ETV Bharat / state

লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:54 PM IST

Erosion in Assam : ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে নৈৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি । ক'ত হৈছে এনে খহনীয়া ?

Erosion in Assam
ৰূপহীহাটত প্ৰৱল খহনীয়া (ETV Bharat Assam)

চামগুৰি, ৪ আগষ্ট: নগাঁও জিলাৰ ৰূপহীহাটত প্ৰৱল খহনীয়া অব্য়াহত । জিলাখনৰ ৰূপহীহাটৰ দুই নম্বৰ ভূৰবন্ধাত প্ৰলয়ংকৰী বানৰ পিছতে একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে প্ৰবল খহনীয়াই ৷ ৰূপহীহাটৰ এই অঞ্চলটো খহনীয়াৰ কবলত পৰি নিশ্চিন্ন হোৱাৰ উপক্ৰম ঘটিছে ৷ বিশেষকৈ ভূৰবন্ধা অঞ্চলটোত ব্ৰহ্মপুত্ৰই গৰা খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজে কটাবলগীয়া হৈছে বিনীদ্ৰ ৰজনী ৷ ভূৰবন্ধা জিলাখনৰ মানচিত্ৰৰ পৰা বিলীন হোৱাৰ উপক্ৰম ঘটাৰ পিচতো জলসম্পদ বিভাগে কোনো ব্য়ৱস্থা নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাইজৰ:

জিলাখনৰ লাওখোৱাৰ ভূৰবন্ধাত প্ৰবল খহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে ৰাইজে । ৰূপহীহাটৰ দুই নম্বৰ ভূৰবন্ধাত যোৱা কিছুদিন ধৰি লুইতৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে । নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য় হৈছে ।

নৈৰ বুকুত জাহ বিঘা কৃষি ভূমি :

ইতিমধ্যে ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে । নগাঁও জিলাৰ জলসম্পদ বিভাগে ভূৰবন্ধাৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । আনকি খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছতো স্থানীয় বিধায়কে ভূৰবন্ধাৰ পৰিস্থিতি বুজ ল'বলৈ আহৰি পোৱা নাই বুলিও ক্ষোভ প্ৰকাশ কৰিছে ক্ষুব্ধ ৰাইজে । যদিহে এনেদৰে ভয়াবহ খহনীয়া অব্যাহত থাকে তেতিয়াহ'লে শীঘ্ৰেই সমগ্ৰ অঞ্চলটো লুইতৰ বুকুত বিলীন হ’ব ৷

লগতে পঢ়ক:তিনিচুকীয়া জিলাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam flood 2024

কাছাৰৰ গোবিন্দপুৰত বৰাক নৈৰ ভয়ংকৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.