ETV Bharat / state

আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:54 AM IST

Dhing Minor rape case: নগাঁও জিলাৰ ধিঙত মুমূৰ্ষু অৱস্থাত পথৰ দাঁতিত উদ্ধাৰ নাবালিকাক । ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰি নাবালিকাগৰাকীক পেলাই থৈ যোৱাৰ অভিযোগ ৷ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি । দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবীত আছুৱে ধিং বন্ধৰ ঘোষণা কৰিছে ।

Dhing Minor rape case
Representational Image (ETV Bharat)

ধিং,২৩ আগষ্ট : কলকাতাৰ অভয়াকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ থকাৰ সময়তে অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা । এগৰাকী নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যোৱৰ ভয়ংকৰ অভিযোগ । ঘটনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে ধিং বন্ধৰ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

নাবালিকাক ধৰ্ষণ;অনিৰ্দিষ্টকাললৈ ধিং বন্ধৰ ঘোষণা আছুৰ (ETV Bharat)

নাবালিকাক ধৰ্ষণৰ অভিযোগ

এই জঘন্য ঘটনাটো ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছে । টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত ৩ দুৰ্বৃত্তই নাবালিকা ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে নাবালিকাগৰাকীক পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে একাংশ লোকে । পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

ধিং বন্ধৰ ঘোষণা আছুৰ

এই ঘটনাৰ পিচতে ধিঙত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কলকাতাকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ধিঙত সংঘটিত এই ধৰ্ষণকাণ্ডই পুনৰ এবাৰ মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । ধিঙৰ মাজমজিয়াত ফুট গধূলি সংঘটিত এই ধৰ্ষণকাণ্ডৰ পিচতে স্থানীয় সংগঠন আৰু ৰাইজ উত্তেজিত হৈ পৰে । নিশা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় একাংশ লোকে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

কেৱল এয়াই নহয় নিশাৰ ভিতৰতে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে । একেদৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত ধিং বন্ধৰো ঘোষণা কৰে আছুৱে । আছুৱে ঘোষণা কৰা মতে এই সময়ছোৱাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব । যান-বাহনৰ চলাচলো বন্ধ থাকিব । ইফালে নগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে । কিন্তু এতিয়ালৈ আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক :ৰাজ্যত বৃদ্ধি নাৰী নিগ্ৰহৰ ঘটনা : নিৰাপত্তা-ন্যায় বিচাৰি তিতাবৰৰ ৰাজপথত মহিলা - Molestation in Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.