ETV Bharat / state

গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ কোনেও বাৰণ কৰিব নোৱাৰে: অখিল গগৈ - কা বিৰোধী প্ৰতিবাদ

Protest against CAA: নগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ ৷ ডি জি পিৰ বাপেকৰ বাপেক আহিলেও বুলি কৰা মন্তব্য শুনক খোদ অখিল গগৈৰ মুখেৰেই-

akhil gogoi slams assam cm and dgp by protesting against caa
অখিল গগৈ
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 3:38 PM IST

অখিল গগৈৰ ধমক

নগাঁও, 6 মাৰ্চ : ৰাজ্যত পুনৰ আৰম্ভ হৈছে ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি ৷ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে কা বলবৎ কৰিবলৈ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰেও বিভিন্ন সংগঠনে কৰি থকা প্ৰতিবাদক আওকাণ কৰি কা বলবৎ কৰাৰ দিশে আগবাঢ়িছে ৷

পুনৰ কা বলবৎ কৰাৰ বাবে তৎপৰ হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বিধায়ক অখিল গগৈ । কেৱল চৰকাৰৰ বিৰুদ্ধেই নহয় ‘কা’ ৰ বিৰুদ্ধে অসম বন্ধ, প্ৰতিবাদ কৰিলে ক্ষতিপূৰণ হিচাপে জৰিমনাৰ সন্মুখীন হ’ব বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কৰা মন্তব্যৰ বিৰুদ্ধেও জাঙুৰ খাই উঠে বিধায়ক অখিল গগৈ ।

ডি জি পি সিঙক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে যে গণতান্ত্ৰিকভাৱে কৰা আন্দোলন ডি জি পি নালাগে ডি জি পি বাপেকৰ বাপেক আহিলেও বাৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে তেওঁ । অসমত ‘কা’ বলবৎ কৰাব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰে বিধায়কজনে । অসমৰ ৰাইজে কোনো কাৰণত মানি নলয় এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বুলিও মন্তব্য কৰে তেওঁ ।

অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে গুণ্ডাৰ মুৰব্বী হিচাপে কাম কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে । অসমৰ ৰাইজক ডি জি পি য়ে ৰঙা চকু দেখুওৱাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে । অসমত পুনৰ কা ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে তেওঁ । উল্লেখ্য যে, বুধবাৰে কাজিৰঙা উচ্ছেদৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা হৈ থকা এক গোচৰৰ শুনানিৰ বাবে বুধবাৰে নগাঁও আদালতত উপস্থিত হয় বিধায়ক অখিল গগৈ ।

লগতে পঢ়ক : তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ‘কা’ বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.