যোৰহাট: সাৱধান ! আপুনি পথেৰে নিশা খোজকাঢ়ি যাওঁতে বাটৰ কুকুৰৰ পৰা সাৱধান হওক । কাৰণ এজাক কুকুৰৰ আক্ৰমণত হ'ব পাৰে মৃত্য়ু ! এনে এক ঘটনাই সংঘটিত হৈছে যোৰহাট নগৰৰ বৰপুল গোঁহাই টেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত । মঙলবাৰে দুপৰনিশা পথত থকা এজাক কুকুৰৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এই লোকজনে ওৰেনিশা অসহায় অৱস্থাত যন্ত্ৰণাত চটফটাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।
কোনো লোকে জ্ঞাত নাছিল যে কুকুৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ অসহায় অৱস্থাত পৰি আছে এজন লোক । পুৱা কোনো স্থানীয় লোকে এই আঘাতপ্ৰাপ্ত ব্য়ক্তিজনক প্ৰত্য়ক্ষ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় । কিন্তু নিয়তিৰ কি পৰিহাস ! এই লোকজনে হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই শেষ নিশ্বাস ত্য়াগ কৰে । মৃত লোকজনৰ নাম ইছলাম উদ্দিন লস্কৰ (৫০)।
মৃত লোকজনে যোৰহাটৰ গোঁহাই টেকেলাত ভাৰাঘৰত থাকি ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল । তেওঁৰ ঘৰ হাইলাকান্দিত । ৰাজমিস্ত্ৰী হিচাপে কাম কৰা ইছলাম উদ্দিন লস্কৰে সোমবাৰে দুপৰ নিশালৈকে কোনো স্থানত কাম কৰি ভাৰাঘৰলৈ উভতি যাওঁতে কুকুৰৰ এটা জাকে লোকজনক আগুৰি আক্ৰমণ কৰে ।
এনে ঘটনা যোৰহাটত নতুন নহয় ৷ উল্লেখ্য যে যোৰহাটৰ বিভিন্ন স্থানৰ কেইবাটাও পথত দ্ৰুতগতিত কুকুৰৰ বংশবৃদ্ধিয়ে ৰাইজক আতংকিত কৰিছে । কুকুৰৰ আক্ৰমণত ইয়াৰ পূৰ্বেও কেইবাজনো লোক গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈছে ।