ETV Bharat / state

চাহ শ্ৰমিকৰ ধাৰাবাহিক প্ৰতিবাদৰ পাচতে ভুক্তভোগীৰ গৃহত উপস্থিত বিধায়ক বিনোদ হাজৰিকা - MLA Binod Hazarika - MLA BINOD HAZARIKA

Mukalbari Tea Estate : চাহ শ্ৰমিক ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতে লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কিশোৰীগৰাকীৰ গৃহত উপস্থিত বিধায়ক বিনোদ হাজৰিকা ৷ কিশোৰীৰ পৰিয়ালক দুই লাখ ধন প্ৰদানৰ আশ্বাস বিধায়ক হাজৰিকাৰ ৷

MLA Binod Hazarika visited Mukalbari tea estate
চাহ শ্ৰমিকৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতে ভুক্তভোগীৰ গৃহত উপস্থিত বিধায়ক বিনোদ হাজৰিকা (Etv bharat)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:22 PM IST

চাহ শ্ৰমিকৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতে ভুক্তভোগীৰ গৃহত উপস্থিত বিধায়ক বিনোদ হাজৰিকা (Etv bharat)

মৰাণ, 20 মে’ : পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মোকালবাৰীত 15 মে’ৰ দিনা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ 15 বছৰীয়া কিশোৰী ৰাধা পাটনায়কে নাদুৱা মোকালবাৰী সংযোগী পথত সন্ধিয়া 6 মান বজাত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন বাইকে খুন্দিওৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ।

এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাগিচাখনৰ চাহ শ্ৰমিক ৰাইজে । ধাৰাবাহিক প্ৰতিবাদৰ অন্তত দেওবাৰে লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত মৃত কিশোৰী‌গৰাকীৰ গৃহত উপস্থিত হয় বিধায়ক বিনোদ হাজৰিকা ।

বিধায়কগৰাকীয়ে মোকালবাৰী চাহ বাগিচাত অৱস্থিত মৃত কিশোৰীগৰাকীৰ গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দোষীয়ে যাতে উচিত শাস্তি পাই তাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । লগতে কিশোৰী গৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুই লাখ ধন প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে বিধায়ক হাজৰিকাই ।

উল্লেখযোগ্য যে, এই ঘটনাৰ পাছতে ঘটনাৰ ন্যায় দাবী কৰি নাদুৱা চাইদিং-অকলেণ্ড সংযোগী গড়কাপ্তানী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে । আশ্চৰ্যকৰ কথাটো হ'ল ঘটনা সংঘটিত কৰি মটৰ চাইকেলৰ সৈতে আৰোহীজন মাটিত পৰি গৈছিল । স্থানীয় ৰাইজে মটৰ চাইকেল আৰোহীজনক প্ৰাথমিক চিকিৎসা কৰি যাবলৈ সুবিধা কৰি দিছিল যদিও মটৰ চাইকেল আৰোহীজনে ৰাইজক কিশোৰীগৰাকীক খুন্দা মৰাৰ কথা নজনালে ।

মটৰ চাইকেল আৰোহীজন গুচি যোৱাৰ পাচতহে অঞ্চলটোৰ ৰাইজে মটৰ চাইকেলৰ খুন্দাত কিশোৰীগৰাকীৰ মৃত্যু হৈছে বুলি অৱগত হয় । ইয়াৰ পাছতে ক্ষোভিত হৈ পৰিছে চাহ বাগিচাখনৰ লোক ।

লগতে পঢ়ক: অল্টো-অ’টোৰ মুখামুখি সংঘৰ্ষত অ’টো চালকৰ মৃত্যু - road accident in guwahati

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.