ETV Bharat / state

ৰাজনৈতিক শালীনতা ৰক্ষা কৰিবলৈ কাক ক'লে মীৰা বৰঠাকুৰে ? - BY ELECTION IN ASSAM 2024 - BY ELECTION IN ASSAM 2024

Congress leader Mira Borthakur: গুৱাহাটীত সংবাদমেল সম্বোধন কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷ কংগ্ৰেছে সমাগত উপ-নিৰ্বাচনক অকলে নিৰ্বাচনত অংশ লোৱাৰ কথা ঘোষণা কৰাক লৈ বিৰোধী ঐক্য মঞ্চৰ সৰৱ চৰ্চা ৷ সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কংগ্ৰেছ নেত্ৰী বৰঠাকুৰৰ ৷

BY ELECTION IN ASSAM 2024
উপ নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ ঘোষণাক লৈ চৰ্চা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:48 PM IST

গুৱাহাটী, 23 জুলাই: অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া চলিছে সমাগত উপ-নিৰ্বাচনকেন্দ্ৰিক বাকবিতণ্ডা ৷ ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে যুঁজ দিয়াৰ সিদ্ধান্ত লোৱাৰ কথাক লৈ উত্তপ্ত হৈছে ৰাজ্যৰ ৰাজনীতি ৷ বিশেষকৈ বিৰোধী ঐক্য মঞ্চত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা এই ঘোষণাক লৈ চলিছে সৰৱ চৰ্চা ৷

অখিল-মীৰাৰ বাকযুদ্ধ (ETV Bharat Assam)

কিছুদিন পূৰ্বে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি বিৰোধী ঐক্য মঞ্চক সুকীয়া সুকীয়াকৈ নিৰ্বাচন নেখেলি ঐক্যবদ্ধ হৈ খেলাৰ আহ্বান জনাইছিল ৷ পৰৱৰ্তী সময়ত সোমবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আন এক সংবাদমেল সম্বোধন কৰি ভূপেন বৰাৰ এই সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰে ৷

লগতে পঢ়ক: '26 ৰ পিছত বশিষ্ঠৰ বিজেপিৰ কাৰ্যালয় বিবাহ ভৱনলৈ পৰ্যবসিত হ’ব: অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

ৰাইজৰ দলৰ সভাপতি গগৈয়ে এই সন্দৰ্ভত কয় যে, "আমি ধান ৰুইছো একেলগে, ভাত বনাইছো কিন্তু ভাত অকলে কংগ্ৰেছে খালে নহ’ব ৷ আমি সাগৰ মন্থন কৰি কেৱল এটা দলক অমৃত খাবলৈ দি বাকী দলসমূহক বিহ দিলে নহ’ব" ৷

অখিল গগৈৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ বৰঠাকুৰে বিৰোধী ঐক্য মঞ্চৰ কোনো কমিটীত নাই বুলি সদৰী কৰি বিষয়টো সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক: ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আওপকীয়াকৈ ভূপেন বৰাক সমৰ্থন জনাই অতি কৌশলীভাৱে উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বৰাই কৰা মন্তব্য কোনোধৰণে ভুল নাছিল বুলিও ব্যক্ত কৰে ৷ গতিকে বিৰোধীসকলে কংগ্ৰেছ দলক সমালোচনা কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক শালীনতা ৰক্ষা কৰা উচিত বুলি মীৰা বৰঠাকুৰে কয় ।

আনহাতে, আওপকীয়াকৈ বৰঠাকুৰে অখিল গগৈক টাৰ্গেট কৰি কয় যে, বিৰোধীয়ে কংগ্ৰেছৰ প্ৰতি কটু বাক্যবাণ প্ৰক্ষেপ কৰা উচিত নহয় ৷ কাৰণ পিচত আকৌ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে তেওঁলোকে লাজ পাব নালাগে ।

লগতে পঢ়ক: উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.