নগাঁও, ১০ ছেপ্টেম্বৰ : মঙলবাৰে পুৱাতেই পুত্ৰ তথা দলীয় কৰ্মীক লগত লৈ আৰু হাতত এটা পেনড্ৰাইভ লৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন । নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কোঠাত দীঘলীয়া সময় অতিবাহিত কৰে সাংসদ ৰকিবুল হুছেইনে ।
আনহাতে, আৰক্ষী বিষয়াগৰাকীৰ কোঠাৰ পৰা ওলায়েই সংবাদ মাধ্যমক সম্বোধন কৰি শাসকীয় দলৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ ৰকিবুল হুছেইনে ।
পুত্ৰক লগত লৈ ৰকিবুল কিয় উপস্থিত হ’ল আৰক্ষী থানাত ?
মঙলবাৰে পুৱা নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এগৰাকী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰকিবুল হুছেইনে । শাসকীয় দলৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে । কেইদিনমান পূৰ্বে নগাঁৱৰ বৰঘাটত অনুষ্ঠিত এক দলীয় সভাত ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনৰ বিৰুদ্ধে ভাবুকিভৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।
সম্প্ৰতি নিজৰ নিৰাপত্তাৰক্ষী নথকা বুলি উল্লেখ কৰি সাংসদ ৰকিবুল হুছেইনে বিধায়ক জিতু গোস্বামীৰ ভাবুকিত ভয় কৰা বুলি মন্তব্য কৰি নিৰাপত্তাহীনতাৰ কথা উল্লেখ কৰে ৰকিবুল হুছেইনে । কেৱল এয়াই নহয়, আৰক্ষী প্ৰশাসন নিজৰ মতে চলা বুলি বিধায়ক জিতু গোস্বামীয়ে দম্ভালি মৰা বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে । নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৰকিবুল হুছেইনক চামগুৰি সমষ্টিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ দিয়া বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা ৰকিবুলে ।
কি আছে ৰকিবুল হুছেইনৰ পেনড্ৰাইভত ?
মঙলবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ৰকিবুল হুছেইনে এজাহাৰৰ লগত দাখিল কৰিছে এটা পেনড্ৰাইভ । কিন্তু কি আছে পেনড্ৰাইভটোত ? আচলতে বিধায়ক জিতু গোস্বামীয়ে দলীয় কৰ্মীৰ সৈতে হোৱা এক আলোচনা সভাত দিয়া ভাষণৰ ভিডিঅ' ৰেকৰ্ডিং আছে ৰকিবুল হুছেইনে দাখিল কৰা পেনড্ৰাইভত ।
প্ৰকৃততে ভাষণত কি কৈছিল জিতু গোস্বামীয়ে ?
দিনদিয়েক পূৰ্বে নগাঁৱৰ বৰঘাটত আয়োজিত এক দলীয় সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল বিধায়ক জিতু গোস্বামীয়ে । বিতৰ্কৰ সৃষ্টি হোৱা ভাষণৰ ভিডিঅ' আহি পৰিছে ই টিভি ভাৰতৰ হাতত । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ জয়ী হ'লেও চামগুৰিত কাম কৰিবলৈ নিদিয়ে বুলি দলীয় কৰ্মীৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল বিধায়ক জিতু গোস্বামীয়ে ।
এতিয়া সমালোচনাৰে থকা-সৰকা কৰা ৰকিবুল হুছেইনক জিতু গোস্বামীয়ে কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া পৰৱৰ্তা সময়ত লক্ষণীয় হ'ব ।