ETV Bharat / state

দুগৰাকী সংগঠকক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা প্ৰদান, মুখপত্ৰ উন্মোচন - Sadou Asom Lekhika Samaroh Samiti

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 9:01 AM IST

Lekhika Samaroh Samiti Award 2024 : বিজনীত পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ ৪ৰ্থ মৃত্যু বাৰ্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী 'সু-সংগঠক বঁটা' প্ৰদান অনুষ্ঠান সম্পন্ন । স্মৃতিগ্ৰন্থ 'আই দুলানী' উন্মোচন ।

Sadou Asom Lekhika Samaroh Samiti Award ceremony
সদৌ অসম লেখিকা সমাৰোহ সমিতি (ETV BHARAT ASSAM)

চিৰাং, ২৪ জুন : চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত দেওবাৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ ৪ৰ্থ মৃত্যু বাৰ্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা প্ৰদান অনুষ্ঠান এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত বিজনী শাখাৰ আতিথ্যত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান ।

এই অনুষ্ঠানতেই তৃণমূল পৰ্যায়ৰে পৰা নিষ্ঠাৰে কাম কৰি অহা মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়া আৰু অবিভক্ত শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, লেখিকা ৰুমা দেৱীক ২০২৪ বৰ্ষৰ 'সু-সংগঠক বঁটা' প্ৰদান কৰা হয় ।

দেওবাৰে পুৱা আয়োজক চাৰিখন জিলাৰ পতাকা উত্তোলনৰ পাচত পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰ আৰু ষড়ানন বৰঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্য়ক্তিয়ে । ইয়াৰ পিচত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী বিভা বুজৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে আঁতধৰে । এই সভাতে লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ 'লেখিকা' উন্মোচন কৰে প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে ।

লগতে পঢ়ক:প্ৰবীণ সাংবাদিক বিকাশ শৰ্মাক গোলাঘাট প্ৰেছ ক্লাবৰ ৰাজহুৱা সম্বৰ্ধনা - Felicitation Program in Golaghat

অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 'আই দুলানী' স্মৃতিগ্ৰন্থখন বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে উন্মোচন কৰে । এই সভাখনতেই আন কে'বাখনো গ্ৰন্থ উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজীৎ শৰ্মা ৷ তেওঁ লেখিকা সমাৰোহ সমিতিয়ে অসমৰ ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াই আছে বুলি উল্লেখ কৰে ৷

মুকলি সভাৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰহাসগিৰি বসুমতাৰী, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী আৰু চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়ন ।

ইপিনে,আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৃণালিনী দেৱী, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ প্ৰমথেশ বায়ন, সদৌ অসম লেখিকা সমাৰোহৰ সমিতিৰ উপদেষ্টা ড৹ চাৰু চহৰীয়া নাথসহ কেবাগৰাকী অতিথিয়ে ।

লগতে পঢ়ক : মঙলদৈ প্ৰেছ ক্লাৱৰ দশম দ্বি-বাৰ্ষিক অধিৱেশনত নতুন সমিতি গঠন - Mangaldoi Press Club

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.