ETV Bharat / state

অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালক সংস্থাপন দিবলৈ দাবী শ্বহীদ পৰিয়ালৰ - ASSAM MOVEMENT

শ্বহীদ কমল বৰাৰ পৰিয়ালৰ সদস্য়ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ । আজিলৈকে নাপালে উপযুক্ত সন্মান আৰু জীৱনৰ নিৰাপত্তা ৷

Martyr Kamal Bora
ধেমাজি পাঁচআলি কোঁচ গাঁৱৰ কমল বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 6:58 PM IST

ধেমাজি : ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হৈছিল বিদেশী বিতাড়ন আন্দোলন । ১৯৭৯ চনত আৰম্ভ হোৱা ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনত আজি এই দিনটোতে প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ । পৰৱৰ্তী সময়ত ৮৫৫ গৰাকী অসমীয়া ডেকা স্বজাতিৰ বাবে শ্বহীদ হৈছিল । ইয়াৰ ফলশ্ৰুতিত সম্পাদিত হেছিল ঐতিহাসিক অসম চুক্তি ৷

অসম চুক্তিয়ে ৪১ বছৰ সম্পূৰ্ণ কৰিলে যদিও আজিকোপতি ৰাজ্যৰ চুকে কোনে মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া নিৰ্যাতিত বহু পৰিয়ালে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে । চৰকাৰ সলনি হ’ল যদিও তেওঁলোকৰ কথা কোনো এখন চৰকাৰে শুনিবলৈ আহৰি পোৱা নাই । এই ঐতিহাসিক অসম আন্দোলনৰ ভৰপক সময় ১৯৮৩ চনত ধেমাজি জিলাতো বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহুতে চিৰকাললৈ ঘূণীয়া হৈছিল ।

শ্বহীদ কমল বৰাৰ পৰিয়ালৰ সদস্য় (ETV Bharat Assam)

ধেমাজিৰ পাঁচআলি কোঁচ গাঁৱৰ কমল বড়াও শ্বহীদ হৈছিল অসম আন্দোলনত ৷ পিছে ছহিদ কমল বড়াৰ পৰিয়ালটোৱে আজিলৈকে নাপালে উপযুক্ত সন্মান আৰু জীৱনৰ নিৰাপত্তা । এইক্ষেত্ৰত ছহিদ কমল বড়াৰ ভতিজাক নাৰায়ণ বড়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত অসম আন্দোলনত শ্বহীদ হৈছিল ৮৫৫ জন লোক ৷ ছবছৰীয়া অসম আন্দোলনৰ ভিত্তিত ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল যদিও লাজৰ কথা যে আজিলৈকে নিজৰ স্বাৰ্থৰ হকে প্ৰতিটো ৰাজনৈতিক দলে ইয়াক ৰাজনীতি কৰি আহিছে ৷ আজিলৈকে অসম চুক্তি ৰূপায়ণ নকৰিলে ৷"

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি তেওঁ কয়, "বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই কৈছে অসম চুক্তিখন বহ্মপুত্ৰ উপত্যকাতহে হ'ব, বৰাকত নহ’ব ৷ অসম চুক্তি ৰূপৰয়ণ হোৱাৰ সময়ত তেনে কথা নাছিল । যদি অসম চুক্তি ৰূপায়ণ হ’ব সমগ্ৰ বৰঅসমতে ৰূপায়ণ হওক ৷ "

তেওঁ লগতে কয়, "অসম আন্দোলনৰ সময়ত যিসকল পৰিয়াল নিৰ্যাতিত হ’ল, ধৰ্ষিতা, গুলীবিদ্ধ, চিৰকাললৈ পংগু আৰু শ্বহীদ হৈছিল সেইসকলৰ ভিতৰত ইতিমধ্যে ৫১৯ টা নিৰ্যাতিত পৰিয়ালৰ আত্মীয়ক চৰকাৰে সংস্থাপন দিলে । বাকীসকলৰ আত্মীয়,পৰিয়ালে হাহাকাৰ কৰি আছে ৷ সেইসকল পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰক ।"

লগতে পঢ়ক:ঐতিহাসিক অসম চুক্তিৰ ৪১ বছৰ; কি পালে শ্বহীদ পৰিয়ালে ?

বৰাগাঁৱত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস; অসম আন্দোলনৰ তথ্যকোষৰ ষষ্ঠ খণ্ড উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.