ETV Bharat / state

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা : অখিল গগৈ - Assam Flood 2024 - ASSAM FLOOD 2024

MLA Akhil Gogoi in Nagaon : নগাঁৱত উপস্থিত বিধায়ক অখিল গগৈ ৷ ভগ্ন হাতীমূৰা মথাউৰিৰ ক্ষেত্ৰত চিবিআইৰ তদন্তৰ দাবী বিধায়ক অখিল গগৈৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷

Assam Flood 2024
নগাঁৱত বিধায়ক অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:52 AM IST

কলিয়াবৰ/বঢ়মপুৰ, 6 জুলাই : ‘‘অসমখন কেনেকৈ চলিছে, জলসম্পদ বিভাগটো কেনেকৈ চলিছে তাৰ উৎকৃষ্ট উদাহৰণ হাতীমূৰা মথাউৰিটো । জলসম্পদ বিভাগটো যে উপযুক্ত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে চলা নাই তাৰ উদাহৰণ হাতীমূৰাৰ ভগ্ন মথাউৰিটো । কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ উদ্দেশ্যৰে কলিয়াবৰলৈ দুৰ্যোগ নমাই অনা কাৰ্য অমানৱীয় ৷" শুকুৰবাৰৰ বিয়লি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কলিয়াবৰত উপস্থিত হৈ কলং মুখৰ ছিঙা মথাউৰিৰ স্থান পৰিদৰ্শন কৰি এইদৰে প্ৰতিক্ৰিয়া আগবঢ়ায় ৷

নগাঁৱত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

বিধায়কগৰাকীয়ে বোৱতী কলঙৰ প্ৰকল্প প্ৰস্তুত কৰোঁতে ল'বলগীয়া গুৰুত্বপূৰ্ণ বিষয়সমূহ আওকাণ কৰাৰ ফলত কলিয়াবৰবাসীয়ে পুনৰ এক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ কয়, "ৰাজ্যৰ জলসম্পদ বিভাগটো কিমান অদক্ষ, নিষ্কৰ্মা তাৰ উদাহৰণ কলিয়াবৰৰ হাতীমূৰা মথাউৰি ।’’

‘‘সস্তীয়া জনপ্ৰিয়তাৰ বাবে কলঙক বোৱাই নিয়াৰ বাবে ৰোমাণ্টিক ধাৰণা থাকিলেই নহ'ব, ইয়াৰ সঠিক পৰিকল্পনাও যুগুত কৰিব লাগিব । তেনে কোনো পৰিকল্পনা যে নাই তাৰ প্ৰমাণ শ্লুইচ গেটখনেই দিছে । খনন সম্পূৰ্ণ নোহোৱাকৈয়ে শ্লুইচ গে'টৰ সমুখৰ অ'ভাৰ ডেমটো কাটি দিয়া কাৰ্য হঠকাৰী আছিল । ধাৰলৈ অনা টকাৰে নিৰ্মাণ কৰা এই কামটো কেৱল নাম কিনিবলৈ কৰা কামলৈ ৰূপান্তৰিত হ'ল । যাৰ ফল ভুগিছে কলিয়াবৰীয়া ৰাইজে ।’’ তেওঁ কয় ৷

Assam Flood 2024
নগাঁৱত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

‘‘ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উৰুলি পুঙা ৷ যাৰ বাবে তেওঁ বন্যাৰ্তৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব পৰা নাই ৷" এই বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ৷

এই শ্লুইচ গে'ট নিৰ্মাণত কেলেংকাৰীৰ হোৱা বুলি অভিযোগ তুলি অখিল গগৈয়ে কয় শ্লুইচ গেট নিৰ্মাণত কিয় এনে বিসংগতি হ'ল তাৰ বাবে চিবিআইৰ তদন্ত দাবী কৰে । চিবিআই তদন্তৰ আওটালৈ মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়ককো অনাৰ দাবী তোলে বিধায়কগৰাকীয়ে ৷

কামপুৰত বিধায়ক অখিল গগৈ

বানে ধোৱা কামপুৰত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ । কামপুৰৰ বান পৰিস্থিতিৰ বুজ লয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷ বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ পটিয়াপাম, দেউৰিগাঁও, চাংজুৰাইকে ধৰি বিভিন্ন শিবিৰলৈ গৈ বন্যাৰ্তসকলৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে ভগ্ন মথাউৰিবোৰ পৰিদৰ্শন কৰে ৷ লগতে মত বিনিময়ো কৰে ৷

ৰাইজৰ দলৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰী শিবিৰসমূহত বিতৰণ কৰা হয় । ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বন্যাৰ্তসকলক উপযুক্ত খাদ্য, স্বাস্থ্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, কপিলী নৈৰ মথাউৰিসমূহো স্থায়ীভাৱে নিৰ্মাণ কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ দিয়ে বিধায়ক অখিল গগৈয়ে ৷

উল্লেখ্য যে, বিপদৰ সময়ত ৰাইজৰ কাষত নাথাকি বিদেশলৈ গৈ পুত্ৰৰ উপনয়ন অনুষ্ঠান আয়োজন কৰা বিধায়ক জিতু গোস্বামীকো সমালোচনাৰে থকা-সৰকা কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক: ঘটনাবহুল শুকুৰবাৰ : বহুকেইটা ঘটনাৰ সাক্ষী হৈ ৰ'ল গুৱাহাটী মহানগৰী - Incidents in Guwahati

বলিয়া বানৰ ভয়ংকৰ ৰূপ : তিনি হাজাৰ কোটিৰো অধিক আন্তঃগাঁথনি ক্ষতিৰ আশংকা - Assam Flood 2024

বোকাখাতত বান সাহায্যত দুৰ্নীতি ! ৬ বছৰ ধৰি গুদামত পৰি আছে ৫০০ কুইণ্টল চাউল - Assam Flood 2024

বেকীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বিকল্প ৰাজ্যিক ঘাইপথলৈ - Beki river erosion in Kalgachia

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.