ETV Bharat / state

এফালৰ পৰা শেষ কৰি গৈছে খহনীয়াই, কান্দোনত ভাগি পৰিছে ভুক্তভোগী - Massive Erosion

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 5:43 PM IST

Erosion at Srijangram: গৰাখহনীয়াৰ কবলত মাটি-ভেটি হেৰুৱাই কান্দোনত ভাঙি পৰিছে গৃহহীন পৰিয়াল ৷ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে স্কুল, খেলপথাৰ, ৰাস্তা, বজাৰ, মছজিদ-মন্দিৰ আদি ৰাজহুৱা প্ৰতিষ্ঠানলৈ ৷

MANAS RIVER EROSION
বান আৰু খহনীয়াৰ তাণ্ডৱ (ETV BHARAT ASSAM)

মানিকপুৰ, 19 জুন : বান-গৰাখহনীয়াই জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া বান আৰু খহনীয়াৰ তাণ্ডৱ ৷ বান-খহনীয়াই নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ ৷ ইতিমধ্যে বছৰৰ দ্বিতীয়টো বানত প্লাবিত হৈছে ৰাজ্যৰ শ শ গাঁও ৷

গৰাখহনীয়াই জুৰুলা কৰিছে ৰাইজক (ETV BHARAT ASSAM)

ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত সৃজনগ্ৰাম সমষ্টিৰ জপেয়া কালিকুৰা নাৰাৰভিটা অঞ্চলত মানাহ নদীৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ ৷ সৃজনগ্ৰাম সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীয়ে বছৰ বছৰ ধৰি এই অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ এই বছৰো নদীৰ পানী বাঢ়ি অহাৰ লগে লগে গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে অঞ্চলটোত ৷ গৰাখহনীয়াৰ কবলত মাটি-ভেটি হেৰুৱাই কান্দোনত ভাঙি পৰিছে গৃহহীন পৰিয়ালে ৷

লগতে পঢ়ক : গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024

ইতিমধ্যে অঞ্চলটোৰ 5 টাকৈ পৰিয়ালৰ ভেটি-মাটি নদীৰ বুকুত জাহ গৈছে ৷ ঘৰৰ চালি মূৰত লৈ নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগী লোকসকল ৷ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বি টি এম ক্লাব, স্কুল, খেল পথাৰ, ৰাস্তা, বজাৰ, মছজিদ-মন্দিৰ আদি ৰাজহুৱা প্ৰতিষ্ঠানলৈ ৷ বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে কেবাখনো ৰাজহ গাঁও ৷ ইয়াৰ পিচতো স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰে ভুক্তভোগীৰ কাষত উপস্থিত হৈ তেওঁলোকৰ দুখ-দুদৰ্শাৰ বুজ লোৱা নাই বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি এই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত তিনিটা বছৰত সামান্যতমো চেষ্টা নকৰিলে বিধায়কজনে ৷ এনে পৰিস্থিতিত বিধায়কজনৰ স্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে অতি শীঘ্ৰেই এই সমস্যা সমাধান কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.