ETV Bharat / state

গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো তেনেই সাধাৰণ কথা: মৃণাল শইকীয়া - Mrinal Saikia Controversy

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 1:59 PM IST

Mrinal Saikia's 8 PM Facebook post: বিৰোধী দলৰ প্ৰাৰ্থীক নিৰ্বাচনত জয়লাভৰ অভিনন্দন জনাই মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ পাচত এইবাৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰত্যুত্তৰ ৷ বিজেপিত তেওঁৰ দিন চমু চাপি আহিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ইংগিতসূচক বাৰ্তা দিয়াৰ পাচতেই বুধবাৰে মৃণাল শইকীয়াৰ উত্তৰ বিৰোধীক অভিন্দন জনোৱাটো দোষণীয় নহয় ৷ মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰিছে তেওঁৰ সোঁৱে-বাঁৱে থকা একাংশই ৷

Mrinal Saikia Facebook post
বিধায়ক মৃণাল শইকীয়া (ETV BHARAT ASSAM)

গোলাঘাট, ৫ জুন: যোৰহাটত বিপুল ভোটত জয়ী হোৱা কংগ্ৰেছৰ গৌৰৱ গগৈক প্ৰশংসা কৰি শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিচতেই পুনৰ শাসকীয় দলটোৰ নেতাৰ মাজতেই আৰম্ভ হৈছে বাকযুদ্ধ । মৃণাল শইকীয়াই বিজেপিৰ বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই দিয়াত বিধায়কগৰাকীৰ বিৰুদ্ধে মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এইবাৰ মুখ্য়মন্ত্ৰীক উভতি ধৰি বিধায়কগৰাকীয়ে কোনো কাৰণতে বিজেপি দল ত্যাগ নকৰে বুলি হুংকাৰ দিয়ে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অন্য দলত মৃণাল শইকীয়াই যোগদান কৰাৰ সম্ভাৱনা আছে বাবেই এনে মন্তব্য কৰিছে বুলি কোৱাৰ পিচতেই প্ৰত্য়ুত্তৰ দিলে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱে-বাঁৱে থকা লোকসকলৰ উচতনিৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে বুলি তেওঁ কয় ৷ গৌৰৱ গগৈক সামাজিক মাধ্যমত শুভেচ্ছা জনোৱাৰ পিছতেই সামাজিক মাধ্যমত বিধায়কগৰাকী প্ৰসংগত যথেষ্ট তোলপাৰ লগাইছিল অসমৰ ৰাজনীতিত । বিধায়ক মৃণাল শইকীয়াই এই প্ৰসংগত কয়," বিৰোধী হ’ল বুলিয়েই যে কোনোবা শত্ৰু হ’ব সেয়া নহয় ।"

তৰুণ গগৈৰ পৰিয়ালৰ লগত বিধায়কগৰাকীৰ সম্পৰ্ক এতিয়াৰ নহয় ৷ ১৯৯৮ চনতেই তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিত তৰুণ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিধায়ক মৃণাল শইকীয়াই ৷ তেতিয়াৰ পৰাই তৰুণ গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো তেনেই সাধাৰণ কথা বুলি উল্লেখ কৰি বিধায়ক মৃণাল শইকীয়াই কয়," এইবাৰ ৰঙা লাইটৰ উৎপাতত যোৰহাটবাসী ৰাইজ অতিষ্ঠ হৈছিল ।"

ইপিনে, বুধবাৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ এই বছৰো খুমটাই সমষ্টিৰ যোগীবাৰীত পথৰ দুই কাষত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে বিধায়ক মৃণাল শইকীয়াই । পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সচেতন বিধায়ক মৃণাল শইকীয়াই সকলোকে গছপুলি ৰোপণ কৰিলেই নহয় তাৰ প্ৰতিপালন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:শাসকীয় বিধায়কৰ সামাজিক মাধ্য়মত বিৰোধীৰ প্ৰশংসা, গৰজি উঠিল মুখ্যমন্ত্ৰী - LOK SABHA ELECTION RESULTS 2024

গৌৰৱ গগৈক প্ৰশংসা কৰি ফেচবুকত পোষ্ট বিধায়ক মৃণাল শইকীয়াৰ ! - Mrinal Saikia Controversial Facebook Post

বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ - MRINAL SAIKIA OUTBURST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.