ETV Bharat / state

যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বানত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থৰ সভা

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 4:09 PM IST

Lok Sabha Election-2024: কোনে লাভ কৰিব বৰপেটা লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থিত্ব । বহুকেইজনৰ নাম চৰ্চিত হৈছে যদিও বৰ্তমানেও দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । ইয়াৰ মাজতে এগৰাকী যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান জনাই শুকুৰবাৰে বৰপেটা প্ৰেছ ক্লাৱত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থসকলৰ এখন সভা অনুষ্ঠিত হয় ৷

Meeting of comrades of The Assam Movement
অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থৰ সভা

অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থৰ সভা

বৰপেটা,৯ মাৰ্চ: বিজেপি মিত্ৰজোঁটে বৰপেটা সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে যদিও দলটোৱে আজিলৈকে প্ৰাৰ্থীৰ নামেই ঘোষণা কৰিব পৰা নাই ৷ সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী হিচাপে এইমুহূৰ্তত জ্যেষ্ঠ অগপ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ লগতে প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু ডাঃ তাৰাপ্ৰসাদ দাসৰ লগতে ড৹ ৰণজিৎ ডেকা আৰু অসম বিধানসভাৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান সচিব হেমেন দাসৰ নাম চৰ্চা চলি আছে ৷

অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব কোনে পাব তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে বৰপেটা প্ৰেছ ক্লাৱত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থসকলৰ এখন সভা অনুষ্ঠিত হয় ৷ বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব কোনে পাব তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে শ্বহীদ পৰিয়াল আৰু সংগ্ৰামী সতীৰ্থসকলৰ এই সভাখনে বিশেষ গুৰুত্ব বহন কৰিছে ৷ ইপিনে সভাৰ প্ৰস্তাৱসমুহ অগপৰ শীৰ্ষ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈয়ো প্ৰেৰণ কৰিব ৷

অসম আন্দোলনত নেতৃত্ব বহন কৰা তৰুণ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শ্বহীদ পৰিয়াল, অসম আন্দোলনত নেতৃত্ব বহন কৰা কেবাগৰাকীও নেতাৰ লগতে বৰপেটা জিলা ছাত্ৰ সন্থাৰ দুগৰাকী প্ৰাক্তন সম্পাদকৰ উপৰিও একাংশ প্ৰাক্তন আছু নেতা উপস্থিতি থাকে ৷ অসম আন্দোলনৰে জড়িত তথা আছুৰ নেতৃত্ব গ্ৰহণ কৰা প্ৰতিগৰাকী বক্তাই বৰপেটাত এগৰাকী যোগ্য লোকক প্ৰাৰ্থিত্ব দিবলৈ অগপ নেতৃত্বৰ প্ৰতি আহ্বান জনায় ৷

আনকি পূৰ্বে পৰাজিত লোকৰ পৰিৱৰ্তে এগৰাকী যোগ্য নেতাক সংসদলৈ নিৰ্বাচিত কৰাৰ বাবেও অগপ নেতৃত্বলৈ আহ্বান জনায় ৷ এই ক্ষেত্ৰত একাংশই অসম বিধানসভাৰ সদ্য অৱসৰী প্ৰধান সচিব হেমেন দাসক প্ৰাৰ্থিত্বৰো দাবী জনায় ৷ পিছে বৰপেটা লোকসভা সমষ্টি কোন হ'ব অগপ প্ৰাৰ্থী সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: বিয়া পাতি সন্তানে নিজৰ পিতৃ-মাতৃক অপমান নকৰিব: বদৰুদ্দিন আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.