ETV Bharat / state

সৰ্থেবাৰী-বটিয়াতৰ বুঢ়াদিয়া নদীৰ ভগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:26 AM IST

Ranjeet Kumar Dass visits Barpeta: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সৰ্থেবাৰী-বটিয়াতৰ বুঢ়াদিয়া নদীৰ মথাউৰিৰ ভগ্নাংশ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ লগতে মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে বন্যাৰ্তৰ সৈতেও কথা পাতি তেওঁলোকৰ মনৰ অৱস্থাৰ বুজ লয় ৷

Ranjeet Kumar Dass visits Barpat
বুঢ়াদিয়াৰ ভগ্নাংশ মথাউৰি পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ (ETV Bharat Assam)

বৰপেটা, 12 জুলাই : ‘‘বৰপেটা জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ জৰিয়তে যিবোৰ বান্ধ নিৰ্মাণ অথবা মেৰামতি কৰা হৈছিল ৷ সেইবোৰ এতিয়া জলসম্পদ বিভাগক হস্তান্তৰ কৰা হ’ব । গতিকে জলসম্পদ বিভাগে আগন্তুক দিনত এই কামবোৰ কৰিব ।’’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

বৰপেটাত মন্ত্ৰী ৰণজিৎ দাস (ETV Bharat Assam)

উল্লেখ্য যে, বৃহস্পতিবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বায়সা, গড়ৰট্টাৰী আৰু সৰ্থেবাৰী পৌৰসভাৰ দহ নম্বৰ ৱাৰ্ডত উপস্থিত হৈ বান পৰিস্থিতিৰ প্ৰতিটো দিশ নিজে তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে ।

লগতে পঢ়ক : ধিঙত বানাক্ৰান্তৰ মাজত অখিল গগৈ : ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দাবী - Assam Flood 2024

ইতিমধ্যে সকলোৰে জ্ঞাত যে, প্ৰধানকৈ বুঢ়াদিয়া নদীৰ বানে সৰ্থেবাৰীৰ বিস্তৃত অঞ্চল এইবাৰ বুৰাই পেলায় । ইয়াৰ ফলত কেবা হেজাৰ লোক বানৰ কবলত পৰে । সম্প্ৰতি পানী শুকাইছে যদিও অদ্যাপি পৰিস্থিতি স্বাভাৱিক হোৱা নাই । বৃহত্তৰ সৰ্থেবাৰী অঞ্চলত সৃষ্টি হোৱা বানৰ অন্যতম কাৰণ হ'ল বুঢ়াদিয়া নদীৰ উন্মুক্ত হৈ থকা বান্ধটো ।

মন্ত্ৰী দাসে বৃহস্পতিবাৰে এই উন্মুক্ত হৈ থকা বান্ধৰ অংশটো পৰিদৰ্শন কৰে । বান্ধটোৰ বিষয়ে তেওঁ সেই স্থানৰ পৰাই ফোনযোগে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতো কথা-বাৰ্তা পাতে । লগতে মন্ত্ৰীগৰাকীয়ে স্থানীয় লোক তথা বানাক্ৰান্তৰ লগত মত বিনিময় কৰি ক্ষয় ক্ষতিৰো বুজ লয় ৷ আনকি মন্ত্ৰীগৰাকীয়ে চৰকাৰী সাহাৰ্য সামগ্ৰী বিতৰণ সন্দৰ্ভতো ৰাইজৰ পৰা প্ৰত্যক্ষভাৱে মতামত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : বান পৰিস্থিতিক লৈ চৰকাৰে উজনি-নামনিৰ বিভেদ অনাৰ অভিযোগ - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.