো বিভাগক সষ্টম হ’বলৈ প্ৰশাসনে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আৰু নদী কাষৰীয়া অঞ্চলৰ লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনে পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক: সতৰ্ক হোৱাৰ আহ্বান : নীপকো জলবিদ্যুৎ প্ৰকল্পৰ ৪ খন গেটেৰে খুলি দিয়া হৈছে পানী - Assam Flood 2024

গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা: এৰি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী - Doyang Hydro Electric Project

NHPC ভৱিষ্যতৰ বাবে এক অশনি সংকেত : মানৱ অধিকাৰ সংগ্ৰাম সমিতি - MASS reacts on NHPC dam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.