ETV Bharat / state

অখিল গগৈ দুৰ্যোধন আৰু দুঃশাসনৰ অভিভাৱক: মন্ত্রী পীযুষ হাজৰীকা - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 1:10 PM IST

Assam Assembly autumn session: নাৰী নিৰ্যাতন প্ৰসংগত পুৱাই অখিল গগৈয়ে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লয় । সেই প্ৰতিবাদৰ পিচতে বিধায়ক গগৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বিজেপিৰ একাংশ নেতাই ।

Assam Assembly autumn session
অখিল গগৈ দুৰ্যোধন আৰু দুশাসনৰ অভিভাৱক (ETV Bharat)

গুৱাহাটী, ২৭ আগষ্ট : বিধানসভাৰ অধিবেশনৰ সময়ত প্ৰত্যেক বাৰেই কিবা নহয় কিবা বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত বিতৰ্কৰ সৃষ্টি হয় । এইবাৰো কেইবাটাও বিষয়ত শাসক-বিৰোধীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছে ।

অখিল গগৈ আৰু মহাভাৰত প্ৰসংগ

মঙলবাৰে বিধানসভাৰ অধিবেশন দ্বিতীয় দিনা পুৱাৰ ভাগতেই নাৰী নিৰ্যাতনৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে । বিৰোধীয়ে এই প্ৰসংগত বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । নাৰী নিৰ্যাতনৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্রহৰণৰ প্ৰসংগ টানি আনিছিল । বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক 'ধৃতৰাষ্ট্ৰ' আখ্য দি নাৰী নিৰ্যাতন ৰোধত চৰকাৰৰ ব্যৰ্থতাক কটাক্ষ কৰে । বিধায়ক অখিল গগৈৰ এনে কটাক্ষৰ পাছতে সৰৱ হৈ পৰে শাসকীয় বিজেপি দল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী পীযুষ হাজৰীকাই বিধায়ক অখিল গগৈক উভতি ধৰে ।

পীয়ুষৰ আক্ৰমণ

মন্ত্রী পীযুষ হাজৰীকাই কয়,"অখিল গগৈ হৈছে দুৰ্যোধন আৰু দুঃশাসনৰ অভিভাৱক । যিসকলে নাৰীক সন্মান নকৰে সেইসকল দুৰ্যোধনৰ পৃষ্ঠপোষক । অখিল গগৈয়ে এটা বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে । সেই বিশেষ সম্প্ৰদায়টোৱে যে নাৰীক সন্মান নকৰে সেই কথা অখিল গগৈয়ে ভায়েক সকলক বুজাওক ।" উজনিলৈ মাছৰ ৰপ্তানি বন্ধ বিতৰ্কত তেওঁ কয়, "উজনিলৈ মাছৰ ৰপ্তানি বন্ধ কৰাৰ ক্ষেত্ৰত অখিল গগৈৰ ভূমিকা কি হ'ব প্ৰথমে জনাওঁক । মাছ ব্যৱসায়ীসকল অখিল গগৈৰ ভাতৃ ।"

অখিল গগৈক সমালোচনা মানৱ ডেকাৰ

আনহাতে বিজেপি বিধায়ক মানৱ ডেকাই কয়, "মিঞাৰ ককায়েক অখিল গগৈ । দু:শাসন মিঞাসকল আৰু দুৰ্যোধন অখিল গগৈ ।"

উল্লেখ্য যে নাৰী নিৰ্যাতনৰ প্ৰসংগক লৈ মঙলবাৰে বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । হাতত এখন বিশাল পোষ্টাৰ লৈ অখিল গগৈয়ে ৰাজ্যত চলি থকা নাৰী নিৰ্যাতন ৰোধ কৰাৰ ক্ষেত্রত চৰকাৰৰ ব্যৰ্থতা উদঙাই প্ৰতিবাদ কৰে । পোষ্টাৰখনত অখিল গগৈয়ে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰ সজাই উল্লেখ কৰে,"ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্রহৰণ ! নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব ! নাৰীয়ে নিৰাপত্তা পাব কেতিয়া ?" বিধায়কগৰাকীয়ে চিত্রৰ জৰিয়তে দ্ৰৌপদীৰ বস্ত্রহৰণৰ বিষয়টো দাঙি ধৰে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দলৰ মন্ত্রী-বিধায়কসকলে ।

লগতে পঢ়ক :প্ৰসংগ নাৰী নিৰ্যাতন : মুখ্যমন্ত্রীক ধৃতৰ‍াষ্ট্ৰ সজাই বিধায়ক অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.