ETV Bharat / state

কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Slams Congress

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:21 PM IST

Pijush Hazarika Slams Congress : নলবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ কংগ্ৰেছক আক্ৰমণ । লগতে অভিযোগ, এটা বিশেষ সম্প্ৰদায়ে অসমীয়া লোকক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে । সেয়া হ'বলৈ দিয়া নহ'ব বুলি মন্ত্ৰী পীযুষ হাজৰীকাৰ হুংকাৰ ।

Pijush Hazarika Slams Congress
পীযুষ হাজৰীকাৰ বিস্ফোৰক মন্তব্য (ETV Bharat Assam)

নলবাৰী, ২৭ জুন : নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ ১২ সংখ্যক কেবিনেট বেঠকত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰীকাৰ বিস্ফোৰক মন্তব্য । সাংবাদিকৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বিশেষকৈ তেওঁ কংগ্ৰেছ আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

পীযুষ হাজৰীকাৰ সংবাদমেল (ETV Bharat Assam)

মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য, "এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমৰ খিলঞ্জীয়া লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । ধাৰাবাহিকভাৱে এই সম্প্ৰদায়টোৰ লোকে খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।" কিন্তু এই বিষয়ত চৰকাৰ কঠোৰ হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

আনহাতে, ধুবুৰীত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক এই বিশেষ সম্প্ৰদায়টোৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰি সাংবাদিকৰ আগত পীযুষ হাজৰীকাই কয়, "ধাৰাবাহিকভাৱে এনে ঘটনা ঘটি থকাটো আমাৰ বাবে বেয়া লক্ষণ ।"

ইফালে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি পীযুষ হাজৰীকাই কয়, কংগ্ৰেছে লাভ কৰা ভোটৰ ভিতৰত ৫৮-৬০ লাখ ভোট বিশেষ সম্প্ৰদায়ৰ পৰা লাভ কৰিছে । যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ পিচতে এই বিশেষ সম্প্ৰদায়টো সক্ৰিয় হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয়, যদি এই সম্প্ৰদায়টোৱে ভাবিছে যে তেওঁলোকে আকৌ আক্ৰমণ কৰিব, কিন্তু সেয়া হ'ব দিব নোৱাৰি । তেওঁলোকে অসমীয়াক মষিমূৰ কৰিম বুলি ভবাটোক কেতিয়াও সহ্য কৰিব নোৱাৰি ।

নিৰ্বাচনৰ পিচত অসমত বেয়া পৰিৱেশৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে অভিযোগ কৰে যে এই সম্প্ৰদায়টোৱে আৰু বেয়া পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে । অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নাথাকিলে পৰিস্থিতি আৰু বেয়া হ'লহেঁতেন বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে, কংগ্ৰেছে বিশেষ সম্প্ৰদায়ৰ লোকক তুষ্টিকৰণৰ কথা উল্লেখ কৰি এই বিষয়ত অসমীয়া লোকসকলক সজাগ হ'বলৈও আহ্বান জনায় ।

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাৰ এই বক্তব্য তেওঁৰ সামাজিক মাধ্যম ফেচবুকতো ইতিমধ্যে পোষ্ট কৰিছে । তেওঁৰ এটা ফেচবুক পোষ্টোত লিখিছে, "বিগত লোকসভা নির্বাচনৰ পাচৰে পৰা অসমত কেইবাটাও ধাৰাবাহিক বিক্ষিপ্ত ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আৰু কাকতালীয়ভাৱে (!) এই ঘটনাবোৰত সাঙোৰ খাইছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ নাম। বিগত মে’ মাহত অসমত নিৰ্বাচন হৈ যোৱাৰ পাচত বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত কেইবাজনো খিলঞ্জীয়া ব্যক্তি গুৰুতৰভাৱে আহত হয়। পৰিকল্পিতভাৱে এখন খিলঞ্জীয়া অসমীয়া গাঁৱত এনেদৰে কৰা আক্ৰমণৰ এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্তকেইটাৰ নাম হৈছে ক্ৰমে জহুৰ খান (বয়স ৫৪ বছৰ), ববিদুল খান (১৮ বছৰ), চাহাব আলী (৪৮ বছৰ), আব্দুল মিয়া (৬০ বছৰ) আৰু নিৰাজুল মিয়া (১৮ বছৰ) । ঘটনাটোত অভিযুক্ত আনসকলৰ নাম হৈছে জাকিৰ খান (২৫ বছৰ), আটোৱাৰ আলী (২০ বছৰ), ইনজামানূল হক (২৩ বছৰ), জয়নাল আবেদিন (২৫ বছৰ) আৰু নূৰ মহম্মদ মিঞা (২১ বছৰ) ।"

আন এটা ঘটনাৰ প্ৰসংগ টানি আনি তেওঁ পোষ্টটোত লিখিছে, "মে’ মাহতে লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত মোবাইল চুৰিত জড়িত থকাৰ সন্দেহত আটক কৰা এজন ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল । পৰৱৰ্তী সময়ৰ চিকিৎসকৰ প্ৰতিবেদন অনুসৰি, ব্যক্তিজন পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত আছিল, যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল । কিন্তু ঘটনাৰ মূল কথাৰ সম্ভেদ নোলোৱাকৈয়ে এটা বিশেষ সম্প্ৰদায়ৰ বহুতো ব্যক্তিয়ে আৰক্ষী চকী আক্ৰমণ কৰি কৰ্তব্যৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে । এই আক্ৰমণত আৰক্ষীৰ লোকৰ লগতে সংবাদকৰ্মীও আহত হৈছিল । পাচত আৰক্ষীয়ে এই পৰিকল্পিত আৰু দলবদ্ধ আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ২৬টা অভিযুক্তৰ মূল অভিযুক্তকেইটাৰ নাম আছিল জাহাংগীৰ আলী, ৰাজিবুল হুছেইন, আছাদুল হক, চাৰিফুল আলী, চাহজাহান আলী, মণিৰুল ইছলাম, পাপু খান, মজিবুৰ ৰহমান, চাহজাহান আলী, আজিজুৰ ৰহমান, মোবাৰক আলী, কাচেম আলী, আনাৰুল ইছলাম, বাহাৰুল ইছলাম, চনি আহমেদ, মালেক আলী, চৈয়দ মুজিবুৰ ৰহমান, ৱাচিনুৰ ৰহমান, ৰেজাউল ইছলাম, আমিৰ হামজা, চাইফুল ইছলাম, নাজিম আলী আৰু নুৰ হুছেইন আলী।"

একেদৰে আন দুটা ঘটনা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক পোষ্টত লিখিছে, "...জুন মাহৰ ৭ তাৰিখে কোকৰাঝাৰ জিলাৰ চিথিলা অঞ্চলত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ কেইবাগৰাকীও কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক গুৰুতৰভাৱে আহত হয়। পৰিকল্পিত এই ঘটনাৰ মূল অভিযুক্তকেইটাৰ নাম হৈছে মকবুল, চুৰমান আলী, নচাদ আলী, আজাদ, জামাদ আলী, ফাৰাজ, খাৰিজ, আৰিফ, অয়নাল আলী, হাফিজুল আৰু জুমুৰ । যোৱা ২২ জুন তাৰিখে ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ এটা অতি জঘন্য ঘটনা সংঘটিত হয় । এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটাৰ নাম হৈছে আনচেন আহমেদ (বয়স ২৯ বছৰ), চাদ্দাম হুছেইন, মুস্তাক আহমেদ (২৯ বছৰ), মহিদুল ইছলাম (২৫ বছৰ) আৰু অভিজুল আলী (২৫ বছৰ) ।"

এই প্ৰসংগকেইটা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আনকেইটামান প্ৰশ্নও উত্থাপন কৰে । তেওঁ পোষ্টটোত লিখিছে, "কথা হ’ল, হঠাৎ এটা বিশেষ সম্প্ৰদায়ৰ নাম সাঙোৰ খোৱা এই ঘটনাবোৰে কি প্ৰতিফলিত কৰিছে ? শেহতীয়া নিৰ্বাচনত আমাৰ দল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী উজনি অসমৰ যোৰহাট সমষ্টিত হাৰিছিল । কিন্তু প্ৰশ্ন হ'ল, হঠাৎ এই নিৰ্বাচনৰ পাছত আজি প্ৰায় তিনি বছৰে কোনো ধৰণৰ বিশেষ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱৰা এক বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তবোৰ হঠাৎ সক্ৰিয় হৈ এটাৰ পাচত এটা দলবদ্ধ আক্ৰমণত লিপ্ত হৈছে কিয় ? খিলঞ্জীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ দৰে মানৱ সভ্যতাক ভুলুণ্ঠিত কৰা ঘটনা কিয় সংঘটিত হৈছে ?"

লগতে পঢ়ক :মিনি দিশপুৰত পৰিণত নলবাৰী, জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক - CABINET MEETING IN NALBARI

লগতে পঢ়ক :ভগৱানে ৰণজিৎ কুমাৰ দাসক পাটাছাৰকুছিলৈ কিয় পঠিয়ালে ? - Minister Ranjeet Kumar Dass

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.