ETV Bharat / state

তেলচুৰি কাণ্ড : আৰক্ষীৰ জিম্মাত বিধায়কপুত্ৰ ৰকিবুল - Nagaon Oil Theft racket

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 9:49 PM IST

MLA Nurul Huda reacted on sons arrest : তেলচোৰৰ বৃহৎ গেঙৰ বিৰুদ্ধে অব্যাহত নগাঁও আৰক্ষীৰ অভিযান । অভিযানত আৰক্ষীৰ জালত পৰিছে তেলচুৰি চক্ৰৰ কেইবাজনো সদস্য । য'ত নাম সাঙোৰ খাইছে এগৰাকী কংগ্ৰেছ বিধায়কৰ পুত্ৰৰ । তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত বিধায়কৰ পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰূপহীহাটত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ইফালে পুত্ৰৰ হৈ স্পষ্টীকৰণ দিছে তেলচুৰিকাণ্ডত নাম সাঙোৰ খোৱা পুত্ৰৰ বিধায়ক পিতৃয়ে ।

MLA Nurul Huda Reacted on Sons Arrest
পুত্ৰক গ্ৰেপ্তাৰ সন্দৰ্ভত বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নগাঁও, ৫ আগষ্ট : প্ৰায়েই বিতৰ্কত সাঙোৰ খাই চৰ্চিত হৈ অহা এগৰাকী কংগ্ৰেছ বিধায়ক । নাম তেওঁৰ নুৰুল হুদা । একালৰ চামগুৰি সমষ্টিৰ কংগ্ৰেছী পালিনেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে চামগুৰিৰ পৰা আহি ৰূপহীহাটৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক নুৰুল হুদা পুনৰ এবাৰ চৰ্চালৈ আহিছে । এইবাৰ অৱশ্যে নিজৰ বাবে নহয়, পুত্ৰৰ এক বেআইনী কাণ্ডই চৰ্চালৈ আনিছে বিধায়ক নুৰুল হুদাক ।

বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কাৰণ- আৰক্ষীৰ চকুত তেলচুৰি চক্ৰৰ সৈতে জড়িত আছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা । ইতিমধ্যে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে বিধায়ক পুত্ৰৰ বিৰুদ্ধে কিছু তথ্য লাভ কৰাৰ পিচতেই শনিবাৰে নিশা বিধায়কপুত্ৰক বিচাৰি দিছপুৰৰ বিধায়ক আবাসত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় । তাৰ পিচত দেওবাৰে নিশা গোচৰ ৰুজু হৈ থকা কলিয়াবৰৰ উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পন কৰে বিধায়কৰ অভিযুক্ত পুত্ৰ ৰকিবুল হুদাই । আনহাতে, নিশাতেই কলিয়াবৰ আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰকিবুল হুদাক ।

বিধায়ক পুত্ৰৰ বিৰুদ্ধে কি কি তথ্য লাভ কৰিলে নগাঁও আৰক্ষীয়ে ?

নগাঁৱৰ কলিয়াবৰৰ জখলাবন্ধা, বাগৰি আদি অঞ্চলত চলি থকা বৃহৎ তেলচুৰি চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত আৰম্ভ হোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় অসাধু তেলচুৰি চক্ৰটোৰ কেইবাজনো সদস্য । এই চক্ৰটোৰ সদস্যকেইজন আৰক্ষীৰ জালত পৰাৰ পাচতেই চক্ৰটোৰ সৈতে বিধায়কপুত্ৰ ৰকিবুল হুদা জড়িত থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ।

চক্ৰটোৰ এজন সদস্যৰ পৰা আৰক্ষীক মেনেজ কৰাৰ নামত ইতিমধ্যেই ইউ পি আইৰ (UPI) লেনদেনৰ জৰিয়তে ৫০ হেজাৰ টকা বিধায়কপুত্ৰ ৰকিবুল হুদাই লোৱাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে । যাক লৈ এতিয়া বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সমষ্টিবাসীৰ প্ৰতিক্ৰিয়া

ইফালে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতেই সমষ্টিটোৰ সাধাৰণ ভোটাৰৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়কপুত্ৰৰ এনে কাণ্ডক এতিয়া গৰিহণা দিছে সমষ্টিটোৰ বিভিন্ন মহলে ।

পুত্ৰৰ অভিযোগক লৈ ৰকিবুল হুদাৰ পিতৃ নুৰুল হুদাৰ প্ৰতিক্ৰিয়া

আনহাতে, তেলচুৰি চক্ৰৰ সৈতে পুত্ৰ ৰকিবুল হুদাৰ নাম সাঙোৰ খোৱাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক পিতৃ নুৰুল হুদাই । তেওঁ কয়, "আৰক্ষীয়ে তেলচুৰি চক্ৰৰ লগত জড়িত এজনৰ একাউণ্টত ৰকিবুলৰ যি ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে সেয়া সম্পূৰ্ণ ব্যক্তিগত লেনদেন । গ্ৰেপ্তাৰ হোৱা লোকজনে নিজৰ বিয়াৰ সময়ত ৮০ হাজাৰ টকা ধাৰে লৈছিল ৰকিবুলৰ পৰা । তাৰে ৫০ হাজাৰ টকা অনলাইনযোগে পৰিশোধ কৰিছিল ৰকিবুলক । কিন্তু এতিয়া সেই প্ৰসংগটোকে লৈ এটা চামে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মোৰ পুত্ৰক জড়িত কৰাৰ লগতে মোক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে ।"

অৰ্থাৎ যিটো ধনৰ লেনদেন তেলচুৰি চক্ৰটোৰ এজন সদস্যৰ সৈতে হৈছিল সেয়া ধাৰলৈ দিয়া টকা উভতাই লোৱাৰ বাবে হোৱা লেনদেন বুলিহে উল্লেখ কৰে বিধায়ক নুৰুল হুদাই ।

অৱশ্যে বিধায়কপুত্ৰৰ বিৰুদ্ধে উত্থাপিত তেলচুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ আৰু বিধায়ক নুৰুল হুদাৰ স্পষ্টীকৰণ যিয়েই নকওক কিয়, আৰক্ষীয়ে অব্যাহত ৰখা অনুসন্ধানতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ।

লগতে পঢ়ক :তেলচুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগ : বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ - MLA Nurul Huda son arrested
লগতে পঢ়ক :বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ আত্মসমৰ্পণ: তেলচুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ - Oil Theft Racket

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.