ETV Bharat / state

স্মাৰ্ট মিটাৰক লৈ সৰৱ বিৰোধী: সত্যতা প্ৰতিপন্ন কৰাৰ প্ৰস্তাৱ মন্ত্রী পীযুষ হাজৰীকাৰ - Oppositions Walkout From Assembly

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 4:43 PM IST

Assam Smart Meter Controversy: স্মাৰ্ট মিটাৰক লৈ আজি উত্তপ্ত হৈ পৰে অসম বিধানসভা ৷ স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়ে সদন উত্তপ্ত কৰাৰ পাছত সদন ত্যাগ কৰে । ইয়াৰ পাছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্রী পীযুষ হাজৰীকাই ৷ সত্য ওলাই পৰাৰ ভয়ত বিৰোধীয়ে নিজৰ ঘৰত দুটাকৈ মিটাৰ লগোৱাৰ পৰামৰ্শ মানি নোলোৱাৰ দাবী মন্ত্ৰী হাজৰীকাৰ ৷

Assam Smart Meter Controversy
মন্ত্রী পীযুষ হাজৰীকা (ETV Bharat Assam)

গুৱাহাটী, ২২ আগষ্ট: স্মাৰ্ট মিটাৰক লৈ বিৰোধীয়ে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্রী পীযুষ হাজৰীকাই । অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি প্ৰথমদিনা স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠন চলোৱাৰ অভিযোগ তুলি বিৰোধীয়ে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধীয়ে লুণ্ঠন চলোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে ।

বিৰোধীৰ সদন ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত কয়, "কংগ্ৰেছ দলে স্মাৰ্ট মিটাৰৰ কথাত সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল । মতান্তৰ থাকিব পাৰে বাবেই ১২৬ গৰাকী বিধায়কৰ ঘৰত দুটাকৈ মিটাৰ লগোৱাৰ পৰামৰ্শ দিয়া হৈছিল । এটা স্মাৰ্ট মিটাৰ আৰু আনটো পূৰ্বৰ মেন্যুৱেল মিটাৰ । এমাহ পাছত দুয়োটা মিটাৰৰ ৰিডিং চালেই সকলো প্ৰমাণ হৈ যাব । তাৰতম্য থাকিলে স্মাৰ্ট মিটাৰৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ ল'ব । কিন্তু তেওঁলোকে নামানিলে আৰু সদন ত্যাগ কৰিলে । আচলতে তেওঁলোকে সত্যটো ওলাই পৰিব বুলি ভয় খায় ।"

লগতে পঢ়ক: স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত মন্ত্রী পীযুষ হাজৰীকাই কয়, "মাৰ্চ মাহৰ তুলনাত জুলাই মাহত বিল বেছিকৈ আহিব । কাৰণ মাৰ্চৰ তুলনাত জুলাইত গৰম বেছি হয় আৰু গৰমত ফেন, এ চি আদিৰ ব্যৱহাৰ বেছিকৈ হয় । আনহাতে বিগত বৰ্ষৰ জুন মাহৰ আৰু এই বছৰৰ জুন মাহৰ বিলৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছিল । তাৰতম্য হ'লে নিশ্চয় ব্যৱস্থা লম । তদুপৰি পৰীক্ষামূলকভাৱে ১২৬ গৰাকী বিধায়কে দুটাকৈ মিটাৰ লগাই চোৱাৰ প্ৰস্তাৱ দিছিলো ।"

ইফালে হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত আজি প্ৰতিবাদ সাব্যস্ত কৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰসংগত তেওঁ কয়, "মই বিৰোধী দলপতি আৰু অখিল গগৈক দুটাকৈ মিটাৰ লগোৱাৰ বাবে অনুৰোধ জনাইছো । মোৰ ঘৰতো লগাও । এমাহ চালে সকলো স্পষ্ট হৈ পৰিব । বিলৰ তাৰতম্য হ'লে প্ৰমাণ হৈ যাব আৰু পদক্ষেপ লম । বিৰোধী দলপতিয়ে মোৰ প্ৰস্তাৱ মানি লওক । অসম বিধানসভাৰ সদস্যসকলে দুটাকৈ মিটাৰ লগোৱাত কি আপত্তি আছে । প্ৰমাণ কৰি চাবলৈ এমাহ সময় লাগিব ।"

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন: হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.