ETV Bharat / state

কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন - MAY DAY 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 8:12 PM IST

INTERNATIONAL LABOUR DAY
কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন

কলিয়াবৰতো পালন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷ চাহ মজদুৰ সংঘ, জগদম্বা চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত এই দিৱস পালন কৰা হয় ৷ দিৱস পালন কৰা হয় ।

কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন

কলিয়াবৰ, 1 মে’: সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ মে’ত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয় । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বুধবাৰে পালন কৰা হয় মে’ দিৱস অথবা শ্ৰমিক দিৱস ৷

সমগ্ৰ কলিয়াবৰত অসম চাহ মজদুৰ সংঘ, জগদম্বা চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত মহিলা সমিতি আৰু বাগিচা ৰাইজৰ সহযোগত শ্ৰমিক দিৱস পালন কৰা হয় । অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ সভাপতি সুখদেৱ নায়ককে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে শ্ৰমিক দিৱসৰ অনুষ্ঠানত ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, মে’ দিৱস হিচাপেও জনাজাত এই দিৱস শ্ৰমিক শ্ৰেণীৰ অৱদানৰ স্মৃতিত, কঠোৰ আৰু অসুৰক্ষিত পৰিৱেশত কাম কৰা শ্ৰমিকসকলৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ পালন কৰা হয় । মে' দিৱস জীৱন আৰু প্ৰকৃতিৰ নৱীকৰণৰ আনন্দময় ক্ষণ উদযাপনৰ বাবে জনাজাত । শ্ৰমিক আন্দোলনৰ সফলতাৰ স্মৰণীয় অনুষ্ঠান হিচাপে সচৰাচৰ জনা যায় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসক । এই দিনটোত ভাৰতকে ধৰি ৮০ খনতকৈও অধিক দেশত ৰাজহুৱা বন্ধ ঘোষণা কৰা হয় ।

কলিয়াবৰৰ বাহিৰেও ৰাজ্যৰ ভিন্ন স্থানত বুধবাৰে শ্ৰমিক দিৱস পালন কৰা হয় ৷ গুৱাহাটীৰ শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহেও বুধবাৰে শ্ৰমিক দিৱস পালন কৰে ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সকলো ইউনিয়ন ফেডাৰেচনে আয়োজন কৰে মে’ দিৱস ৷ চালক ঐক্যমঞ্চৰ উদ্যোগতো শ্ৰমিক দিৱস আয়োজন কৰা হয়৷ চালকসকলে জাপৰিগোগ জনজাতি যুৱক সংঘৰ খেলপথাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে অনলাইন কেব সেৱা বর্জন কাৰ্যসূচী গ্ৰহণ কৰে ৷

ইফালে অসম চাহ মজদুৰ সংঘৰ উদ্যোগত লখিমপুৰতো বুধবাৰে শ্ৰমিক দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক: মে’ দিৱস : গুৱাহাটী মহানগৰীত শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নৰ উদ্যোগত মে’ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.