নগাঁও : বিগত ২২ নৱেম্বৰত নগাঁৱৰ গড়াজানত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডক লৈ আজিও মাৰ যোৱা নাই চাঞ্চল্যৰ । গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল গুণধৰ সৰকাৰৰেই ভতিজা অমল সৰকাৰ ওৰফে বাবুল সৰকাৰক । আৰক্ষীয়ে অমল সৰকাৰক বিগত কেইদিন চলোৱা জেৰাত হত্যাকাণ্ডৰ বহু তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি নগাঁও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ।
আৰক্ষীৰ জিম্মাত অভিযুক্ত অমল সৰকাৰক সোধা-পোছাৰ অন্তত মঙলবাৰ আৰু বুধবাৰে দুয়োটা দিনেই হাজিৰ কৰোৱা হয় নগাঁও আদালতত । মঙলবাৰে আদালতে অমল সৰকাৰৰ ভাষ্য গ্ৰহণৰ কথা আছিল যদিও ভাষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত পুনৰ বুধবাৰে হাজিৰ কৰোৱা হয় নগাঁও আদালতত । কিন্তু বুধবাৰেও আদালতত অমল সৰকাৰৰ ভাষ্য গ্ৰহণ সম্পূৰ্ণ নোহোৱা বুলি জানিব পৰা গৈছে । যাৰ বাবে পুনৰ দুদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে হত্যাকাণ্ডৰ অভিযুক্ত অমল সৰকাৰক ।
ঘটনাৰ বিৱৰণ :
গড়াজানৰ গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰ ওৰফে আখি সৰকাৰৰ বিয়াৰ মাত্ৰ কেইটামান দিন পূৰ্বে অতি নৃশংস ঘটনাটো সংঘটিত হৈছিল । হত্যাৰ বলি হৈছিল গুণধৰ সৰকাৰৰ লগতে পত্নী সুৰধ্বনি সৰকাৰ আৰু কনিষ্ঠা কন্যা জয়স্মিতা সৰকাৰ । ২২ নৱেম্বৰৰ সন্ধিয়া ঘৰৰ ভিতৰতে পৰিয়ালটোৰ তিনিওগৰাকী সদস্যৰ লগতে উদ্ধাৰ হৈছিল অনুপম সূত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃতদেহ । ঘৰৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা যুৱক অনুপম সূত্ৰধৰৰ ঘৰ নগাঁৱৰ তেলিয়াপট্টিত । বিয়াৰ প্ৰস্তুতি চ়লা গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ পূৰ্বৰ প্ৰেমিক আছিল অনুপম সূত্ৰধৰ । কিন্তু পৰিয়ালৰ লোকে অনুপম সূত্ৰধৰৰ সৈতে নৱাস্মিতা সৰকাৰক বিয়া দিয়াত অস্বীকাৰ কৰি আন এজন যুৱকৰ সৈতে বিয়া চূড়ান্ত কৰিছিল পৰিয়ালৰ লোকে । ঘটনা সংঘটিত হোৱাৰ পাছতেই এই কথা সদৰী কৰিছিল স্থানীয় লোকৰ লগতে আৰক্ষীয়েও ।
কিদৰে সংঘটিত হৈছিল গড়াজানৰ নৃশংস হত্যাকাণ্ড ?
গড়াজানৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতেই নগাঁও আৰক্ষীয়েও যথেষ্ট তৎপৰতাৰে হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে । ঘটনাত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰে আৰক্ষীৰ জেৰাত ভয়ংকৰ কথা স্বীকাৰ কৰিছে । নগাঁও আৰক্ষীৰ সূত্ৰৰ মতে গুণধৰ সৰকাৰৰ কন্যা নৱাস্মিতা সৰকাৰৰ পূৰ্বৰ প্ৰেমিক অনুপম সূত্ৰধৰে পৰিয়ালটোৰ তিনি সদস্য ক্ৰমে গুণধৰ সৰকাৰ, জয়াস্মিতা সৰকাৰ আৰু মাতৃ সুৰধ্বনি সৰকাৰক হত্যা কৰাৰ সময়তেই ঘৰটোত উপস্থিত হৈছিল গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰ । লগে লগে অমল সৰকাৰ আৰু অনুপম সূত্ৰধৰৰ মাজত সৃষ্টি হয় সংঘাতৰ । এনে সময়তেই আত্মৰক্ষাৰ বাবে একেখন দাৰেই অমল সৰকাৰে অনুপম সূত্ৰধৰক আক্ৰমণ কৰে । সেই আক্ৰমণত অনুপম সৰকাৰৰ মৃত্যু হয় । নগাঁও আৰক্ষীৰ জেৰাত ধৃত অমল সৰকাৰে এইদৰে স্বীকাৰোক্তি প্ৰদান কৰা বুলি নগাঁও আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।
ইফালে দুদিনৰ ন্যায়িক জিম্মাৰ অন্তত পুনৰ নগাঁও আদালতে অমল সৰকাৰৰ ভাষ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :ৰহস্য ভেদ: গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ আঁৰত কোন আছিল প্ৰকৃততে ?