তিনিচুকীয়া, ২৯ জুলাই: অসমৰ অন্যতম আদি ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ এক বহুদিনীয়া দাবী আছিল ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদান আৰু জনজাতিকৰণ ৷ এই দুয়োটা মূল দাবী পূৰণ নকৰি শাসিত চৰকাৰখনে জনগোষ্ঠীটোক প্ৰদান কৰিলে স্বায়ত্ত শাসিত পৰিষদ । জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদ গঠন কৰি চৰকাৰে প্ৰদান কৰিলে টকাৰ টোপোলা ৷ কিন্তু শেহতীয়াকৈ জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে প্ৰদান কৰা ধনৰ অপব্যয় হোৱাৰ বহু অভিযোগ উত্থাপন হৈছে ৷
দেওবাৰে মৰাণ স্বায়ত্ত শাসিত পৰিষদলৈ অহা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এক সংবাদমেল সম্বোধন কৰে এসময়ৰ আলফা নেতা ৰহেন্দ্ৰ মৰাণ ওৰফে গুলী অসমে ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত নিজা কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলখনত জনগোষ্ঠীটোৰ বিধায়ক আৰু ছয় সংগঠনে মৰাণ জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ পুঁজি ১২৫ কোটি টকাৰ ভিতৰত ৭ শতাংশ কমিছন লোৱাৰ অভিযোগ উত্থাপন কৰে ৰহেন্দ্র মৰাণ ওৰফে গুলী অসমে । গতিকে পৰিষদৰ সমগ্ৰ পুঁজিৰ সঠিক তদন্ত কৰিবলৈ আহ্বান জনায় প্ৰাক্তন আলফা নেতা ৰহেন্দ্ৰ মৰাণে ৷
লগতে, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃত্ব তথা বিষয়ববীয়াই এই ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ চুতীয়া উপাধিৰ ব্যক্তি হয় বুলি সংবাদমেলত ব্যক্ত কৰে মৰাণে ৷ তেওঁ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত লোকপিয়ল অনুসৰি মৰাণ জনগোষ্ঠীৰ ৫০% শতাংশ লোক চাহ-বাগিচা অঞ্চলত বাস কৰে বুলিও ভুল তথ্য দাখিল কৰাৰ কথা সংবাদমেলত সদৰী কৰে ।
লগতে পঢ়ক: ইংলে পথাৰৰ কৃষিভূমি অধিগ্রহণ নকৰিবলৈ সকীয়নি - Five Star Hotel In Kaziranga