শিলচৰ: জিৰিবামৰ ৬ গৰাকী মেইটেই শিশু আৰু মহিলাৰ হত্যাৰ পাছত উত্তপ্ত হৈ আছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি । মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পাছত অসম-মণিপুৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে কাছাৰ আৰক্ষীয়ে ৷ মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰভাৱ যাতে কাছাৰত নপৰে তাৰবাবে সীমান্তত দিনে নিশাই টহল দি আছে আৰক্ষীৰ জোৱানসকলে ।
স্থলপথৰ লগতে নদীপথতো তীক্ষ্ণ দৃষ্টি ৰাখিছে কাছাৰ আৰক্ষীয়ে ৷ দিনৰ পোহৰৰ সমান্তৰালকৈ নিশাৰ আন্ধাৰতো সীমান্তৰ বৰাক নৈৰ মাজত যন্ত্ৰ চালিত নাৱেৰে ইমূৰৰ পৰা সিমূৰলৈ টহল দিছে কাছাৰ আৰক্ষীসহ কামাণ্ডো বেটেলিয়ানে ৷ মণিপুৰৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে যাতে কাছাৰত প্ৰৱেশ কৰি কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰবাবে সীমান্তৰ স্থলপথ আৰু জলপথতো চোকা দৃষ্টি ৰাখিছে কাছাৰ আৰক্ষীয়ে ।
প্ৰতিদিনেই সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই । আনকি নিশাৰ ভাগতো নিজেই আৰক্ষী জোৱানসকলৰ লগত নদীপথেৰে সীমান্তত টহল দি আছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।
ইয়াৰ লগতে লগতে সীমান্তত অঞ্চলৰ শান্তি-সম্প্ৰতি বজায় ৰখাৰ লক্ষ্যৰে প্ৰায় প্ৰতিদিনেই মণিপুৰৰ জিৰিবামৰ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হৈছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা । যোৱা নিশাও অসম-মণিপুৰ সীমান্তত জিৰিবামৰ আৰক্ষী অধীক্ষক ৰবিনচন সিং আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা এক বৈঠকত মিলিত হয় ।
লগতে পঢ়ক: মণিপুৰত হিংসাৰ জুই; অসম সীমান্তত সষ্টম পহৰাদাৰ
জিৰিবামৰ উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ যাতে সীমান্তৰ কাছাৰত নপৰে তাৰবাবে দুয়োগৰাকী আৰক্ষী অধীক্ষকৰ মাজত দীৰ্ঘ সময় ধৰি বৈঠক হয় । বৈঠকৰ পাছত কাছাৰৰ আৰক্ষী নোমাল মাহাত্তাই কেমেৰাৰ সম্মুখত কয়, ‘‘কাছাৰৰ সীমান্তত হৈছে মণিপুৰৰ জিৰিবাম জিলা । এই জিৰিবাম জিলাত যোৱা কেবাদিনো ধৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে । জিৰিবামৰ এই উত্তপ্ত পৰিস্থিতিৰ প্ৰভাৱ যাতে অসমৰ কাছাৰত নপৰে তাৰবাবে সীমান্তত কাঢ়া দৃষ্টি ৰখা হৈছে । স্থলপথ আৰু নদীপথত কাছাৰ আৰক্ষীয়ে টহল দি আছে ৷’’
যদি কোনো দুষ্কৃতিকাৰীয়ে মণিপুৰৰ পৰিস্থিতি কাছাৰত সৃষ্টি কৰিব বিচাৰে, তেনেহলে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নী প্ৰদান কৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই ৷
আনহাতে মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ মণিপুৰৰ জিৰিবামৰ আৰক্ষী অধীক্ষক ৰবিনচন সিঙে কয়, ‘‘যোৱা কেবাদিনো ধৰি জিৰিবামৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল যদিও এতিয়া জিৰিবামৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে ৷ অসম-মণিপুৰ সীমান্তত কাছাৰ আৰক্ষীৰ সহযোগত চোকা নজৰ ৰখা হৈছে ৷ কোনো যাতে অঘটন সংঘটিত নহয় তাৰবাবে যুটীয়াভাৱে অসম আৰু মণিপুৰ আৰক্ষীয়ে কাম কৰি আছে ৷’’ সীমান্ত অঞ্চলত কাছাৰ আৰক্ষীয়ে মণিপুৰ আৰক্ষীক যথেষ্ট সহায় সহযোগিতা কৰি আছে বুলিও মন্তব্য কৰে জিৰিবাম আৰক্ষী অধীক্ষক ৰবিনচন সিঙে ৷
লগতে পঢ়ক: মণিপুৰৰ হত্যাকাণ্ডই জ্বলাইছে কাছাৰ