ETV Bharat / state

পাছপ’ৰ্ট সেৱা কেন্দ্ৰ স্থাপনৰ দাবী: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ - Passport Seva center in Sivasagar

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:23 AM IST

Gaurav Gogoi writes to S Jaishankar: শিৱসাগৰ জিলাত পাছপ’ৰ্ট সেৱা কেন্দ্ৰ(পি এছ কে) স্থাপনৰ দাবীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ৷ সোমবাৰে এই পত্ৰ প্ৰেৰণ কৰিছে সাংসদ গগৈয়ে ৷

Gaurav Gogoi writes to S Jaishankar
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

গুৱাহাটী, 13 আগষ্ট: শিৱসাগৰত এক পাছপ’ৰ্ট সেৱা কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । এই দাবীৰে ইতিমধ্যে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰলৈ এক পত্ৰও প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । সোমবাৰে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰলৈ লিখা পত্ৰখনত ঐতিহাসিক শিৱসাগৰৰ জনসাধাৰণৰ বাবে এটা পাছপ’ৰ্ট সেৱা কেন্দ্ৰ অতিকে প্ৰয়োজনীয় বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে, জিলাখনৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন পেছাত জড়িত ব্যক্তি আৰু ব্যৱসায়ীৰ সংখ্যা বৃদ্ধিৰ বাবে পাছপ’ৰ্ট সেৱাৰ সহজ সুবিধা লাভ কৰাটো প্ৰয়োজনীয় । শিৱসাগৰত পাছপ’ৰ্ট সেৱা কেন্দ্ৰ স্থাপন কৰিলে ইয়াৰ লোকসকলে অপৰিসীম সকাহ পোৱাই নহয়, ই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নতো অৰিহণা যোগাব বুলিও সাংসদগৰাকীয়ে দাবী কৰে ৷

সাংসদ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ক শিৱসাগৰত পাছপ’ৰ্ট সেৱা কেন্দ্ৰ স্থাপন কৰিবলৈ জনোৱা অনুৰোধক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ তথা বিষয়টো শীঘ্ৰে সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, অসম তথা উত্তৰ-পূবৰ বান সমস্যাৰ ক্ষীপ্ৰগতিত সমাধান, উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক বান মুক্ত কৰি গঢ়ি তোলা, ডিব্ৰুগড়-শিৱসাগৰ-যোৰহাটৰ সৈতে ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ ৰে'ল যোগাযোগ সূচল কৰি তোলা, উত্তৰ-পূব সীমান্ত-ৰে'লৱেত অসম তথা উত্তৰ-পূবৰ নিৱনুৱাক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ সংসদত সৰৱ হৈ পৰা দেখা গৈছে যোৰহাটৰ পৰা নিৰ্বাচিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ৷

লগতে পঢ়ক: গৌৰৱ গগৈৰ বিৰুদ্ধে অভিসন্ধি কৰিছে কোনে ? গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছে - MP Gaurav Gogoi

ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ - Assam Politics

সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাটো প্ৰয়োজন: গৌৰৱ গগৈ - Politics of Parliament

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.