ETV Bharat / state

পোষ্টাৰিং কৰোতেই টাইপাৰ সভাপতিক আটক, থানাত উপস্থিত আটাছুৰ উপ সভাপতি - Miya Muslims Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 1:48 PM IST

Postering against Miya Muslims : উজনিত চলিছে অবৈধ মিঞা মুছলমান বিৰোধী পোষ্টাৰিং । অবৈধ মিঞা মুছলমানক ৭ দিনৰ ভিতৰত উজনি অসম এৰাৰ নিৰ্দেশ কেইবাটাও সংগঠনৰ । ইয়াকে লৈ উত্তাল ৰাজ্য় । ইপিনে, মিঞাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা নেতাসকলক তলব কৰিছে প্ৰশাসনে ৷

Postering against Miya Muslims
টাইপা-আটাছুৰ মিঞা বিৰোধী অভিযান (ETV Bharat Assam)

মৰাণ, ২৮ আগষ্ট : ধিঙৰ ধৰ্ষণ-কাণ্ডৰ পাছতেই উজনি অসমত একত্ৰিত হৈছে জাতি জনগোষ্ঠীয় দল-সংগঠনসমূহ । শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত মিঞা মুছলমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰি অবৈধ মিঞা মুছলমানক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছে কেইবাটাও দল-সংগঠনে । ইয়াৰ মাজতে শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত মিঞাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা নেতাসকলক তলব কৰিছে প্ৰশাসনে ।

মঙলবাৰে অবৈধ মিঞা মুছলমানক উজনি অসম ত্যাগৰ দাবীত সোণাৰিত পোষ্টাৰিং কৰাৰ সময়তে আটক কৰা হৈছিল টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিসহ জিলাৰ সহকাৰী সম্পাদক পাৰ্থ ৰাজকোঁৱৰক । অবৈধ মিঞা মুছলমানক উজনি অসম ত্যাগ কৰাৰ লগতে নগাঁওৰ খাৰুপেটীয়াৰ শাক-পাচলি চৰাইদেউত বন্ধ কৰিবৰ বাবে পোষ্টাৰিং কৰোতেই আৰক্ষীয়ে আটক কৰে টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীক ।

সোণাৰিৰ দৈনিক বজাৰত পোষ্টাৰিং কৰাৰ সময়তে সোণাৰি আৰক্ষীয়ে আটক কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে চৰাইদেউৰ সোণাৰি আৰক্ষী থানা ভৰি পৰে টাইপাৰ নেতা-কৰ্মীৰে । ৰাইজৰ দাবীত বিনাচৰ্তে মুকলি আকাশৰ তললৈ আহিল টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু পাৰ্থ ৰাজকোঁৱৰ ।

আৰক্ষীৰ ভয় দেখুৱাই লাভ নাই : বিজয় ৰাজকোঁৱৰ

মুকলি হোৱাৰ পিচতেই টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়," আহোমসকলে ১৭ বাৰ অসমৰ পৰা মোগলক খেদিলে । সেই আহোমৰ নাতি পুতি আমি । সেই মিঞা খেদিব লাগিব আমি । আৰক্ষীয়ে নিজৰ কাম কৰিছে তাত আমাৰ ক'বলগা নাই । আমি আমাৰ দায়িত্ব পালন কৰিম । আৰক্ষীৰ ভয় দেখুৱাই আমাক লাভ নাই । আমাৰ স্থিতি একেই আছে, ৭ দিনৰ ভিতৰত উজনি অসম এৰিব লাগিব মিঞাই ।"

আটাছু নেতাক থানালৈ তলব :

মৰাণত মিঞাক ৭ দিনৰ সময়সীমা বান্ধি দিয়া পাছতেই আটাছু নেতাক থানালৈ তলব । এদিনৰ পূৰ্বে উজনি অসম মৰাণৰ পৰা ৭ দিনৰ ভিতৰত মিঞাক আঁ‌তৰি যাবলৈ টাই আহোম ছাত্ৰ ছাত্ৰ সন্থাই সময়সীমা বান্ধি দিয়াৰ পিছতে সৰব হৈ পৰিছে আৰক্ষী প্ৰশাসন । মঙলবাৰে বিয়লি আটাছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দেৱজিত গগৈক খোৱাং থানালৈ তলব কৰি জবাবদিহি কৰে আৰক্ষীয়ে । ৩ ঘন্টাৰো অধিক সময় সোধা-পোছা কৰাৰ অন্তত কিছু নীতি নিৰ্দেশনা বান্ধি দিয়ে আটাছু নেতাগৰাকীক । সেই অনুসৰি অগণতান্ত্ৰিক পন্থা অৱলম্বন কৰিলেই আইনী ব্যৱস্থা লোৱা হ'ব নেতাগৰাকীৰ বিৰুদ্ধে ।

থানাৰ পৰা ওলাই মিঞাৰ বিৰুদ্ধে হুংকাৰ :

আটাছুৰ উপ সভাপতি দেৱজিত গগৈয়ে থানাৰ পৰা ওলাই আহিয়েই মিঞাৰ বিৰুদ্ধে হুংকাৰ দি কয়," অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন কৰিবলৈ গ'লে আমাক বিভিন্ন ক্ষেত্ৰৰ পৰা বাধা দিয়া হয় । আৰক্ষীয়ে নিজৰ কাম কৰাত বহু ক্ষেত্ৰত ব্যৰ্থ হৈছে । কিন্তু মিঞাৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব ।"

মিঞা মুছলমানক সাত দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ ইতিমধ্যে হুংকাৰ দিয়া কেইবাটাও সংগঠনৰ নেতালৈ চমন জাৰি কৰিছে জিলা শিৱসাগৰ জিলা প্ৰশাসনে । ইযাৰ মাজতো উজনিত আৰক্ষী থানাই থানাই জাতীয় সংগঠনৰ নেতাৰ মিঞাৰ বিৰুদ্ধে গৰ্জন দেখা গৈছে । সমান্তৰালভাৱে ডিব্ৰুগড় জিলাতো দেখা গৈছে এই পৰিৱেশ ।

লগতে পঢ়ক:বিধায়কক প্ৰত্য়াহ্বান: উজনিৰ পৰা অবৈধ মিঞা উচ্ছেদ কৰিবলৈ নিৰ্দেশ আটাছুৰ - Miya Muslims Controversy

মৎস্য ব্যৱসায়ীক মধ্য অসমত ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ - Miya Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.