ETV Bharat / state

আলহী পক্ষীৰ কলৰৱত পুৱাৰ সূৰুযে চকু মেলিছে মাজুলীত - MIGRATORY BIRDS IN MAJULI

মাজুলীলৈ আগমন অষ্ট্ৰেলিয়া, ফ্ৰান্স, কানাডাৰ শীতৰ আলহী ৷ পুৱাৰ ৰ’দ কাঁচিয়লিৰ পৰা আৰম্ভ কৰি অস্ত যোৱালৈকে বিন্দনীয়া মাজুলীৰ নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ ৷

Attraction of birds Migratory in Majuli
বিন্দনীয়া মাজুলীৰ নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 3:08 PM IST

মাজুলী : সত্ৰপীঠ মাজুলীত এতিয়া প্ৰকৃতিয়ে লৈছে এক অনন্য ৰূপ । বিন্দনীয়া মাজুলীৰ নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ । বাৰিষা পানীৰে উপচি থকা ৰাজ্যৰ জলাশয়বোৰ এতিয়া ক্ৰমাৎ শুকাই গৈছে । এই নদ-নদী, জলাশয়বোৰলৈ বৰ্তমান আগমন ঘটিছে হাজাৰ-বিজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ ।

মাজুলীত এতিয়া পুৱা-গধূলি পক্ষীৰ কাকলিত মুখৰিত হয় আকাশ-বতাহ । কানাডা, অষ্ট্ৰেলিয়া, চাইবেৰিয়াকে আদি কৰি বিভিন্ন দেশৰ পৰা অহা পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে মাজুলীৰ বিল-জলাশয়সমূহ । আনহাতে, নদ-নদী, জলাশয়বোৰলৈ অহা এই পৰিভ্ৰমী চৰাই প্ৰত্যক্ষ কৰিবলৈ বিভিন্নজনৰ আগমন হৈছে এই স্থানবোৰলৈ ।

বিন্দনীয়া মাজুলীৰ নিৰিবিলি পৰিৱেশত পৰিভ্ৰমী পক্ষীৰ বিচৰণ (ETV Bharat Assam)
লগতে পঢ়ক : ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হোৱা দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ কলৰব

বিভিন্নজনে কেমেৰাৰ লেন্সত বন্দী কৰিছে জাক পাতি থকা চৰাইৰ নয়নাভিৰাম দৃশ্য । অতি দুখৰ কথা যে এই জলাশয়বোৰলৈ আগমন ঘটা প্ৰৰিভ্ৰমী চৰাইবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছে । ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰদূষণ, তাৰ উপৰি একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অসৎ মনোভাৱৰ বাবেও ক্ৰমান্বয়ে হ্ৰাস পাইছে এই পৰিভ্ৰমী পক্ষীৰ আগমন ।

লগতে পঢ়ক : আলহী পক্ষী আমুৰ ফেলকনক আদৰিবলৈ সাজু উত্তৰ-পূব ভাৰত

ই টিভি ভাৰতৰ কেমেৰাত আবদ্ধ হোৱা এই দৃশ্য পূব মাজুলীৰ মেৰাগড় অঞ্চলৰ জলাশয়ৰ । চৰাইজাকে বিচৰণ কৰা নান্দনিক দৃশ্য চাইছে বিভিন্নজনে । এই পৰিভ্ৰমী পক্ষীসমূহ যাতে কোনো দুষ্কৃতিকাৰীয়ে নিধন কৰিব নোৱাৰে তাৰ বাবে বন বিভাগে কৰিছে পহৰা ব্যৱস্থা ।

মাজুলী বন বিভাগৰ ফালৰ পৰা সকলো ৰাইজলৈ আহ্বান- মাজুলীলৈ অতিথিৰূপে অহা এই চৰাইবোৰৰ যাতে কোনেও অন্যায় নকৰে ‌। তেওঁলোকক নিজৰ মতে থাকিবলৈ দিয়ক । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা এই চৰাইবোৰক যাতে কোনেও অন্যায় কৰিব নোৱাৰে তাৰ বাবে সকলোৰে সহায় সহযোগিতা বিচাৰিছে মাজুলী জিলা বন বিভাগে ।

লগতে পঢ়ক : গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.