ETV Bharat / state

নিৰ্মাণৰ এবছৰ নৌহওঁতেই কপিলীৰ কোটিটকীয়া শৈলবান্ধত প্ৰৱল খহনীয়া - Erosion of Kapili River

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 4:53 PM IST

Kapili river erosion: কপিলীৰ নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে ৬ কোটি টকা ব্যয় সাপেক্ষে শৈলবান্ধ নিৰ্মাণ কৰা হৈছিল । কিন্তু ৰাইজৰ আশা এবছৰতেই নিৰ্বাপিত হ'ল । ৰাইজৰ অভিযোগ মতে, ঠিকাদাৰে সঠিকভাৱে কৰা নাই বান্ধৰ কাম ।

KAPILI RIVER IN NAGAON
কপিলী নদীৰ প্ৰৱল খহনীয়া (ETV Bharat Assam)

বঢ়মপুৰ, ১৪ জুন: নগাঁও জিলাৰ কামপুৰত বানৰ পিচত কপিলী নদীৰ প্ৰৱল খহনীয়াই চিন্তিত কৰিছে নৈপৰীয়া ৰাইজক । কোটিটকীয়া কপিলীৰ শৈলবান্ধ খহাৰ পিচতেই ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে । ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ৬ কোটি টকা ব্যয় সাপেক্ষে ৬০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত শৈলবান্ধটো নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই খহিবলৈ আৰম্ভ কৰিছে ।

উত্থাপিত অভিযোগ মতে, ঠিকাদাৰৰ গাফিলতিৰ বাবে কামপুৰৰ বৰচুঙত খহিল কোটিটকীয়া কপিলীৰ শৈলবান্ধ ৷ যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ ৰাইজৰ অভিযোগ মতে, ঠিকাদাৰে নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ ফলত বছৰৰ প্ৰথমটো বানতে খহিল কোটিটকীয়া এই বান্ধটো ৷ জলসম্পদ বিভাগৰ অধীনত বিগত বৰ্ষত ৬ কোটি টকা ব্যয় সাপেক্ষে ৬০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত শৈলবান্ধটো বৰচুঙত নিৰ্মাণ কৰা হৈছিল ।

শৈলবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত নৈপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও এবছৰ পিছতেই বান্ধটোৰ প্ৰায় ২৫ মিটাৰ খহাই নিয়ে । ইপিনে, কেইবা ঠাইতো ফাঁট মেলি বান্ধটো বহি যোৱাত শংকিত হৈ পৰিছে বৰচুং গাঁওবাসীৰ লগতে নৈপৰীয়া ৰাইজ । নিৰ্মাণৰ এবছৰৰ পিচতে শৈলবান্ধটো কিয় খহিল বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ৰাইজে নিৰ্মাণৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি কয় । ৰাইজে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক শৈলবান্ধটো সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ দাবী জনাইছে । ৰাইজে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগক পদক্ষেপ গ্ৰহণ কৰিবলৈও দাবী জনাইছে । এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:নগাঁৱত বানৰ বিভীষিকা : বানৰ কবলত শিশুসহ 22,354 গৰাকী লোক - FLOOD IN NAGAON

জয়ী হ'লে বানত ক্ষতিগ্ৰস্তক সকলো প্ৰকাৰে সহায় কৰিব প্ৰদ্যুৎ বৰদলৈয়ে - Assam Flood 2024

কাৰ্বি আংলঙৰ খানদাং জলবিদ্যুৎ প্ৰকল্পই নগাঁৱত সৃষ্টি কৰিছে ভাবুকি - Remal effects in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.