ETV Bharat / state

নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী; আতংকিত লখিমপুৰবাসী - NEEPCO

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 11:32 AM IST

NEEPCO releases excess water : ৰঙানদী প্ৰকল্পত জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নীপকোৱে এৰিছে পানী ৷ ইয়াৰ পাচতে ওফন্দি উঠিছে ৰঙানদী ৷ ৰাইজক নদী কাষৰীয়া স্থানৰ পৰা নিৰাপদ দূৰত্বত আশ্ৰয় গ্ৰহণৰ বাবে জাননী জাৰি নীপকোৰ ৷ কেবাদিনো ধৰি একেৰাহে পানী এৰি দিয়াৰ ফলত আতংকিত হৈ পৰিছে লখিমপুৰবাসী ।

neepco releases excess water from ranganadi dam high alert issued in lakhimpur
নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী; আতংকিত লখিমপুৰবাসী (ETV Bharat)

লখিমপুৰ, 30 জুন : ৰাজ্যত ধাৰাষাৰ বৰষুণ । নদীসমূহে ৰাজ্যৰ চৌদিশে সৃষ্টি কৰিছে প্ৰলয়ৰ । নদীৰ বান, কৃত্রিম বানত হাহাকাৰ অৱস্থা ৰাজ্যবাসীৰ । এনে সময়তে ভূতৰ ওপৰত দানহ পৰাদি নীপকোৱে মোকোলাই দিছে ৰঙানদী প্ৰকল্পৰ পানী ।

ইয়াৰ পাচতে লখিমপুৰত ৰঙানদীয়ে গ্ৰহণ কৰিছে ৰুদ্ৰমূৰ্তি । অৰুণাচলৰ য়াজালীত থকা 405 মেগাৱাটৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হৈছে । প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাত জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান উত্তৰ-পূব শক্তি নিগম চমুকৈ নীপকোৱে প্ৰকল্পটোৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিছে ।

অৱশ্যে নীপকোৱে এয়াই প্রথম নহয় । প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ পাচৰে পৰা বিশেষকৈ বাৰিষা কালত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হ’লেই ৰঙানদীত অতিৰিক্ত জলৰাশি এৰি দি হাৰাশাস্তিত ভুগাই আহিছে লখিমপুৰবাসীক ।

নীপকোৱে একেৰাহে কেবাদিনো ধৰি পানী এৰি দিয়াৰ ফলত স্থানীয় লোকসকল সমস্যাৰ সন্মুখীন হৈ আহিছে । নীপকোৱে এই পৰ্যন্ত চৌবিশ ঘন্টা ধৰি একেৰাহে পানী এৰিয়েই আছে । শনিবাৰৰ দেকমোকালিতে 5.38 বজাত নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ পানী এৰি দিয়া হ’ব পাৰে বুলি সতৰ্কবাৰ্তা প্ৰেৰণ কৰি 6.45 বজাত এখন গেট খুলি দিয়ে ।

প্ৰথম এশ মিলিমিটাৰ গেট খুলি দি দিনে-নিশাই ইয়াৰ পৰিমাণ বঢাই গৈ দেওবাৰে পুৱা 8 মান বজালৈ 11 শ মিলিমিটাৰলৈ পৰ্যন্ত বঢ়াই দিয়ে । যাৰ বাবে লখিমপুৰত নদীখনৰ জলস্তৰ বৃদ্ধি হৈ বিপদজনক ৰূপ ধাৰণ কৰিছে । নীপকোৱে যদি আৰু অধিক পানী নদীখনত এৰি দিয়ে তেন্তে লখিমপুৰৰ অৱস্থা অধিক সংকটৰ গৰাহত সোমাই পৰিব । নীপকোৱে এনেদৰে পানী এৰি দিয়াৰ ফলত নৈপৰীয়া ৰাইজে সন্মুখীন হৈ আহিছে বিস্তৰ ক্ষয়-ক্ষতিৰ ।

লগতে পঢ়ক: নীপকোৱে এৰিলে ৰঙানদী বান্ধৰ পানী : লখিমপুৰত সতৰ্কতা জাৰি - Ranganadi dam

নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO releases excess water

নীপকোৱে এৰিলে পানী; লখিমপুৰত বুৰিল কেবাখনো গাঁও - NEEPCO Releases Excess Water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.